আজি আহিনৰ ৪ তাৰিখ।
যোৱা চাৰিটা বসন্তৰ পৰা তুমি সাৰি থৈ যোৱা বুকুৰ চোতালখন খৰাঙত ফাঁট মেলিছে।
সাৰি থৈ গোটাই দিয়া স্মৃতিবোৰ
এচুকত এতিয়াও গোটাই থৈছো।
তাতে মামৰে ধৰা টিঙৰ পানী পৰি অলপ সেমেকিছে ।
ভেঁকুৰেও ধৰিছে,গোন্ধাইছে ।।
পুৰনা বাতৰি কাকতেৰে ঢাকিছো।
স্মৃতিবোৰ পঁচিছে কিছু !
মই পিচে তিতা নাই বৰষুণত ।
নিতিতে মোৰ চোলা,মোৰ অন্তৰ ।।
.......................
স্মৃতিৰ জাৱৰৰ মাজত বিচাৰো ফুৰো
জীয়াই থকাৰ হাবিয়াস!
ভাবো কেতিয়াবা ....
আকৌ জানো ঠিক হ'ব জীৱনৰ অসোঁৱাহ !
.....................
এইবাৰ বৰষুণত তিতিছানে নিশিগন্ধা?
তিতিবা !
তুমি তিতিলেও মোৰ বুকুৰ চোতাল খৰাঙ হৈয়ে ৰ'ব ।
তাত তোমাৰ একো অসুবিধাও নহয় !
আহিন শেষ হ'লে অহাবাৰলৈ চোতালখন পথাৰ হ'ব ! নাঙলেৰে মাটি ফালি কঠীয়া ৰুম ।।।
.....................
তুমি অহাবাৰো তিতিবা বাৰিষাত নিশিগন্ধা!
আৰু চাব আহিবা কেতিয়াবা
মোৰ পথাৰৰ সেউজী উৎসৱ ।।-
এৰাতিৰ কাৰণে তোমাৰ হৃদয় খন দিয়া
আজিৰ কাৰণে
সোমাই থাকিম
জুখি চাম
চালাথ কৰিম তোমাৰ হৃদয়ত
কিয় তুমি ইমান সুখী
সপোন বোৰৰ সৈতে কথা পাতি
পাতলাম
মোৰ দুখ বোৰক
দিয়া আজিৰ ৰাতিৰ বাবে তোমাৰ হৃদয়
খন
তুমি আহিয়েই মোৰ হৃদয় খন বিচৰাত
মই দিছিলো
এতিয়া তোমাৰ হৃদয় খন দিয়া
তোমাৰ হৃদয়ত মই পিত পিতাই চাও-
বুকুতে সাৱটি
কথাবোৰ
তোমাৰ কথাকে ভাবি
কটাওনো কিমান উজাগৰী ৰাতি
ফৰিংফুটা জোনাকত
মলয়া বতাহজাক সোধো
তোমাৰ বতৰা?
তুমি কুশলে আছা?
শীতৰ নিশা
শুই থকা চহৰত
কুঁৱলীয়ে আঁকিব খোজে
তোমাৰ ছবি
মই নজনাকৈ !
ৰাতিবোৰ
জোনাকবোৰ
কুঁৱলীবোৰ
ৰৈ আছে
তোমালৈ
তুমি শুনিবা কেতিয়া মোৰ বুকুৰ খবৰ?
জোনাকীয়ে কেতিয়া দিব তোমাৰ খবৰ?
আৰু কুঁৱলীয়ে কেতিয়া তোমাৰ ছবি আঁকি
দিব ভালপোৱাৰ খবৰ ?
..........-
কথাবোৰ সাঁচি ৰাখো বুকুত !
কোনোবাই সোধে ,দুৱাৰত টুকুৰিয়ায় !
"কুশলে আছানে?"
.....
মৌন বুকুত সাৰ পাই নতুন হেমন্ত ঋতু !
....
মাঘৰ মেজিৰ ধোঁৱাত মোৰ পুৰিছে দুচকু !!
...
মই নিৰ্বাক নিস্তব্ধ নিশ্চুপ !-
যিবোৰ তৃপ্ত হৈয়ো অতৃপ্ত....সেইবোৰৰ দুখ ক'ত বিচাৰি উলিয়াবা?চিৰসেউজৰ বুকুৰ গহ্বৰত শুই আছে এখন মৰুভূমি ! চতুদৰ্শীৰ জোনবাইৰ বুকুৰ দৰে......এখন মৰু সাগৰ !
-
হাত বাউলী মাত থকা
সমাধিবোৰত নিজকে
সমাধিস্থ কৰিব মন যায় !
কিমানবোৰ ককৰ্থনাত আজিও
স্থিতি দৃঢ়!
তথাপি
ভাঙি যোৱা কামিহাড়ত সপোনবোৰ
ভেঁকুৰ হৈ ওলমি আছে !
জ্বলন্ত চিতাৰ ভস্মত নিশ্চিহ্ন জীৱনৰ চিহ্ন !
জীৱন শেষ য'ত, সপোনো শেষ ত'ত !-
किसी गुमनाम शहर में खोया हूं ,
अर्धनिर्मित हैं सब यहाँ,
लोंगो की हंसी हो या
सपने !
अर्धनिर्मित हैं सब तो !
आखों के काले धब्बेवाले हो या
धुप में जलनेवाले....
सब अर्धनिर्मित हैं यहाँ !
भटक चूका हूँ इसकी काली अन्धेरी गलीयों में
भटक रहा हूँ,
एक रोशनी की तलाश में !-
হাঁহিবোৰ যিমানেই লুকুৱাব বিচাৰিবা,
সিমানেই জিলিকি উঠিব জোনবাইৰ আঁৰত লুকুৱা জোনবাইৰ ছবি।
সযতনে ৰাখিবা হাঁহিবোৰ,
কেতিয়াবা বতা চৰাইজাকে
লৈ যাব,ধান খাবলৈ অহা বুলি !
.....দুপৰীয়া নঙলামুখতে
ন-খাবলৈ যোৱা চেমনীয়া গৰখীয়াই
জোকাব তোমাক...
তেতিয়া হাঁহিবোৰ লাজৰ পেৰাত লুকুৱাবা !
.....আঘোনৰ সোনালী পথাৰৰ সোনগুটিবোৰ
জিলিকি উঠিব তোমাৰ হেঙুলীয়া হাঁহিত !-
शायद गुलाब तुमको इतना ना दिया हो,
लेकिन मोहब्बत....
हमेशा हद से ज्यादा ही दिया तुमको !— % &-
एक बीरान सी खामोशी में,
कोई छाया सा सरसरता हैं।
गम की सुनसान काली रातों में,
दूर एक दीप धिमधिमाता हैं।
मैं तेरे मरीज़-ए-उल्फत का,
साँस सीने में थमके आता हैं।
मेरे आसूं की शीशे में आज,
कौन हैं जो मुस्काराता हैं !-