Uttam Hati Boruah   (X0ব্দ মেNIয়া)
514 Followers · 260 Following

read more
Joined 4 February 2018


read more
Joined 4 February 2018
14 NOV 2020 AT 9:39

********

-


9 JUL 2020 AT 16:44

৷|৷দুঃখবোৰতে সুখী হ’ব পৰাকৈ আৰু কিছু দুঃখ দিয়ক৷|৷

আপুনি ভবাৰদৰেই মই সুখত আছোঁ !

-


8 JUL 2020 AT 12:16

[(বিভ্ৰান্ত সংখ্যান)]
_____সন্মত যদি কওঁক মহাশয়_____
আপোনাৰ সমুখতেই সাং কৰোঁ জীৱন নামৰ চলমান কবিতাটো !
যিসকল সম্প্ৰতি মোৰ সুখত সুখী নহয়, তেওঁলোক মাথোঁ সুখত থাকক !
Θ≈≈≈≈≈Θ≈≈≈≈≈Θ≈≈≈≈≈Θ≈≈≈≈≈Θ≈≈≈≈≈Θ≈≈≈≈≈Θ
[(মত-বিনিময় নিজৰসতে)]
জানো জানোঁ শূন্যতাত ভৰপূৰ ভৰুণতা আছে ৷
তাতে অতীজৰেপৰাই মোৰচোন নিসংগতাই প্ৰথম পচন্দ ৷
আপোনাৰ সুখেৰে সুখী হ’ব পৰিছোঁ বাবেইতো
সম্প্ৰতি মোৰ সুখ মোৰ নিজৰ সতে ৷

“আৰে শেষ বুলিলেইতো শেষ নহয়”
হয়,হয়,_____সময়-সাৰণীত পৃথিৱী সাক্ষী
শেষৰপৰাই হয়চোন নতুনৰ আৰম্ভণি ৷

সেয়ে আত্মশুদ্ধিৰ বাবে পুনঃ প্ৰাণময় কৰোঁ
সদ্যোমৃত মননশীল প্ৰৱণতাক
___________“কেৱল মাথোঁ নিজৰ বাবে আপোনাৰ বাবে”__________

-


26 APR 2019 AT 12:06

অসমীয়া_শ্বায়েৰি_১১

তথাপি কিন্তু প্ৰেমাস্পদ তুমি বেইমান ওলালা
মোৰ প্ৰেমৰ চহৰত বিশ্বাসৰ নামত লৈ চোৰৰ শপত।
যদিওবা বিচৰা নাছিলোঁ শাৰীৰিক প্ৰেমৰ নিবিড়তা
কিম্বা তোমাৰ ভৰুণ যৌৱনৰ ধন-দৌলত।।

*শব্দ_মেনিয়া*
_-উত্তম-_

-


10 DEC 2021 AT 6:30

***(আৰ্জিত সুখ)***
কৰ্মসুখত সদাব্যস্ত কবি
সেয়ে ক্লেশ-ক্লান্তিৰ চেলুও সম্প্ৰতি সাৰশূন্য !

____যি শিকিলোঁ____
পূৰ্ণিমা,অমাৱশ্যা এইবোৰ সময়-সাৰণী; আহিব আৰু যাব !
যি নহওক,এয়াই মৰণপণ হওক____
"আমি সফল হোৱাকৈ সফলতাক আঁজোৰি নিজৰ কৰিবই লাগিব ৷"

______বিঃদ্ৰঃ______
মন মেঘৰ ঐ শুকুলা ঘোঁৰা*
এয়া তাহানিৰ মেঘাবৃত সেই ৰ’দালিৰপৰাই
আজিৰ ৰ’দালীক হৰলুকি কৰিলোঁ
আৰু সেই নৈশিক জোনৰপৰাই এই জোনাক !

ইতি
ক্লেশশূন্যতাত উদ্ভাসিত জোন ৷

-


2 DEC 2021 AT 21:17





এনেকৈয়ে আকৌ প্ৰেম-আৱেগৰ সেই সিক্ত হৃদয়াৱেগৰ তীব্ৰতাতে
পৰাণৰ অনুৰাগভৰা ফুলকোমল অভীপ্সা এটিয়ে
পুনঃ যেন নিশিগন্ধা হৈ সুগন্ধিৰ সুৱাস বিলাব এই হৃৎ-উপবনত !

⇌নিশিগন্ধাৰ নিশাৰ ডায়েৰী⇌

-


14 NOV 2021 AT 10:57

bffghhjk

-


19 OCT 2021 AT 22:18

#অহেতুক_প্ৰেম_প্ৰহেলিকা

এনে কি কাৰণ,
এয়া অজুহাত অকণ পাইছোঁ ৰ’দালী-সুখৰ ৷

মিষ্ট আলিংগন আৰু মৌন ওঁঠ, মৌন হৃদয় !
(নহয়জানো এয়া আবেলিৰ চুমা সনা একাঁজলি ৰ’দ !)

প্ৰেমৰ খৰিকাজাঁই দুখ মোৰ সৃজনশীল !

অপেক্ষা এনেকৈয়ে___
নিঃশব্দতাত নিঃশব্দে অংকুৰিত হ’ব শব্দ
ফুলকোমল পোহৰৰ আবদাৰেৰে

এটি চিৰনতুন গানৰ দৰে ৷ এটি চিৰনতুন কবিতাৰ দৰে ৷

-


30 SEP 2021 AT 0:38

মৰণোত্তৰ পৰীক্ষাৰ শেষত যি বুজিলোঁ
মোৰ এই মৃত্যু অৱশ্যম্ভাৱী আছিল !


সেই শোক-সংবাদটি এতিয়ালৈ ৰহস্যঘন সাঁথৰ,
কথাৰ অকপট কথাবোৰো সম্প্ৰতি বুকুতে কবৰ !

-


13 SEP 2021 AT 19:49

উপলব্ধি !
__________১৩-০৯-২০২১

জগতৰ তাতে কোন লোকৰবা কি ক্ষতি হ’ব;
ভাৰসাম্যহীনতা(লৌকিক-অলৌকিকতা)ক ভাৰসাম্য কৰি
যদিহে দুদিন আগেয়ে হেৰাই যায় এই প্ৰাণৰ ডিঙা !

সাতশতৰুৱে হাঁহিব; সেমেকিব দুুচকু আত্মীয়-কুটুম্বৰ ,আৱেগপ্ৰৱণ
জনসমুদ্ৰৰ অতল বুকুত সদলবলে চলিব মৃত্যুঞ্জয়ী অভিযান,
মনৰপৰা মগজুলৈকে শিপাব কাৰণহীন অন্বেষণ(মৃত্যু-শিল্প) ৷
এপিটাফ লিখোঁতাই লিখিব মৃত সেই মৌন ওঁঠত,পঢ়ুৱৈয়ে পঢ়িব ৷
নহয় গতিভ্ৰষ্ট সময়-সাৰণী, বাকী প্ৰহেলিকা হ’বগৈ অহেতুকী এপিটাফ !
ক্ৰমে ক্ৰমে জীৱনবোৰ আগুৱাব জীৱনৰ গতিৰে
শেষত মোৰ শেলুৱা সমাধিলৈ চাই যুগযুগান্তৰলৈ ৰৈ থাকিবইবা কোন !

?____?____?____?____?

-


Fetching Uttam Hati Boruah Quotes