হেৰাই গ'ল ! এটি উজ্জ্বল নক্ষত্র
বৰ দুখ লাগিছিল সেইদিনা !
আমাৰ শ্ৰদ্ধাৰ হোমেন বৰগোহাঞি ডাঙৰীয়া
আমাৰ পৰা হেৰাই যোৱাৰ দিনা ...
অপ্ৰত্যাশিতভাৱে শুনিলো
তেওঁৰ মৃত্যুৰ শোকবাণী ;
বিশ্বাসেই হোৱা নাছিল
বাতৰিত কোৱা শুনি ।
কিয় বাৰু উজ্জ্বল নক্ষত্র এটি
আমাৰ মাজৰ পৰা হেৰাই গ'ল ?
এতিয়া তেওঁলৈ মনত পৰিলে
অসমবাসী শোকত ম্ৰিয়মান হৈ পৰে অ' !
অতি ৰসাল , তত্ত্বগধূৰ মনৰ
সাহিত্য জগত চহকী কৰা ব্যক্তিজন !
হেৰাই গ'ল চিৰদিনৰ বাবে
আমি ক'ব নোৱাৰাকৈ ।
এতিয়াও 'বাৰ-ওঠৰ'খন দেখিলে
মনত পৰে তেওঁলৈ .....
- Barasha moni Devi-
ভাষাৰে বুজাব নোৱাৰা এক আৱেগৰ অনুভূতি.....
যʼত কোনো শব্দৰেই প্ৰকাশ নহয়.....
প্ৰকাশ হয় জীৱনৰ প্ৰতিটো মূহুৰ্ত
নীৰৱ আৱেগেৰে সজা এক নিৰৱ বন্ধুত্ব 🌝
নিসংগতাৰ প্ৰতিপল, প্ৰতিক্ষণ
আৱেগ প্ৰকাশৰ একমাত্ৰ লগৰী
কেৱল মই আৰু মোৰ ডায়েৰী ।
নতুন বছৰত এখন নতুন ডায়েৰী
সজীৱ কৰি ৰাখিম
প্ৰতি দিনৰ মনৰ অনুভূতি খিনি ।-
৲ সোৱৰণিৰ পৃষ্ঠাবোৰ ৴
তেনেদৰেই পৰি থাকিব দিয়ক ॥
ভূলতেও উঠোৱাৰ প্ৰচেষ্টা নকৰিব
নহ'লে তেওঁৰ দৰেই হয়তো
আপোনাৰো হাতখন ক্ষয় যাব ॥
-
এতিয়াও কেতিয়াবা মনটো উৰা মাৰে এৰি অহা সেই দিনবোৰলৈ... সময়বোৰটো আৰু ধৰি ৰাখিব নোৱাৰি, নিচেই আপোন মানুহবোৰকো আজিকালি চিনিব নোৱাৰি... এটা সময় আছিল যেতিয়া নেকি আবেলি সময় খিনিলৈ অধীৰ অপেক্ষা কৰা হৈছিল..., আৰু এতিয়া এই আবেলি যাতে সোনকালেই শেষ হওক সেয়াই কামনা......
ভাললগাবোৰ হৈ পৰে বিষাদিত হৃদয়ৰ কবিতা, সময়বোৰ চোন কিবা অভিশপ্ত নিষ্ঠুৰতা...
মবাইলৰ গেলেৰীত হে আছে এতিয়া সম্পৰ্কবোৰৰ আন্তৰিতা, ভালপোৱা অত্যাধিক আছিল যে.... সেয়ে হয়তো
আজি...........
