হৃদয়ে নুবুজে…
তোমাৰ কথা নাভাবিবৰ বাবে থকা অযুহাতবোৰৰ কথা,
হৃদয়ে নাজানে,তোমাৰ বাবে কিয় ইমান ভাললগা,...
তুমি লগত থাকিম বুলিলে বাধাবোৰক বাধা দিব পৰাকৈ সাহসী হৈ উঠে মন…
তোমাক লগ পোৱাৰ হাবিয়াসত সাতোৰঙী ৰহণে উপজে বেৰঙী জীৱনৰ প্ৰতিটো পল❤️
ভালপোৱা যে ইমান ভাললগা,
তুমিয়েই শিকালা…
নিমিলা কথাৰ আঁতবোৰ ভাঙি,
ৰৈ নোযোৱাকৈ গৈ থাকিবলৈ,
এতিয়া যে তুমিয়ে ভৰষা❤️-
শেৱালিসনা সন্ধিয়া এটিত আহিবা কেতিয়াবা,
শাৰদী জোনাকৰ তলত,দূবৰিৰ দলিচাত বহি আমি
জ... read more
তোমালৈ সাচোতে সাচোতে,
এইবাৰৰ ফাগুনো যাবৰে হ’ল,
এইবাৰো নহ’ল,
তোমাৰ দুহাতত ধৰি ফাগুন চোৱা,
তোমাৰ নামৰ ৰঙাৰে মোৰ উদাস চহৰ ৰঙীন কৰা,
অহাবাৰলৈ পুনৰ,তোমাৰ বাবে,
সাঁচিলো মোৰ ফাগুন❤️
মদাৰৰ ৰঙা হৈ আহিবা তুমি,
পছোৱা হৈ মোক উন্মনা কৰিবা তুমি,
আমি শিমলুৰ ফুল বুটলি,
ধূলিয়ৰী আবেলি এটাত,
একেলগে প্ৰেমৰ কথা পাতিম,
অহাবাৰ ফাগুনত…
আমি প্ৰেমত পৰিম৷৷❤️-
আপোনাৰ দুচকুৰ গভীৰতাত হেৰাই মোৰ দিনৰ অৱসাদ,
আপোনাৰ হাঁহিৰ আঁত ধৰিয়েই মোৰ আউসী ৰাতিলৈ নামে,আশাৰ জোনাক,
আপোনাক এবাৰ চাবৰ বাবে মোৰ দুচকুৱে হাহাকাৰ কৰি মৰে,
আপোনাক এবাৰ দেখিলেই, বিষাদৰ বৰদৈচিলাই উৰুৱাব নোৱাৰাকৈ হাঁহিৰে মোৰ প্ৰতিটো পল জীপাল হৈ উঠে৷
আপোনাৰ কথা নাভাবিবৰ বাবে এসোপামান অজুহাত আছে,
সকলোবোৰ বাধাক বাধা দি যেতিয়া আপোনাৰ কথা ভাবোঁ,
বহাগৰ দিনবোৰৰ দৰেই,প্ৰতি ঋতুৰ প্ৰতিটো গধূলিত মোৰ বুকুত মৰমৰ তগৰ ফুলে৷
আপোনাক ভাললাগে বাবেই আজিকালি বেয়ালগাবোৰে মোক চুব নোৱাৰে,
আপুনি লগত থাকিম বুলিলে,
মই বিচৰা
মোৰ আকাশখন,
সেউজীয়া উশাহটিৰ বাবে মই হাহাকাৰ কৰিব নালাগে বুলি জীৱনৰ প্ৰতি মৰম জাগে,
উদাস মনত ভাললগাৰ বহাগ নামে,
এলাগী মন পদূলিত চেনেহৰ উজান উঠে……-
এতিয়া ফাগুন,ৰঙীন ফাগুন❤️
আকাশে বতাহে ভালপোৱাৰ সুবাস,
পছোৱাৰ ছেৱে ছেৱে ভালপোৱাৰ গান৷
প্ৰিয় ফাগুন❤️
মোৰ জীৱনৰ “ফাগুন” হিচাপে তোমাক লাগে,
মই উকা হৈ গ’লেও উদাস হ’ব নিদিয়া পছোৱাজাক হ’বা তুমি?
