হৃদয়খনি এতিয়া
অনাকাংক্ষিত যন্ত্রণাত ভাৰাকান্ত,
য'ত কেৱল শূন্যতাই বিৰাজ কৰে।।
হাজাৰ আলাপৰ অন্ততো বহু কথাই থাকি যায় ....
আচম্বিতেই হৃদয় খন বিদ্ৰোহী হৈ উঠে।।
মৌনতাৰ আৱেষ্টনিত আৱদ্ধ হৈ ৰ'ব খোজে
প্ৰতি পল - অনুপল।।
কাৰোবাক আপোন কৰাৰ হাবিয়াসত
নিজস্বতাত ঘূণে ধৰে ....
আপোনজনৰ সংগ বিচাৰি
ক'তজন নিসংগতাৰ প্ৰেমত পৰে....
য'ত পোৱা-নোপোৱাৰ খেল খনত
প্ৰাপ্তিৰ নামাকৰনত বাস্তৱতা সাক্ষী থাকে
অথচ অপ্ৰাপ্তিতো সফলতাই হাঁহে ।।
জোনাক নিশাৰ জোনাকী জনীয়েও
উজাগৰে মৌনতাৰ ঠেহ ভাঙে ....
ঠিক অজ্ঞাতেই।।
--- বৰ্ণালী বৰা 🌈
-
কেৱল মনৰ ভাৱ বোৰ প্ৰকাশ কৰাৰ সামান্য চেষ্টাহে মাথ... read more
আপোনাৰ সৈতে একপক্ষীয় প্ৰেমৰ
বাৰ্তালাপত সমূলি ইচ্ছা নাই ,
কিন্তু কি কৰিব;
ভাল পোৱাবোৰ জটিল বাবেই
যিকোনো মূহুৰ্ততে অনিচ্ছা স্বত্ত্বেও
আপোনাৰ অৱহেলাত অৱহেলিত হৈ ৰও।।
_বৰ্ণালী 🌸-
"মই নষ্ট"
চমুকৈ ব্যৰ্থ - ঠিক ভ্ৰষ্ট ।
এৰা, একেই সময় একেই প্ৰস্তাৱ ;
নাই-নাই
আকৌ নক'ব মোক প্ৰেমত পৰিবলৈ
কিয়নো আপোনাৰ প্ৰেমত হিয়া উজাৰি
সৰ্বোচ্চ দিবলৈ মই অসমৰ্থ।।
আপোনি আপোনাৰ ভাৰ্চুৱেল পৃথিৱীলৈ
মোক নাতানিব,
সীমাবদ্ধ থাকক আপোনি ; আপোনাতেই
কিয়নো মই পূৰ্ণ হও মোতেই 😇 ।।
🍁বৰ্ণালী বৰা
-
"হয়তো"
মনৰ ভাৱনাত
এদিন তোমাক লগ পাম.....
এপলকৰ বাবে হলেও
দুই ওঠৰ স্নিগ্ধ হাহিঁত ভুল যাম ।।
স্মৃতিৰ শেতেলিত তুমি মোৰ হৃদয়লৈ
যেতিয়াই জোনাক হৈ নামি আহা ,
তোমাৰ আগমনত ক্ৰমশঃ
ধূসৰিত হৃদয়ৰ আধৰুৱা সপোনজাকে
প্ৰাণ পাই উঠে।।
ৰঙা গোলাপৰ কলিৰ দৰেই
মৰহিব খোজা হৃদয়খন ,
পুনঃ প্ৰাপ্তিৰ আশাত নতুনকৈ শিপাই
তোমাৰ দুচকুৰ নীলাভ চাৱনিত
নিঃসন্দেহেই মই নামৰ সত্ত্বাটোও গলি যায় ।।
-
আপোনাৰ উপস্থিতিত বহু কথাই অকথ্য ।।
নাজানো কিয়...
নিসংগতাৰ কোলাহলত
অনুভৱবোৰেও স্থিতি হেৰুৱাই ।।
কাহানি ক্ষান্ত হৈ ৰ'ব খোজে,
হৃদয়ৰ বেবেৰিবাং শব্দৰ প্ৰতিধ্বনি ।।
সময়ৰ সোঁতত হেৰুৱাই আছো
প্ৰতিটো অতিত...
