She is like the season of spring,
Her smile is like the sun that shines,
Her laughter is like the song of birds,
Her eyes are like the flowers that bloom,
Her beauty is like the green that spreads,
Refreshing and renewing,
like the arrival of spring.-
সময়বোৰ বৰ আচৰিত, জীৱনৰ বাটছোৱাত কেতিয়াবা এনেকুৱা সময় আহে য’ত আপোন মানুহবোৰ চিনাকি হৈয়ে থাকে কিন্তু মনবোৰ অচিনাকী হৈ যায় ।
-
জীৱনৰ আদিপাঠত শিকা নাছিলো জটিলতা,
বুজা নাছিলো সংগ্ৰামৰ প্ৰহেলিকা,
আজি সোৱৰণীৰ কুঁহিপাঠে শিকালে,
জীৱনটোৱে যে মৰিচিকা ।-
সকলোৰে কাষত থাকিও নিসংগতা আজি জীৱনৰ সংগী, ক্ৰমশঃ নি:শেষ হোৱাৰ অভিমুখে জীৱনৰ গতি.. মনৰ গভীৰতাত শূণ্যতাবোৰে ঠাই লৈছে, সেই শূণ্যতাত বিলীন হৈ পৰিছে জীৱনৰ ৰংবোৰ, আৱেগবোৰ কলিজাৰ একোণত নিথৰ হৈ পৰি ৰৈছে, নিজৰ মাজতেই যেন নিজক হেৰুৱাই পেলাইছো.. আজি বিশৃংখল মোৰ মন মগজু, হতাশাত আক্ৰান্ত হৃদয়ৰ কোঠালীবোৰ, ক্ৰমান্বয়ে আঁতৰি আহিছোঁ সকলোৰে পৰা নিজৰ পৰা, আজি অসহায় মই, এটি নষ্ট জীৱনৰ অধিকাৰী মই..!
-
Never allow the events of the past to ruin this moment which is perfect.
-
People want to listen to comforting lies rather than unpleasant truth.
-
তাই যেতিয়া হাঁহিছিল
নজনাকৈয়ে তাইৰ কাষ চাপি গৈছিলো, নৈ খনৰ পাৰত তাই নিশ্চুপ হৈ বহি আছিল,নৈ খনৰ আনটো ঘাটলৈ চাই তাইৰ কাষতে বহো নবহোকৈ বহিছিলো, কিবা ক'ব খুজিছিল তাই.! প্ৰায়ে তাইৰ কজলা চকুজুৰি থৰ লাগি চাইছিলো, তাই সোধে কিবা এটা উত্তৰত কও কিবা এটা, পুনৰ নিশ্চুপ হৈ ৰও, তাই কৈছিল, "উদাস নহ'বি, এতিয়াও সময় আছে তোৰ ওচৰত, জীৱনৰ যুঁজখনত সহজে হাৰ নামানিবি ,পোৱা নোপোৱাৰ দোমোজাত নিজক হেৰুৱাই নেপেলাবি, সকলো ঠিক হৈ যাব।" তাই তেনেকৈ কৈ গুচি গৈছিল আৰু নেদেখা হোৱালৈকে মই চাই ৰৈছিলো, ভাবি পোৱা নাছিলো তাই কি ক'ব বিচাৰিছিল..কোনেও নজনা অনুভূতি নে শব্দৰে বুজাব নোৱাৰা অনুভৱ...
ডিচেম্বৰ মাহ শীতে গাৰ নোম শিঁয়ৰাই তোলা ৰাতিপুৱা এটিত তাইক বিদায় দিবলৈ চিনাকি এয়াৰপর্টটোলৈ গৈছিলো, সপোনৰ চহৰখনলৈ যাবলগীয়া বিমানখনত উঠি বিদায় লোৱাৰ আগমূহুৰ্তত তাইৰ চকুলো আৰু অভিমানভৰা মুখনিয়ে মোক বুজাই দিছিল তাই ক'ব খোজা কথাবোৰ আৰু তাইও উৰা মাৰিছিল সাত সাগৰৰ সিপাৰে জীৱনৰ নতুন সংজ্ঞা বিচাৰি...
এতিয়াও কোনোবা পল অনুপলত যেতিয়া তাইৰ মিঠা স্মৃতিবোৰে হেচুকি থৈ যায় তেতিয়া নিজকেই হাঁহি কও, "তোৰ প্ৰেমৰ তাই প্ৰথম খোজ, ভালপোৱাৰ প্ৰথম সোৱৰণি, সেই প্ৰথম খোজ তই কেতিয়াও পাহৰিব নোৱাৰিবি আৰু সোৱৰণিবোৰ আলফুলকৈ সাৱটি ৰাখিবি"...-
সোৱৰণীৰ বাটেৰে ধূসৰ অতীতে ৰিঙিয়াই মাতে ,
সময়ৰ চিতাত ছাই হৈ ৰোৱা সপোনে উচুপি উঠে ..!-