মই শেতাপৰা সৰাপাত হৈ মৰহিব লওঁতেই এচাটি মদাৰৰ ৰং সনা পছোৱাৰে মোৰ অভিমান ভাঙি,ৰংবিহীন মোৰ চহৰত হেপাঁহৰ আৱিৰ সানিবা তুমি?
গোটেই জীৱনৰ প্ৰতিশ্ৰুতি নিবিচাৰো,কিন্তু যেতিয়ালৈ লগত থাকা,
মোক শুই থকা সৰাপাত হ’ব নিদি,আকাশৰ বুকু জ্বলোৱা ৰঙা মদাৰ হ’বলৈ সহাঁৰি জনাবা তুমি?♥️
BE MY ফাগুন,হ’বা?
কাৰণ
ফাগুন শুকান হ’লেও,ফাগুনে,উৰিব শিকায়,জীৱনে লঠঙা কৰিলেও ৰং নেহেৰুৱাকৈ কুহিপাতৰ আশাত জীয়াবলৈ ফাগুনে শিকায়,নথকাৰ দুখবোৰ একাষৰীয়া কৰি সুখী হ’বলৈ ফাগুনে শিকায়♥️
মোৰ “ফাগুন” হ’বা তুমি??
-
এতিয়া ফাগুন অহাৰ কথা,
এতিয়া মদাৰৰ ৰঙেৰে শেতাপৰা বুকু ৰঙা পৰাৰ কথা,এতিয়া পছোৱাৰ ছেৱত হিয়া নাচি উঠাৰ কথা,
এতিয়া পলাশৰ ৰঙা মুখত সানি অভিমান এমুঠিৰে মৰমবোৰ ভগাই লোৱা কথা,
এতিয়া মোৰ নিস্তেজ চহৰত ভালপোৱাৰ ফুল ফুলি উঠাৰ কথা,
ফাগুনৰ ধূলিৰ ওৰণিৰ ফাঁকেৰে তুমি অহাৰ কথা,
মোৰ উকা জীৱনৰ পাতে পাতে মদাৰৰ ৰং সিচা কথা,
ফাগুনতে ক’বলৈ তোমালৈ সাচিছো কিমান কথা❤️-
ভালপাঁও তোমাক,অ’,ভালপাঁও তোমাক৷কোৱা নাই আজিলৈকে,হয়তো ক’ব নোৱাৰিম৷কিন্তু,তুমিও জানা,মোৰ প্ৰতিটো ভাললগা কবিতাৰ সুৰ তুমি,মোৰ প্ৰতিটো ভাললগা কাহিনীৰ প্ৰথম শ্ৰোতা তুমি,মোৰ প্ৰতিটো দিনৰ অৱসাদে জুৰুলা কৰা মুখখনলৈ,প্ৰতি ৰাতিৰ ফোনকলত এধানিমান ভাললগা কথাৰে এটি হাঁহি কঢ়িয়াই অনা মানুহজন তুমি,মোৰ ভাললগা,বেয়ালগা প্ৰতিটোৰে হিচাপ ৰখা মানুহজন তুমি,“তোমাক তোমাৰ দৰেই মোৰ ভাললাগে” বুলি মোক সলনি নোহোৱাকৈ,নিজক ভালপাবলৈ শিকোৱা মানুহজন তুমি,“কিয় নোৱাৰিবা,মই আছোঁ নহয়”বুলি মোক হাৰি যাব নিদিয়া মানুহজন তুমি৷
অ’ তুমি,মোৰ উকা জীৱনৰ আহে আহে এধানিমান ৰঙা মদাৰৰ ৰং সিচি দিয়া মানুহজন তুমি,
তোমাৰে মোৰে নিমিলা অঙ্কবোৰো মিলাই ল’ম বুলি ক’ব পৰা মানুহজন তুমি❤️
ভালে থাকিবা সদায়৷
মই আছোঁ,থাকিম😊-
মৰমৰ,
