কেতিয়াবা মনে বিচাৰে
নোপোৱাবোৰ পাবলৈ,
সুখৰ সময়বোৰ ৰৈ যাওঁক
হেৰাই নোযোৱাকৈ 😊-
: "কিয় নাথাকিব ?"
:"উহো নাই, সেই অধিকাৰ তুমি সেই দিনাই কাঢ়ি নিলা যি দিনাই তুমি আনৰ হৈ গ'লা।"
:"এতিয়া মই তোমাক কোনো দিনেই কোনো কাৰণত ক্ষমা কৰিব নোৱাৰিম।"
: "মাথো, এটি অনুৰোধ কৰিম , আৰু কোনো দিন ক্ষমা বিচাৰি নাহিবা মোৰ কাষলৈ।"
-
হুমুনিয়াহ.........
............................
তাইৰ কাষেৰে পাৰ হৈ যোৱা ধুনীয়া কাপোৰ পিন্ধা ধুনীয়া মানুহ গৰাকী লৈ তাই বহু সময় ৰ লাগি চাই ৰ'ল। তাৰপিছত নিজৰ দৃষ্টি নমাই আনি তাই পিন্ধি থকা উৱলি যোৱা চাদৰখন এবাৰ চুই চালে। আপোনা-আপুনি এটি হুমুনিয়াহ সৰি পৰিল অজানিতেই।-
আজি বহুত দিন হ'ল তোমাক নেদেখা।মই নাজানো তোমাৰ ঠিকনা,জানো মাথো সুখৰ লগত তোমাৰ নিবিড় সমন্ধ।তথাপি বিচাৰো দুখৰ লগতো আহিবা চোন কেতিয়াবা।মোৰ শেঁতা পৰা ওঁঠতে জিলিকাই লম তোমাক মৰমেৰে।তুমিতো নাজানা তোমাৰ প্ৰতি থকা মোৰ প্ৰেমৰ গভীৰতা।প্ৰতিটো পল বিচাৰো তোমাৰ সৈতে কটাব। তোমাক জিলিকাই ৰাখিব মোৰ মনৰ মাজত। কিয় বাৰু অভিমান কৰি হেৰাই যোৱা মোৰ পৰা এনেকৈ।
ঐ জানানে,যাৰ দিবলৈ একো নাই তাৰেই তোমাক আটাইতকৈ বেছি প্ৰয়োজন।অভিমান সামৰি আহিবাচোন এবাৰ আকৌ মিলিজুলি এটি নতুন সপোন আঁকিম।
-
প্ৰাপ্তি অপ্ৰাপ্তিৰ মাজেৰে
নতুন নতুন সপোন আঁকি
আশাবোৰ বুকুত সামৰি।
কেতিয়াবা কল্পনাৰ সাগৰত সাঁতুৰি,
সুখবোৰ বুটলিছো। দুখ ,যন্ত্ৰণাৰ
চকুলো মুছি হাঁহিৰে সজাব বিচাৰিছো
জীৱনৰ প্ৰতিটো পল।
-
উকা কাগজৰ পৃষ্ঠা ভৰাই নীলা চিঞাহীৰে জীৱনৰ কিছুমান অব্যক্ত ব্যাথা।
-
নিতৌ ফুলে এপাহি
প্ৰাপ্তিৰ আশাৰ ফুল।
আলফুলকৈ চুই চাওঁ মই
হেঁপাহ পলোৱাই।
-
খোজ দিয়া তুমি আগলৈ
পোহৰ বিচাৰি ,থমকি নৰবা আন্ধাৰ দেখি
আন্ধাৰে বাট এৰিব পোহৰ দেখি।
তোমাৰ সৃষ্টিৰে ,তোমাৰ দৃষ্টিৰে
সিঁচি দিয়া তোমাৰ শক্তিৰে
নতুনত্বৰ বীজ খিনি।
ৰূপান্তৰ হওঁক নতুনৰ দিশে ধৰা খনি।
খোজ দিয়া তুমি আগলৈ
হাজাৰ বাধা কো নেউচি ।
খোজ দিয়া তুমি আগলৈ
য'ত অপেক্ষা এটি সপোনৰ
তোমালৈ।
অৰ্চনা দত্ত শইকীয়া।
-
ভৰি পৰিছিল অব্যক্ত অনুভৱেৰে
সেই দিনা কল্পনাৰ শুকুলা ঘোৰাত উঠি
আগুৱাইছিলো বহু দূৰ.......
এবাৰ নীলাকাশ স্পৰ্শ কৰাৰ মানসেৰে।
-