পাহৰতোৰ আঁৰত হেৰাই গ'ল
খহি পৰা এটি তৰা,
এডাল দীঘল নেজ লৈ ।
কিনো আছিল সেই পোহৰৰ , ক্ষণিকতে হেৰায় যোৱা!!!!
আকাশৰ পৰা বিছিন্ন হোৱাৰ শোক নে হাজাৰ প্ৰাৰ্থনাৰ আশা হোৱাৰ গৰ্ব .... !!
আজি এটি প্ৰাৰ্থনা কৰিম ,
দুচকু জপাই হাত দুখন ছপাই আনিলো
হৃদয়ে তৎক্ষণাৎ দাবী জনালে ,
প্ৰাৰ্থনাত স্বাৰ্থপৰ হ'ব পাৰি ।
, দুচকুৰ এন্ধাৰত আঁকিব পাৰি অবাস্তৱ কল্পনাৰ ৰঙীন ছবি ।
মই যি ঠাইত প্ৰাৰ্থনাৰ তুলিকাৰে
গঢ়ো ভালপোৱাৰ প্ৰতিবিম্ব ,
সময়ে তাতেই ৰচনা কৰে
লহপহকৈ বাঢ়ি অহা এজোপা কাঁইটীয়া বন ,
মোৰেই চকুলোৰে ....
ভাগি পৰে বালিঘৰ ।
তেতিয়াই যেন এক পৌৰাণিক আস্হাত লাগে
বিশ্বাসহীনতাৰ মোহৰ ..... ।
সেমেকা হাঁহিত হেৰাই যায় খহি পৰা তৰাৰ নেজ
গোট মাৰে কবিতাৰ শব্দ ,
নতুন এটি প্ৰাৰ্থনাই বাট বিছাৰে এন্ধাৰৰ আঁৰে আঁৰে ,
সময়ে অভিসন্ধি ৰচে,
আকৌ এটি তৰা আকাশৰ পৰা বিছিন্ন হ'ব ..।।-
শব্দৰে মোক চিনিব পাৰিব , বুজিব নোৱাৰে
:)
🍁 কটন বিশ্ববিদ্যালয় - যি... read more
অপমানৰ শেলে যিমানেই
মোৰ বক্ষ ভেদ কৰে
সিমানেই মই নিজকে পখালি
আগুৱাই যাওঁ ,ৰূপান্তৰৰ দিশে .....
হৃদয়ত থূপ খোৱা
গোমোঠা মেঘবোৰ মই বতাহক দিও
উৰুৱাই নিয়ে আকাশৰ বক্ষলৈ......
... কেতিয়াবা ধুমুহা আহে ,
জীৱনক ধৈৰ্য্যৰ শিপাৰ পৰা উঘালি পেলাব ।
তীক্ষ্ণ শব্দৰ বিষে
দ'কৈ শিপাই যাই মোৰ অন্তৰাত্মা
ভাগি পৰে মোৰ আত্মকেন্দ্ৰিক স্বাভিমানৰ দূৰ্গ ।
মই নাভাগৰো,
দুহাত প্ৰসাৰিত কৰি গ্ৰহণ কৰো
সময়ৰ সংবাদ .....
পোহৰহীন নীৰৱতাৰ প্ৰশ্ৰয় লৈ
মই মোৰ বাবে পুনৰাই গঢ়ি তোলোঁ
আত্মাভিমানৰ এক অভেদ্য দূৰ্গ ,
আগতেকৈ কিছু কঠোৰ হৈ ।।।-
জপাই থোৱা দুৱাৰ বোৰ
মৃদু বতাহৰ লোভত খিৰিকী বোৰ নেমেলিবা
ঘৃণাৰ তীব্ৰ গোন্ধে
শিপাই যাব পাৰে মোৰ অন্তৰাত্মা ।
কলুষিত এন্ধাৰত
হয়তো মই পাহৰি যাম নিজক ।
যদি নদীৰ দৰে মই বৈ গৈছো
ৰ'দত পুৰি আকৌ মই আকাশমুখী হৈছো
তাৰ পিছত মই এক বিন্দু হৈ পৰিভ্ৰমণ কৰিছো
মহাকাশ আৰু মহাসমূদ্ৰৰ দূৰত্ব
যেন ইয়াতেই মই হেৰুৱাইছো
মোৰ ঐকিক অস্তিত্ব ।
এন্ধাৰক পৰাস্ত কৰি,
পোহৰ হ'ব খুজি মই ৰৈ গৈছো
ৰৈ গৈছো নৈ ৰ দৰে বৈ যাব খুজি
ৰৈ গৈছো মই .............
