জীৱনৰ খৰমানত জী উঠে
এটি স্বপ্ন বিহীন প্ৰাণৰ কাতৰ;
এঙাৰ হৈ জংগম হোৱা
এমুঠি কথকতা,
ৰৈ যোৱা কিম্বা আধৰুৱা...।
-
🖤কবিতা, নাটক, অভিনয়, গীত, সাহিত্য সুৱাসৰ প্ৰিয়া🖤
💚প্ৰকৃতি, বিহংগ আৰ... read more
আউলী-বাউলী ভাৱনা এটাই ডুব মাৰেহি
ঘন এন্ধাৰত নিতালে থকা
এটা পুৱাৰ বুকুত।
ৰৈ যোৱা কথাৰ পাক খুলি বৈ যায়
জীৱনৰ আশাময় সোঁতত।
-
পাৰিলে পোহৰ অলপকে ধাৰলৈ দিবা
এন্ধাৰত ডুব যাব নোৱৰাকৈ সযতনে ৰাখিম
আধা জীয়া, আধা লিখা কাহিনীটো.....
-
মায়া মায়া আৱৰণ এটাই ধৰি থাকে আকাশখন;
ডুব মাৰিব পৰাকৈ এন্ধাৰবোৰ ঘন নহ'লেও
উৰিব পাৰি এটা ফিনিক্স চৰাই হৈ,
এবুকু ভাবনা লৈ;
"নিয়ন লাইটৰ ধূসৰ এন্ধাৰক পাৰিনে ভাল পাব?
যদি পাৰি এয়াই নেকি ভাল পোৱা!"
-
নিসংগতাৰ বতাহজাকত
আধা গলা মমডাল হাতত লৈ
এয়া কিহৰ প্ৰত্যাশা
কিম্বা
হতাশা...?-
কিছুমান বিভিষিকাই বুকুখন দহাই থৈ গুচি যায়
বুকুৰ বিষটো ডিঙিলৈকে উজাই আহে
নিসংগতাৰ ৰচী এডালে মেৰিয়াই ধৰে
চকুৰে পানী বৈ আহিব নোৱাৰাকৈ বেৰা এখন বান্ধে
জীৱনটোক কয়;
তই জীৱন, জীব লাগিব এসোপা চকুলো বান্ধি হাঁহি আঁকি..... ।-
সুৰুকীয়া বাটটিৰে
ধীৰে-ধীৰে তেওঁ
হেৰাই গৈছিল ।
ক্ৰমশঃ,
নীলাবোৰৰ পৰা সেউজীয়াবোৰ
আঁতৰি গৈছিল;
এখন নেদেখা নদীৰ সিটো পাৰলৈ ।
-
সাৰে ৰই নিশা এটি
ছায়াংকৰ নিজান বুকুত।
কবিতাৰ কথা হৈ, গীতৰ সুৰ হৈ,
নানান কাহিনীৰ নিৰৱ সাক্ষী হৈ।
এবাৰ চুই চালোঁ,
উফ্!
ভৰি গ'ল কলিজাটো
জোনাকৰ ৰঙেৰে।
©জু✨
-
মৰমৰ আবিৰ সানি তাই এটি প্ৰিয় নাম।
শব্দৰ ৰহণ সানি তাই
আঁকি যায় অনুভৱৰ ছবি মঞ্জুল,
গীতৰ তালে তালে নাচে,হালে-জালে
পখিলা জনী হৈ।
মৰম লগা মুখনি তাইৰ
প্ৰতিফলন নিভাঁজ মনটিৰ ।
তাই আমাৰ লিচাপৰ্ণা
মৰমতে মাতো তাইক লিচুমইনা।
ওপজাদিনৰ শুভকামনা নিবেদিলোঁ অশেষ, দিলোঁ মৰম হিয়াভৰা।
দুখক জয় কৰিব পৰাকৈ সুখৰ তালে তালে গতি কৰক তোৰ জীৱনে,
ৰামধেনুৰ সাতো ৰং দুগালত সানি হেঁপাহ বৰণীয়া হৈ যা খোজে খোজে।
সফলতাৰ হাতত ধৰি আগুৱাই যা জীৱন বাটত।
সপোন প্ৰাপ্তিৰ ৰঙীণ ফুলপাহি ফুলি উঠক তোৰ হৃদয়ৰ মাজত।
নতুন বছৰটিৰ নতুন ৰ'দজাকে দি যাওঁক আগন্তুক দিনৰ সফলতা, সুখৰ আশীষ।
ধুনু-ধুনু হাঁহিটি সদায় লাগি থাকক তোৰ দুটি ওঁঠৰ ভাঁজত।
সদায় ভালে থকাৰ অলেখ শুভকামনা।
"ভাল লগাবোৰ হৃদয়ত বান্ধি সদায় জীপাল হৈ থাক;
সেউজীয়া-নীলাই সানি দিয়া সপোনৰ প্ৰেয়সী হৈ থাক আজীৱন;
আঁকি যা অনুভৱৰ সেই ছবি হৃদয়স্পৰ্শী, মন জুৰণিয়া।
ভালে থাক প্ৰিয় সখী।"
পুনৰ শুভ জন্মদিন লিচু
মৰম মৰম হৃদয়ৰ নিভাঁজ মৰম।
-মৰমেৰে জু
-