অথচ প্ৰতাৰণাই জুৰুলা কৰা হৃদয়খনত
বিয়পিছে তৃপ্তিৰ ৰেঙনি ।।
আবেগ মিশ্ৰিত সপোনৰ সমাধিত
অৱহেলিত দিঠক...
সেই সপোন আজি ধূসৰিত/
আবেগবোৰো এতিয়া বন্দীত্বৰ জালত আবদ্ধ ।।
হৃদয়ৰ কেনভাচত পুনঃ প্ৰতাৰণাৰ ৰং বোলাই
সেই প্ৰেমো আজি স্তব্ধ ।।
✍বৰ্ণালী বৰা
-
বিষন্ন গধূলিৰ কোলাত
বতাহজাকৰ সৈতে আপোন আলাপ,
সন্মুখ সমৰত নৈখনে সুবাসেৰে
দুয়োপাৰ উপচাই পেলাইছে ।।
সংগতাৰ নামত শূণ্যতাৰ বিৰাজমান
ক্ৰমাত চৌদিশ নিসংগতাই ছানি ধৰিছে ।।
শূণ্যতাৰ পৰাই এই যাত্ৰাৰ আৰম্ভণি
নাজানো কিহৰ দিশে ধাৱমান হৈছো ,
মাথো নিৰন্তৰ গতিৰে আগবাঢ়িছো...
লক্ষ্যস্থান এতিয়া মোৰ সপোনৰো অগোচৰ ।।
চৌপাশ অন্ধকাৰ :
তথাপিও হেপাঁহবোৰে অকাতৰেই
বুকুত খোপনি পুতিছে ।
বহুদূৰ অতিক্ৰম কৰিছো ,
অন্ধকাৰ বাটেৰে এটা গলি এৰি
অন্য এটা গলিত সোমাই পৰিছো ।।
উস্ ..... অন্ধকাৰ গলিৰ কিযে অকটা গোন্ধ !
তাৰ মাজতেই বিলীন হৈছো ,
অথচ নিজকেই অন্ধকাৰত খেপিয়াই ফুৰিছো ।।
✍বৰ্ণালী বৰা
-
"হৃদয়ৰ ডায়েৰী"
হৃদয়ৰ কেনভাচত
এতিয়া আপোনাৰ সঘনে আহ যাহ,
আপোনাৰ আগমনত
ক্ৰমান্বয়ে স্বাভাৱিক হৈ উঠে
বাসনাত চিঞৰি উঠা
মোৰ ৰুগ্ন হৃদয়ৰ আৰ্তনাদ ।।
ক্ৰমাৎ ......
হৃদয়ৰ নিভৃত কোণত থাহ খাই থকা
দুখবোৰ সুখ হৈ অংকুৰিত হয় আৰু
ক্ৰমান্বয়ে সপোনৰ সমাধিত
আশাৰ বীজবোৰে গজালি মেলে ।।
আপোনাৰ উপস্থিতিত
আচম্বিতেই বাঢ়িব খোজে
মোৰ হৃদয়ৰ স্পন্দন,
ঠিক অব্যক্ত সুৰৰ
এক স্পন্দন ।।
✍বৰ্ণালী বৰা
-
"এটি উকা পৃষ্ঠা "
য'ত ঘটিছে শব্দৰ অযুত সমাহাৰ ...
আচম্বিতে শব্দ বোৰে ৰং সলাইছে ...
যেন নানাৰঙীণ শব্দই মেলা পাতিছে ...
কলমেৰে নিগৰিব ধৰিছে ...
অনুভৱৰ এজাক বন্যা ...
ক্ৰমশ: জাগ্ৰত হব খুজিছে ...
অতদিনৰ সুপ্ত চেতনা ...
ঠিক হৃদয়ত পুহি ৰখা ...
অন্য এক বিযাদকাতৰ যন্ত্ৰণা ।।
_বৰ্ণালী🌺
-
🍃 আপোনাৰ অনুপস্থিতিত
হাজাৰ কোলাহলৰ মাজতো মৌনতা
যেন এক অব্যক্ত শূণ্যতা 🍃
_বৰ্ণালী বৰা-
গোলাপেই যদি প্ৰেমৰ শুভ্ৰতাৰ প্ৰতীক...
তেনেহ'লে এপাহ গোলাপ আপোনাৰ নামত....
সজতনে ৰখাৰ দায়িত্ব আপোনাৰ.....-