Aparna Bhardwaj (আস্থাজিতা)   (Asthajita)
132 Followers · 106 Following

read more
Joined 18 April 2020


read more
Joined 18 April 2020

(এপাহি গোলাপৰ কথাৰে)
নিবিচৰাকৈয়ে জানি গৈছিল কেতেকীজনীয়ে কথাবোৰ | প্ৰেমিক চৰাই এজনীয়ে বৰ আকুলতাৰে কৈ গৈছিল সকলোবোৰ | বিনিময়ত বিচাৰিছিল মাথো তাইৰ বাগিছাৰ তেজৰঙী গোলাপপাহি | বিশ্বাসৰ দলিচাখন তাইৰ বাগিছাত পাৰি, তাইৰ সহায়েৰেই ছিঙিব বিচাৰিছিল সেই ফুলপাহি| তাইও বিনাদ্বিধাই আগবঢ়াই দিছিল সহায়ৰ হাতখন, হয়তো বাধা হ'ব বিচৰা নাছিল চৰাইজনীৰ প্ৰেম পথৰ | কষ্ট হৈছিল যথেষ্ট - কাঁইটৰ খোঁচত ৰাঙলী হৈছিল কেতেকীৰ ডেউকাৰ লগতে হৃদয় | কিয়নো; সেইপাহি গোলাপ যে তাইৰ আটাইতকৈ প্ৰিয় বাগিচাখনৰ | তথাপি ওঁঠত এটি হাঁহি পিন্ধি,বুকুৰ কথা বুকুতে সামৰি,প্ৰিয় গোলাপপাহি হাতত তুলি দিয়াৰ আশ্বাস দিছিল চৰাইজনীক আৰু উৰুঙা হৈ পৰা হৃদয়খন খামুচি তাই ৰৈ গৈছিল সেই ডালতে - কিয়নো অকলশৰীয়া পলবোৰত সেই গোলাপপাহিয়ে আছিল বহুদিন ধৰি তাইৰ লগৰী !!

-



Yourself, because it's the only way of self realization and self development.

-



আশা(Hope)

খৰালি মৰহিব ধৰা ফুলপাহেও কেতিয়াবা অভিমান কৰে ডাৱৰৰ ওপৰত...যদিওবা জানে; বৰষুণ অহাৰ সম্ভাব্য তেনেই ক্ষীন যে এই আকাশত

-



অজস্ৰ ভাৱনাৰ খেলিমেলিত
হেৰাই যাওঁ কোনোবাখিনিত,
নিজ অস্তিত্ব বিচাৰি জুমি চাওঁ
অতীতৰ পৃষ্ঠা খুলি,
পোৱা নোপোৱাৰ হিচাপৰ মাজত
বিচাৰি চলাথ কৰোঁ জীৱনৰ প্ৰকৃত ৰঙখিনি,
নিৰাশাৰ ডাৱৰে আৱৰা দুচকুত আঁকিব বিচাৰো,
ৰঙীন স্বপ্নৰে ভৰপূৰ আদৰৰ কেন্‌ভাছখনি।

-



who never let you do stupid things alone,
criticise you whenever you do something wrong but never leave you alone,
and most importantly he/she stands with you in all circumstances whether it is a day of joy or sorrow.

-



নাজানো ভাৱনাবোৰত হঠাত আউল কেনেকৈ লাগে//
চিনাকি সকলোবোৰো এক মুহূর্তৰ বাবে অচিনাকি হৈ পৰে//
মন মগজুৰ অন্তৰ্দন্দত নিশাবোৰ বাগৰে// জীৱনে মাথো নিজ অস্তিত্ব বিচাৰি হাবাথুৰি খাই ফুৰে!!

-



যদি জীৱনে বাধ্য কৰাই প্ৰিয় বুলি ভবা পুথিখনৰ প্ৰতিটো পৃষ্ঠাক পাহৰিবলৈ,
সযতনে সাঁচি ৰখা চৰিত্ৰবোৰক একাষৰীয়া কৰিবলৈ,
জীৱনৰ ধুমুহাবোৰত উৎসাহ দিয়া প্ৰতিটো শব্দ ওফৰাই পেলাবলৈ,
পাৰেনে বাৰু সেই জীৱনে পুনৰ এখন নতুন কিতাপৰ সন্ধানত আগবাঢ়িবলৈ?
পাৰেনে বাৰু অজস্ৰ স্বপ্ন সমাধিস্থ হোৱা হৃদয়ৰ উদং পথাৰত পুনৰ প্ৰতিটো চৰিত্ৰৰ প্ৰতি থকা ভালপোৱাৰ কঠিয়া সিঁচিবলৈ?
সমাধিস্থ স্বপ্নৰ ৰাজ্যত পাৰেনে বাৰু পুনৰাই চৰিত্ৰবোৰেৰে কাৰেংঘৰ সাজিবলৈ??

-



মনৰ অনুভূতি দেউতালৈ বুলি....

দুহাতেৰে তেওঁৰ আঙুলিত খামুচি
আগবঢ়াইছিলো জীৱনৰ প্ৰথম খোজটি !
ৰঙীন পৃথিৱীৰ প্ৰতিটো ৰং
তেওঁৰ সান্নিধ্যতেই পাইছিলো চিনি !
মোৰ সপোনবোৰে ধীৰে ধীৰে পোখা মেলি
তেওঁৰ ছায়াতেই লয় জিৰনি !

আজিও প্ৰতিটো কাঁইটীয়া বাটত
কাষত পাওঁ তেওঁৰ যোগাত্মক সহাঁৰি !
মোৰ সফলতাবোৰত তেওঁ বিচাৰি পাই
নিজ শ্ৰমৰ স্বীকৃতি !
এজোপা বটবৃক্ষৰ দৰে
থাকে চিৰদিন নিজ ছত্ৰছাঁয়াৰে আৱৰি।।

-



Unhe aapne jiban ke raho mai




Yeh ki raho par chalne se pehle hi
Woh dur chale gaye
sada k liye.

-



মৌনতাবোৰ তেওঁৰ প্ৰিয় নাছিল,প্ৰিয় আছিল আপুনি আৰু আপোনাৰ কাহানিও শেষ নোহোৱা কথাবোৰ।।কিন্তু নিৰ্জন নিশাটিত আপুনি তৰাৰ দেশলৈ ঢাপলি মেলা ক্ষণ ধৰি, তেওঁৰ সহবাস কেৱল মৌনতাৰ লগত।।

অপেক্ষা ,
আকৌ প্ৰিয়জনৰ সতে অনৰ্গল বাৰ্তালাপৰ!!

-


Fetching Aparna Bhardwaj (আস্থাজিতা) Quotes