শিৱানী বৰুৱা   (শিৱানী বৰুৱা)
956 Followers · 298 Following

read more
Joined 13 April 2021


read more
Joined 13 April 2021

ক'ৰবাত পঢ়িছিলো সপোনৰ গৰ্ভপাত অপৰাধ!
ঠিক তেনেদৰে সপোন নেদেখাটোও অপৰাধ।
আৰু পঢ়িছিলো সপোন দেখাঁ জীৱনে কেতিয়াও নিজিৰাই।
কেতিয়াবা কেতিয়াবা ময়ো সপোন দেখোঁ,
মই মোৰ দৰে হ'ব বিচাৰোঁ,
মোৰ পৰা মইক কেতিয়াও আঁতৰি যাব দিব নিবিচাৰোঁ।
মই শিপাৰ দৰে হ'ব বিচাৰোঁ
প্ৰতিজোপা হাউলি পৰা গছক
খামুচি ধৰি আকৌ জীয়াই তুলিব পৰাকৈ।
কেতিয়াবা আশাও কৰোঁ।
যেতিয়া সময় হয় নিজে নিজক মোহাৰি দিওঁ।
হয়তো জীৱনলৈ ভয় জাগে
যদিহে জীৱনে কয় তুমি অপতৃণ
উভালি লৈ যোৱা তোমাৰ শিপা!
শুকান হৈ পৰা হৃদয়খনক
আকৌ এবাৰ সেউজীয়া কৰাৰ উপায় মোৰ নাই।

-



সময়!
ৰহস্যৰে আবৃত এক অদৃশ্য খেল সময় ।
অদৃশ্য অথচ্‌ গভীৰ,
ইয়াৰ নিৰৱ নৃত্যত সমগ্ৰ পৃথিৱী বন্দী।
য'ত আঙুলিৰ মাজেৰে মুহূৰ্তবোৰ সৰকি যায়,
আৰু স্মৃতিবোৰ ম্লান হৈ বৈ যায় ।
ইয়াৰ প্ৰতিটো মুহূৰ্তই এটা খোজ,
প্ৰতিটো চেকেণ্ডেই এখন নাটক।
ঘণ্টাৰ লেবিৰিন্ঠণত আমিবোৰ উটি-ভাহি ফুৰো ।
সময় ৰহস্যৰে আবৃত এক অদৃশ্য খেল।
যি সৌভাগ্যৰ প্ৰতিও চিন্তা নকৰে,
খ্যাতিৰ প্ৰতিও চিন্তা নকৰে,
ই স্থিৰ গতিৰে আগবাঢ়ি যায় ।
কেতিয়াও ইয়াৰ গতি লেহেমীয়া নকৰে।
যিজনে এই খেলত জয় লাভ কৰে
তেওঁৰ জীৱনৰ কেনভাছত ই গৌৰৱৰ ৰং কৰে।
সময়ৰ এই অদৃশ্য খেলখনেই
আমাৰ বাবে একমাত্ৰ সুযোগ দিয়ে ।
সেয়া জীয়াই থাকিবলৈয়ে হওক বা
ভাল পাবলৈয়ে হওক ;
হাঁহিবলৈয়ে হওক বা
সপোন দেখিবলৈয়ে হওক ।।

-




কেতিয়াবা মোৰো মন যায় অব্যক্ত সুৰৰ এটি কবিতা লিখিবলৈ ।
কিন্তু , কবি যে নহ'লো মই !

তথাপিও জানিব মন
কবিয়ে বাৰু কেনেকৈ লিখে কবিতা ?
কলিজাৰ কেঁচা তেজেৰে কেনেকৈ পখালি লয় কাপটো ?
কেনেকৈ বাৰু কলমে নিগৰাই দিয়ে
অকথিত ওজনৰ ভৰ , টোপাল টোপাল কৈ ?

কবিৰ সূক্ষ্ম হাতৰ কোলাত কেনেকৈ উমলে আৱেগে ?
কেনেকৈ নিথৰ হৈ থকা মুহূৰ্তবোৰতো
লৌকিক আৰু সৌন্দৰ্য্যৰ জোৱাৰৰ পৰা এজাক সপোন সৰে?
কবিয়ে বাৰু কবিতা কেনেকৈ লিখে ?

সেইদিনা জুহালত বহি আইয়ে শিকাইছিল ,
হ'ব পাৰে কবিতা , কল্পনাৰ এডাল দীঘল সূতা,
তথাপিও
লিখো বুলি ক'লেই
লিখিব পাৰি জানো কবিতা ?

কিন্তু ,ক'ত নাই কবিতা ...
মৰতৰ প্ৰান্তে প্ৰান্তে ....সিঁচৰতি হৈ আছে কবিৰ কাব্যিকতা ।
কবিতাৰো যে আছে এটি বিশেষ ভাষা ।
য'ত নিৰৱ শব্দবোৰে বিছাৰি পায় ছন্দ লহৰৰ ঠিকনা।

শ্ৰৱণৰ তৃপ্তিৰে, উৎকৃষ্ট শব্দৰ উপযুক্ত বিন্যাসেৰে
শব্দৰ ঢৌ বোৰে হৃদয়ত হিল্লোল তোলে ।
হয়তো কবিতাই ইয়াৰ পৰা পৃথিৱীলৈকে
এনেকৈয়ে পথ নিৰ্ধাৰণ কৰে।