তথাপি নিজকে সুখী দেখুওৱা অভিনয় খনত সিহত দুয়ো বিজয়ী.....-
নিৰ্জন নিশাটোত
দুচকুত নিদ্ৰাই
লুকাভাকু খেলি
উষ্ম চুমাৰে শিহৰণ
তুলি যায়।
তেতিয়াই,
স্তব্ধ ৰাতিৰ নিৰ্জনতা ফালি
তোৰ সোঁৱৰণিয়ে মৌনতাৰে
চুমা দি যায়।-
সোঁৱৰণি নামৰ ডায়েৰীখনৰ
বিষলগা শ্বায়েৰীবোৰ পঢ়িব নোখোজোঁ মই,
প্ৰতিশ্ৰুতিবোৰৰ অপমৃত্যুত
বিষাদৰ ৰাগ হৈ উঠা
মিঠা মিঠা কবিতাবোৰৰ ছন্দত
আকৌ এবাৰ সপোন দেখিব নোখোজোঁ মই…
তুমি ভালে থাকা,
ধূসৰ স্মৃতিৰ কুৱলীবোৰ আতৰাই
এসোপামান বিষাদৰ ৰং গুজিবলৈ
তোমাক লৈ আৰু
ছন্দ নোহোৱা কবিতা
লিখিব নোৱাৰোঁ মই…-
তাই যেতিয়া হাঁহিছিল
নজনাকৈয়ে তাইৰ কাষ চাপি গৈছিলো, নৈ খনৰ পাৰত তাই নিশ্চুপ হৈ বহি আছিল,নৈ খনৰ আনটো ঘাটলৈ চাই তাইৰ কাষতে বহো নবহোকৈ বহিছিলো, কিবা ক'ব খুজিছিল তাই.! প্ৰায়ে তাইৰ কজলা চকুজুৰি থৰ লাগি চাইছিলো, তাই সোধে কিবা এটা উত্তৰত কও কিবা এটা, পুনৰ নিশ্চুপ হৈ ৰও, তাই কৈছিল, "উদাস নহ'বি, এতিয়াও সময় আছে তোৰ ওচৰত, জীৱনৰ যুঁজখনত সহজে হাৰ নামানিবি ,পোৱা নোপোৱাৰ দোমোজাত নিজক হেৰুৱাই নেপেলাবি, সকলো ঠিক হৈ যাব।" তাই তেনেকৈ কৈ গুচি গৈছিল আৰু নেদেখা হোৱালৈকে মই চাই ৰৈছিলো, ভাবি পোৱা নাছিলো তাই কি ক'ব বিচাৰিছিল..কোনেও নজনা অনুভূতি নে শব্দৰে বুজাব নোৱাৰা অনুভৱ...
ডিচেম্বৰ মাহ শীতে গাৰ নোম শিঁয়ৰাই তোলা ৰাতিপুৱা এটিত তাইক বিদায় দিবলৈ চিনাকি এয়াৰপর্টটোলৈ গৈছিলো, সপোনৰ চহৰখনলৈ যাবলগীয়া বিমানখনত উঠি বিদায় লোৱাৰ আগমূহুৰ্তত তাইৰ চকুলো আৰু অভিমানভৰা মুখনিয়ে মোক বুজাই দিছিল তাই ক'ব খোজা কথাবোৰ আৰু তাইও উৰা মাৰিছিল সাত সাগৰৰ সিপাৰে জীৱনৰ নতুন সংজ্ঞা বিচাৰি...
এতিয়াও কোনোবা পল অনুপলত যেতিয়া তাইৰ মিঠা স্মৃতিবোৰে হেচুকি থৈ যায় তেতিয়া নিজকেই হাঁহি কও, "তোৰ প্ৰেমৰ তাই প্ৰথম খোজ, ভালপোৱাৰ প্ৰথম সোৱৰণি, সেই প্ৰথম খোজ তই কেতিয়াও পাহৰিব নোৱাৰিবি আৰু সোৱৰণিবোৰ আলফুলকৈ সাৱটি ৰাখিবি"...-
আতৰি থকাৰ বহু দিনেই হল চোন
কেতিয়াবা অনুভৱ কৰিছা জানো অনুপস্থিতি
নাই ন....................
কেতিয়াবা আবেলি হঠাৎ
অহা বৰষুণ জাকত তি্তি্ চাবা চোন,
তাৰ টোপালবোৰত হয়তো মই থাকিম !!-