Anamika Aimee   (Anamika)
1.5k Followers · 7 Following

Joined 13 March 2019


Joined 13 March 2019
23 MAR 2022 AT 23:34

Let me know
To bid you goodbye,
Let me see you
As if I had never been seeing you before,
To kiss you for the last time
Like our first-ever kissing,
And to hug you tightly
So that your warmth kept me alive
After you leave me,
And your parting aura of the carcass
Is always enclosed with me
Till I will meet you once more.

-


20 MAR 2022 AT 23:40

তাই আজিও ৰৈ আছে
হেঙুলীয়া আকাশ সাৱতি,
সেই পৰতেই যে অহাৰ কথা আছিল
তাইৰ প্ৰেয়হ,
তাই কাণ উনাই বৰ লুইতৰ পাৰত ৰৈ থাকে
শুনেই বা সিপাৰে বঠাৰ চাব
প্ৰিয়তমৰ আবেগৰ ঢৌৰ,
মণিব পৰালৈকে দুচকু থাপি ৰয় সুদূৰত
দেখেই বা ছায়ামায়া আন্ধাৰত সপোনৰ
মায়াসনা ছবিটি,
তাই ৰৈ থাকে তাতেই ইপৰ পৰা সিপৰলৈ
নিঃষ্টব্ধ নিৰৱ হৈ
একাতি হৈ বাগৰি পৰা নিশাটিৰ দৰে।

-


20 MAR 2022 AT 23:05

সৰাপাতত জীৱনৰ স্বাক্ষ‍ৰ
বহন কৰি কাৰোলৈকে নোৰোৱাকৈ।

-


14 MAR 2022 AT 21:23

অ নাহিবি যা,
নেপেলাবি মনত সোণালী বসন্তক
নাপাওঁ যে ঘুৰাই বুকুৰ মাজত,
নাহিবি যা
হৃদয়ত বিষাদৰ
জোৱাৰ তুলি,
সিক্ত সেমেকা কৰি যায় হৃদয়,
হাওলি পৰি যাওঁ
খোজে প্ৰতি সৰি পৰা
সৰাপাতৰ বুকুত,
ডুবি যাওঁ অসীম হাহাকাৰৰ গলিত
উদভ্ৰান্ত হৈ
দিক্ বিদিক্ হেৰুৱাই।

-


14 MAR 2022 AT 18:05

I'm waiting for another life
To keep you stay,
Close to me,
Yet, you are inside me
Forever and next.

-


13 MAR 2022 AT 21:01

To love you more
Without much expectation,
The absence
That slew of the light inside,
The absence
That turns the love gray
Though tried to enrich with love,
The absence
That never flee from me,
The absence
That will be a never-ending
Shout in unison
Of my golden love
Behind me.

-


5 FEB 2020 AT 15:17

অলপ সময়ৰ বাবেহে যে
তোমাক বুকুৰ কাষত পাইছিলোঁ
মই মানি লৈছোঁ,
কিন্তু আক্ষেপ সদায়েই থাকিব যে
তুমি মোৰ নহলা,
মই তোমাৰ একমাত্ৰ নহলোঁ।
অপ্ৰাপ্তিৰ মাজতো প্ৰাপ্তিৰ সুখেৰে চপচপিয়া
হৈ যাওঁ কাৰণ তুমি মোৰ শেষ,
তুমি মোৰ আবেগিক সময়ৰ
সুখৰ আবিৰ নহয়
তুমি মোৰ এনেকুৱা সময়ৰ
ভালপোৱাৰ ৰঙীন সপোন
য'ত আবেগৰ লগতে
বিবৈকিনী মনৰ অনুভূতিৰ ভাবাবেগ জড়িত।
সেইকাৰণেই জীৱনৰ সাৰথি নহয়ওঁ
ভালপোৱাৰ স্থায়ী সপোনৰ আবিৰ তুমি মোৰ।

-


7 SEP 2019 AT 14:41

বৰষুণে ঠিকেই বুজে
আকাশৰ বুকুৰ বতৰা
দুহাত মেলি আকোঁৱালি লয়
বুকুৰ নীল বৰণীয়া দুখবোৰ
আকাশে উজাৰি দিয়া
আৰু তুমি তোমাৰ অভিমান বোৰ
বুকুত লিপিত খুৱাই বুকুৰ পৰা
মোক ঠেলি দিলা
নীলবৰণীয়া কাপোৰ সাজ
ধাৰণ কৰিবলৈ।

-


15 DEC 2021 AT 22:42

সীমনালৈ বাধাহীন ভাৱে,
উটুৱাই লৈ যায় বহুতো গাঁঠা অলিখিত
অকঠিত বেদনা প্ৰণয়ৰ
নিজৰ বুকুত সযতনে বান্ধি।

-


15 DEC 2021 AT 22:30

চুই যায় উষ্মতাৰে,
হিল্লোল তোলে দেহত,
যেন তোমাৰ উমাল চুম্বনৰ পৰশ,
জীয়ন দিয়ে প্ৰতি মূহুৰ্তত।

-


Fetching Anamika Aimee Quotes