(নিৰিবিলি : এটি নীৰৱ কাহিনী)
এৰা, কিছুমান বস্তুক কেমেৰাত তুলি ৰাখিব নোৱাৰি। চকুতেই সাঁচিব লাগে। সি থাকিও যায় চিৰদিনলৈ। কাৰণ, চকুত যে কেতিয়াও delete optionটো নাই, নাই স্মৃতিটো, নাই প্ৰেমটো।-
দীপশিখা চমুৱা
(দীপশিখা💙)
283 Followers · 90 Following
🔹আকাশৰ নীলাবোৰৰ মাজত শব্দৰ সন্ধানত
মই।💙
🔹সোণোৱালীৰে জিলিকাই তুলিবৰ মন হাবিয়াসৰ
... read more
মই।💙
🔹সোণোৱালীৰে জিলিকাই তুলিবৰ মন হাবিয়াসৰ
... read more
Joined 21 October 2020
17 DEC 2021 AT 23:13
13 DEC 2020 AT 15:36
চানেকিৰ বুটা বচা মধুৰ সম্পৰ্কবোৰ
হৃদয়ৰ প্ৰতিটো কোঠাত
ঠাহ্ খাই আছে অহৰহ।
ঠন ধৰে পলে পলে
পোখা মেলে গভীৰ পৰা গভীৰলৈ।
খামুচি ধৰে এনেকৈয়ে!
এনেকৈয়ে গঢ়ি উঠে
নদীৰ পৰা সাগৰলৈ
সাগৰৰ পৰা আকাশলৈ।
বাঃ ইমান গভীৰ....
ইমান নিবিড়.....
হৃদয়ৰ গভীৰতাত
প্ৰাণ পাই উঠা গভীৰ সম্পৰ্কবোৰে
প্ৰতিজনৰ হৃদয়ত তৰি দিয়ে প্ৰীতিৰ সাঁকো।
আহা আগবাঢ়ো,
তুমি, মই, সকলোৱে.....
উম দিও বুকুৰ মাদকতা
পান কৰোঁ প্ৰেমৰ প্ৰাচুৰ্য্যতা।-
18 JUN 2021 AT 12:00
একপক্ষীয় ভালপোৱাৰ অনুভূতিবোৰৰ মাজত নিজকে হেৰুৱাই লাভ কৰা মাদকতা.....
মৌনতাৰ সূতাৰে গুঠা এই অনুভৱবোৰ যে ৰৈ যায় সংগোপনে বুকুৱে বুকুৱে.....।
-
16 JUN 2021 AT 11:55
অৰ্থহীন কথাই কেতিয়াবা বিষাদ অনুভৱ কৰায়।
আৰু
কেতিয়াবা বাস্তৱিকতাবোৰেও আনন্দৰ বন্যা বোৱায়...। 🦋❤-