মন কৰিলেই মইয়ো বিলীন হ’ব পাৰো তোমাৰ ভালপোৱাৰ গভীৰতাত,মাথোঁ ভয়,যদি মনৰ বাতৰিবোৰ ফুলৰ পাপৰি হৈ মৰহি হেৰাই যায়,মই অতদিনে আলফুলে যতনে সাচি ৰখা তুমি তুমি লগা মোৰ উকা ৰাতিৰ উমাল কবিতাবোৰে যদি অনাদৰত ছন্দ হেৰায়,তুমি ক’লেই মই হৈ চাব পাৰোঁ,তোমাৰ আকাশখন,কিন্তু তুমি যদি নদীখনৰ দৰে আবেলিৰ ৰ’দালিৰ দোমোজা পোহৰত মোক এৰি কোনোবা চকুৰে নেদেখা সাগৰত গৈ বিলীন হোৱা…এই ভাললগাবোৰক মইয়ো ভালপাবলৈ লওঁতেই তুমি যদি ভৰবাৰিষাৰ বানে মোহাৰি নিয়া কঠীয়াতলীৰ দৰে মোৰ সেউজীয়া মনটো মোহাৰি তাত সানি দিয়া ফাগুনৰ ৰুক্ষতা,ফাগুন ভালপাওঁ,কিন্তু ৰুক্ষতালৈ ভয় কৰোঁ৷মোৰ লঠঙা ফাগুনৰ এজোপা ৰঙা মদাৰ হিচাপে বিচাৰোঁ তোমাক৷সৰাপাত হৈ অৱহেলা, অনাদৰত উশাহ গণি জীয়াই থকাৰ অৱকাশ মোৰ নাই,,,
কথাবোৰ এনেকুৱাই জানা,ভাবি ভাললগাৰ পৰা ভবাবোৰ বিষাক্ত হোৱালৈকে,শুনি ভাললগাৰ পৰা শুনিবলৈ আমনি পোৱালৈ,কৈ ভাললগাৰ পৰা ক’বলৈ খং কৰালৈ,সহি থকা বৰ টান৷
বাকীবোৰ নকওঁ,তুমি বুজি ল’বা৷
তোমাক ভালপাবলৈ গৈ মোক হেৰুৱাব নোখোজোঁ৷তোমাক ভালপাবলৈ গৈ মই মোৰ সৰু সেউজবুলীয়া পৃথিৱীখনৰ পৰা বিছিন্ন হ’ব নোখোজোঁ৷ মই মোৰ দৰে,তুমি তোমাৰ দৰে থাকি,আমি হ’ব খোজোঁ মই৷বুজিছা চাগে…
ইতি-
“ভালে থাকিবা” বুলি সদায় ক’ম,তোমাক ভালে ৰাখিবলৈ সদায় প্ৰাৰ্থনা কৰিম,তথাপি যদি কেতিয়াবা সময়ে তোমাৰ লগ নিদিয়ে,মই লগ দিম,তুমি নোৱাৰিবা বুলি গোটেই পৃথিৱীয়ে ক’লেও,মই বিশ্বাস ৰাখিম,আশ্বাস দিম,“তুমি পাৰিবা” বুলি,তোমাক সুধিয়ে সকলো কৰিম বুলি নকওঁ,কিন্তু তুমি বেয়াপোৱা বা তোমাৰ বেয়া হ’ব পৰা কাম কেতিয়াও নকৰোঁ বুলি কথা দিব পাৰিম,সদায় কথা নাপাতিবও পাৰোঁ তোমাৰ লগত,কিন্তু,যেতিয়াই তুমি যুঁজি যু্ঁজি ভাগৰ অনুভৱ কৰিবা,জোনাক,সেউজীয়া আৰু আকাশৰ কথাৰে তোমাৰ বিষণ্ণ ৰাতিবোৰ সতেজ কৰিব পাৰিম মই,
মোক ভালপালা বুলিয়ে তুমি তোমাৰ ভালপোৱাবোৰ এৰি দিব নালাগে,অথবা তোমাক ভালপালোঁ বুলিয়েই মই মোৰ ভাললগাবোৰ এৰি দিম,তেনেকুৱা নকৰোঁ,কিন্তু যেতিয়া মোৰ একোৱে ভাল নলগা হ’ব,যেতিয়া কোনোবাটো শৰতত মোৰ পদূলিৰ শেৱালিজোপা মৰহি থাকিব,কোনোবা অচিন দেশৰ পৰা এধানিমান সেউজীয়াৰ বতৰা কঢ়িয়াই আনিবা তুমি,জানাই নহ,তোমাৰ পাছতে সেউজীয়া মোৰ প্ৰিয়❤️
“ ভোকত মৰিলেও থাকিম”,