-



সূৰ্য্য যেতিয়া ভাগৰুৱা হৈ শুই পৰে
তেতিয়াই নিশা আহে
শীতল চন্দ্ৰৰ পোহৰৰ সৈতে...|

-



ডাৱৰৰ আঁৰতেই থাকে নতুনৰ ৰ'দালি
_______________________________________
ভাগৰুৱা দেহটো এদিন
আকৌ ভাগৰি পৰে ।
য'ত পোহৰবোৰ
হাতৰ মুঠিত বন্দী হৈ থাকে
তাতেই আন্ধাৰবোৰে
নতুনৰ কাহিনী ৰচে ।
সেই কাহিনীৰ আঁৰতো
হেজাৰ কাহিনী থাকে
য'ত হেপাহবোৰ শুন্যত উলমি থাকে
সপোনবোৰ উজাগৰি নিশা
পোৱা-নোপোৱাৰ দোমোজাত দুলি থাকে।
মনান্ধাৰৰ তাচ্ছিল্যতাত তেতিয়া শুনা পাও
সপোন অস্তৰাগৰ হাহাকাৰ
নামি অহা আন্ধাৰত হেৰাই যোৱা
এটি গানৰ সুৰৰ কণ্ঠনিনাদ ।
হাজাৰ প্ৰশ্নৰ ইতিহাসত
নিৰুত্তৰ হৈ পৰে সেই বাস্তৱ ।
য'ত পোহৰবোৰক
কেনভাচত সামৰি ল'ব নোৱাৰি
আন্ধাৰবোৰ প্ৰিয় কৰি লোৱাৰ
অযুহাত এটা থাকে হাতত ।
কল্পনাবোৰে তাতই এদিন শিপা মেলে
কিন্তু...সময়ে তাক আগভেটা দি
দৰ্শনৰ এটি বীজ তাত সিঁচি দিয়ে ..
অকলশৰীয়া বুলি কলেও
কেতিয়াও যে অকলশৰীয়া নহয়;
অথচ..গোটেই পৃথিৱীয়ে চাই ৰয়
ফুলবোৰ তাতহে ফুলি ৰয় ।।

-



.

-



মৌনতা...!
ছন্দোময় জীৱনৰ পংকিলতাৰ
এটি দীঘলীয়া কবিতা...🥲
এজাক কলা এন্ধাৰ মানেই ইয়াৰ পূৰ্ণতা
সময় পালে কেতিয়াবা পঢ়িবা 🙂

-



কোনে কাক বুজে ?
কোনে কাৰ হৃদয়ৰ খবৰ ৰাখে ?
এয়াই জীৱন!
চলি থাকিব লাগে __চলি আছে....

-



কেতিয়াবা যদি এটি পৃষ্ঠা সোঁৱৰণিৰ ,
কেতিয়াবা আকৌ
সেই একে অনুভৱ
এখন চিঠিত ll🙂
সময়ৰ তুলাচনীত
অনুভৱী হিয়া খনিত ,
কেতিয়াবা যদি
আমি শুনা পাও
ৰিক্ত বুকুত তিক্ত বাসনা ,
কেতিয়াবা আকৌ
দেখা পাওঁ
স্বপ্ন ভাৱনাৰ বিষাক্ত বেদনা ।।
কবিতা যদি হয়
হৃদয়ৰ ভাষা,
নিজক ভাঙিব নোৱাৰিলে
ই হয় জানো কবিতা ?
পাৰ নাপায় যদি
উচুপে হিয়া
সেই কবিতাই হয়
হৃদয় জীনা ।

-



হৃদয়ত হিল্লোল তোলা অনুভূতিৰ শাব্দিক ৰূপটোৱে হৈছে কবিতা। য'ত প্ৰেম আছে তাতেই কবিতা আছে, য'ত জীৱন আছে তাতো কবিতা আছে ,দেশপ্ৰেমতো কবিতা আছে, ক্ষোভতো যেন কবিতাৰ বাস কৰে। ক'ত নাই কবিতা ! মৰতৰ প্ৰান্তে প্ৰান্তে সিঁচৰতি হৈ আছে কবিৰ কাব্যিকতা ।
আশাৰ পাতত নিতৌ ন ন অনুভৱে কুহি মেলে । ক'ব নোৱাৰা অনেক কথাই পাখি মেলি উৰা মাৰে । সতীৰ্থ সকল, অনুভৱৰ টোপোলাত আৱেগৰ সুৰ ঢালি কবিতাক জীয়াই তোলা তুলা শব্দৰ অভিমান বোৰ সামৰি ।কবিতা আৱহ হওঁক বুকুৱে বুকুৱে হৃদয়ত শিঁহৰিত অনুভৱবোৰ উজ্বলি উঠক প্ৰতিটো দিনে ।
সকলো কবি তথা কাব্য প্ৰেমী লৈ বিশ্ব কবিতা দিৱসৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিলো ।আমাৰ আশা " সদৌ অসম সাহিত্য মঞ্চ" ৰ মজিয়াত নিতৌ নতুন ন ন কবিতাৰ অংকুৰিত হ'ব আৰু পঢ়ুৱৈক আমোদ দি যাব ।


ধন্যবাদেৰে ...
শিৱানী বৰুৱা 
সম্পাদিকা
সদৌ অসম সাহিত্য মঞ্চ

-


Fetching শিৱানী বৰুৱা Quotes