অনুভূতিবোৰো মাথোঁ তোমাতেই বিলীন হব ধৰিছে
ভাললগা বোৰেও সলনি কৰিছে সংজ্ঞা.....!
হৃদয়ত আলোড়ন তুলি তুমি অনামী প্ৰেয়সী, প্ৰেমেৰে
জীপাল কৰি তুলিবা জানোঁ সপোনৰ পজাটি.....!!
-
চোৱা
আজিও মই তোমাৰ বাবে
আলহী চৰাই
আৰু
তুমি
অচিনাকি বসন্তৰ প্ৰেমত বিভোৰ !
...................উত্তম..................
-
মেঘাচ্ছন্ন আকাশৰ এই মোহনাত
নিবিড়ভাৱে মনত পৰিছে
সেই দিনটোৰ কথা।
যিদিনা তুমি মোৰ জীৱনলৈ আহিছিলা
আশাৰ ৰেঙনি হৈ
আৰু মনত পৰিছে
তুমি যে কৈছিলা
"তোমাৰ বাহিৰে মই
আন কাৰোৱেই হ'ব নোৱাৰোঁ।"
মোৰ এই অকলশৰীয়া জীৱনৰ
উকা ঠাই পূৰ কৰিছিল তুমি।
মোৰ বুকৱেদি সৰকি গৈছিল
আশাৰ এজাক পছোৱা।
মোৰ দেহৰ ৰন্ধ্ৰে ৰন্ধ্ৰে সোমাই পৰিছিল
তোমাৰ এটা লয়লাস পূৰ্ণ হাঁহি
অভিমান ভৰা এখন মুখ,
দুচকুত অপ্ৰত্যাশিত ভাষা।
অব্যক্ত সুৰত ধ্বনিত হৈছিল
তোমাৰ ওঁঠত ভালপোৱাৰ ভাষা।
নিৰ্জনতা ভৰা গভীৰ ৰাতিত
অকলশৰীয়া মুহূৰ্তবোৰত
ভাবত বিভোৰ হৈ পৰিছিলো।
সাজিছিলো সপোনৰ এটি বালিঘৰ।
প্ৰৱেশ কৰিবাহি মোৰ মনৰ বাকৰিত
আতঁৰাই পঠিয়াবাহি দুখ-যন্ত্ৰণাবোৰ।
আদৰি আনিবা মৰম, ভালপোৱাৰ
আৰু প্ৰেমৰ এনাজৰী।-
শীত পাহৰি ৰাতি ৰাতি
কোন গৰখীয়াই
এয়া কি সুৰ সুহুৰিয়াই...
চেৰেংকৈ মনত পৰি তোমালৈ
মোৰ বুকুৰ নৈত
সপোন এটাই
এই যেন
উজাই আৰু ভটীয়াই ।-
অক্কণমান ঠাই দিয়া মোক
তুমাৰ দুবাহুত
কটাই লম গোটেই জীৱন
স্বৰ্গপুৰী মানি................-
বহু বিৰতিৰ অন্তত দুয়োৰে মিলনত
স্থবিৰ হৈ পৰিব সময় ......
অতদিনে থূপ খাই থকা
হৃদয়ৰ ভাষা হয়তো শব্দত অপ্রকাশ্য হৈ ৰ'ব ....
দীৰ্ঘ অপেক্ষাৰ অন্তত দুটি হৃদয়ৰ মিলন হ'ব সংগোপনে....
-
তুমি যদি কোৱা;
বৰষুণ তোমাৰ প্ৰিয়,
মেঘমল্লাৰ ৰাগ হৈ বোৱাই আনিম বৰষুণ
তোমাৰ চহৰলৈ!!
তুমি যদি কোৱা;
নিয়ৰসিক্ত দুবৰি তোমাৰ প্ৰিয়,
দুবৰিৰ দলিচা পাৰি পুৱতি নিশাৰ নিয়ৰ হৈ
সৰিম ধৰাৰ বুকুলৈ!!
তুমি যদি কোৱা;
তমসা নিশাৰ জোনাকীজনী তোমাৰ প্ৰিয়,
জোনাকী হৈ পোহৰাম তোমাৰ
হৃদয়ৰ আন্ধাৰ কুঠৰি চিৰদিনলৈ।
মাথো এবাৰলৈ যদি কোৱা;
মোৰ মৰমৰ নৈখনে তোমাৰ হৃদয়ো স্পৰ্শ কৰেগৈ,
কথা দিলো বোৱাই ৰাখিম সেই নৈ অনন্তকাললৈ।।
-
আজি পাহৰিলা নেকি তুমি
সপোনবোৰ যে দেখিছিলো আমি
মোৰ প্ৰনয় নেওচি সিপাৰত
তোমালৈ অপেক্ষাত আছে নেকি
এখন অন্য পৃথিৱী..-
বহু অপেক্ষাৰ অন্তত আজি সিহঁতৰ সেই মনে ভবা দিনটো বিচাৰি পালে।তথাপি মৌন,বৈ আহিল অভিমানৰ নে প্ৰাপ্তিৰ চকুলো নুবুজিলে কোনেও।
-