“টকা নালাগে,তোমাকহে লাগে” বুলি সস্তীয়া কথাবোৰ নকওঁ,তুমিও সফল হ’বা,হ’বই লাগিব,আৰু মইয়ো,,,দুয়োৰে জীৱনৰ সুকীয়া ছন্দ থাকিলেও,বিবিধ সুৰ মিলি সুৰীয়া গান হোৱাৰ দৰেই দুয়ো নিমিলা কথাবোৰ মিলাই ল’ম আমি৷অ’ শুনা,বাকীবোৰ হৈ থাকিব,ৰৈ নোযোৱাকৈ আমি গৈ থাকিম,কিন্তু মোৰ সেউজবুলীয়া মনটোক সদায় জীপাল কৰি ৰাখিব লাগিব তুমি,কাৰণ,তোমাৰ দুচকুত সেউজীয়া মৰমৰ ঠিকনা পাইয়ে প্ৰেমত পৰিছিলোঁ তোমাৰ,আৰু নকওঁ,,ভালে থাকিবা৷-
পৃথিৱীৰ একো বেয়ালগাই চুব নোৱাৰাকৈ আকাশৰ সমান ভালপোৱাৰে আপোনাক আৱৰি ৰাখিম,
আপোনাৰ প্ৰতিটো শৰতত মই শেৱালি হৈ ফুলিম,
আপোনাৰ প্ৰতিটো বসন্তত মই নাহৰ হৈ উজ্জ্বলিম৷
আপুনি মাথোঁ মোৰ হৈ থাকিব,
চকুপানীয়ে বেজাৰ পোৱাকৈ আমি হাঁহিম,
হতাশা নিৰাশ হোৱাকৈ আশাৰ শেৱালিৰে সুবাসিত কৰি ৰাখিম,
আমাৰ সপোনৰঙী সেউজ পঁজা৷
বিশ্বাসবোৰ আপোনাক দিয়াৰ পাছত.
শংকা নোহোৱাকৈ জীৱন জীয়াইছোঁ,
হিচাপ নকৰাকৈ কথা কৈছোঁ,
নভবাকৈয়ে হাঁহিব লৈছোঁ৷
মুঠতে নতুনকৈ জীয়াব শিকিছোঁ৷
আপুনি লগত থাকিলে,
নিৰস প্ৰতিটো পলেই সুবাসসনা,
আপুনি লগত থাকিলে,
ফাগুনৰ ৰুক্ষতাতো যেন সজীৱতা,
আপোনাৰ দুবাহুৰ উমত
মোৰ সেমেকা শৰতৰ প্ৰতিটো ৰাতি উমাল কৰাৰ অপাৰ হাবিয়াস,
আপোনাৰ দুহাতত ধৰি প্ৰতিটো জোনাক ৰাতি প্ৰাণভৰি আকাশখন চোৱাৰ হেপাঁহ,
মুঠতে আপোনাৰ নামতে বুকুত হেপাঁহৰ পজাঁ,
আপোনাৰ বাবে ইমান ভালপোৱা,
ঐ,
এই যে,আমাৰ একোৱে নিমিলে,নিমিলা কথাৰ আঁতবোৰ ভাঙি আমি আগবাঢ়িম❤️
আপুনি মাথোঁ মোৰ হৈ থাকিব,
ভালপোৱাৰে জীৱনক আমি জিকিম৷
পাকলগা জীৱনৰ খলাবমাত
আপোনাৰ হাতখন সদায় মোৰ কাষত বিচাৰিম,
আপুনি মোৰ হৈ থাকিব,ভালপোৱাৰে আমাৰ সময়বোৰ ভাললগা কৰিম৷
-
ভালপোৱাৰ চুক্তি নকৰোঁ,
তোমাৰ স্বকীয়তাক প্ৰশ্ন নকৰোঁ,
দুয়োৰে ভালপোৱাৰ স্বকীয়তা থাকি যাওঁক৷
আমাৰ নানাৰঙী ভাললগাবোৰ লগাই আমি এখন ভালপোৱাৰ ৰামধেনু সাজিম❤️
মাথোঁ মোৰ হৈ থাকিবা তুমি,
তোমাৰ জীৱনলৈ বেয়া দিন আহিব নোৱাৰাকৈ মই লগত থাকিম৷
তুমি হাৰিব খুজিলেই,পুনৰ যুজিবলৈ সাহস দিবলৈ মই সদায় থাকিম৷
-