ৰৈ গৈছো,
শিপা বিচাৰি ।।।-
শীতৰ এলেহুৱা কুঁৱলীৰ আঁৰত
জানুৱাৰীৰ নৱতম সংযোজন নৱবৰ্ষ ।
বাস্তৱৰ মহাসমুদ্ৰত
জীৱন যেন এক বঠাহীন নাও,
বেলীমুখী তথাপিও স্থিতপ্রজ্ঞ ।
শুধবগা নতুন পৃষ্ঠাটি
সম্ভাৱনাৰ এক উৰ্বৰ বক্ষ ।
ভাগি পৰিলেও জীৱনৰ
অসমান আইনা ,
ভাগৰি নপৰাৰ প্ৰতিশ্ৰুতি লৈ ওলাই যাও
গঢ়ো ৰঙীন ৰামধেনুৰ প্ৰতিচ্ছবি
সুখ-দুখ সন্মিলিত জীৱন যেন
এক অসামান্য শিল্প ।।।।-
৩৬৫ দিন পুনৰ একেখন যুঁজত
পৰাজিত......!!
ভাগৰুৱা সাহসে যেন চিঞৰিছে
ভাগ্যই সৰ্ব্বোচ্চ :)-
💕 ....দুখৰ চাপৰিত জীয়াব নোৱাৰো মই ,
ৰান্ধনী বেলিয়ে যে সদায়ে মোলৈ এৰি যায়
কিছু হেঙুলীয়া হাঁহি ছতিয়াই…
"ৰঙাবোৰ লৈ , ক'লা বোৰ সিঁচিবিহি মোৰ বুকুত"
অনুভৱৰ এই বজাৰ মোৰ হৃদয়ত নিষিদ্ধ....
মোক মোৰ দৰে বুজিলেই
ভালপোৱাৰ সপোনবোৰত জীৱন দিম..…
শূণ্যৰ পৰা আকাশলৈ
সাহস হোৱাৰ প্ৰতিশ্ৰুতিৰে 💕-
My heart is too alone.....
I am not that strong
To fight this much of negativity
I can't fight
For two dreams at the same time....
Now....
Far away from the crowd ,
I am trying to build my own land with some peace ...
I am trying to get rid of all the pain.....
And finally i quit this battle of love
To save my last breath , ...
To save my real smile
............
With a unsaid good bye .....
I left your place ......
I need to save myself first ...:)-
কোনো অজুহাত নাই মোৰ
ৰঙবোৰ সামৰি লোৱাৰ।।
ধূলিৰ মাজত মই হেৰায় যাওঁ,
নিজৰ মতেই....
বিষবোৰ আছে,...
আছে উত্তৰহীন প্ৰশ্নৰ এক বৃহৎ বোজ...।।
শূণ্যতাৰ বগাবোৰ আকোৱালি লৈছো....
প্ৰতিটো নিশাহত বিচাৰিছো
ধোঁৱা হৈ উৰি যাওঁক সমস্ত ক্ষোভ.....
উৰি যাওঁক
আত্মাৰ বক্ষ ভেদি
সপোন হৈ...।।
-
অথনিৰ পৰা চাইছো
নাই কতো নাই আকাশৰ ওন্দোলাই থকা মুখ...
তৃষ্ণাতুৰ মাটিত স্পষ্ট দ' ফাট
অনুৰ্বৰ বক্ষ ই অপ্ৰাণ ।
এটোপাল পানীৰ স্পৰ্শ
হয়তো সূৰ্যদেৱৰ প্ৰকোপ , একোটাৰ ঘাম !
এচাতি শীতল বতাহ ,
আস্ ।।। এয়া বৰষুণ ........-
.....বতাহৰ বুকুত
উচুপি উঠা সপোনৰ বাট হৈ ,
আওকাণ কৰি উত্তৰহীন মহাশূণ্যক....,
মই জীৱনাকাশৰ একমাত্ৰ সংগী.…..-