শেষৰাতি মোলৈ
এন্ধাৰৰ সকিয়নী-----
"সন্মুখত পোহৰ,
চকুপানীবোৰ মচি লোৱাই ভাল ..."-
এইয়া সন্মুখত মৃত্যু..
মাত্ৰ দুটামান বন্ধ উশাহৰ পিছতেই
ঘোষণা কৰা হ'ব ,
"তাই মৃত "-
অন্ধকাৰত বহু কবিতাৰ সৃষ্টি হয়...
তাৰেই অধিকাংশৰ মৃত্যু পোহৰত হয় .....
এইয়া মৃত কবিতাৰ জীয়া কবিগৰাকীৰ
এক ব্যক্তিগত ধাৰণা ✨
-
এখন উকা কাগজ
আৰু চিয়াহীভৰ্তি কেবাটাও কলমৰ সৈতে
মইজনী অস্থিৰতাৰ কবলত...
( এক বিশেষ পীড়া )
শব্দই হেনো সংগ নিদিয়ে !!!!
কবিসকললৈ প্ৰশ্ন....!!
"আৰু কিমান বেছি
অদম্য উন্মাদনাৰ প্ৰয়োজন হব
অনুভূতিবোৰ বাক্যৰ ৰূপ লবলৈ......??"-
আপত্তি নহয়,
তুলনাহে কৰিব পাৰিবা নিজকে
চিগাৰেটৰ লগত...
কাৰণ
ধোৱাখিনিও সিমানেই প্ৰিয়,
যিমান তুমি...-
অন্য ভূষণ নালাগে মোক....
তুমি
এপাহ গুজি দিবা,
আত্মহাৰা হ'ম...
তুমি
হহুৱাই তুলিবা,
হাঁহিৰেই অলংকৃত হম...-
মই বেশ্যা...
মই লাঞ্ছিতা...
ময়েই অভাৱ ,কৰ্তব্যৰ ভাৰবাহী কামৰতা...!!!!
দিপ্তীৰ কলঙ্কিনী ,তমসাৰ উন্মাদিনী মই
সমাজৰ বদনামী নিলাজী মই...//
অশ্লীল ইংগিতৰ ছলনাময়ী মই...
পিশাচ পুুৰুষ একাংশৰ ক'লা হাঁহিৰ উৎস মই..
সতীত্বহীন দেহেৰে উপদ্ৰুত মই...
বেশ্যালিৰে ক্ষুধা নিবাৰণৰ উপায় মই...
কাৰণ মই বেশ্যা.....
মই ব্যভিচাৰিতা......
কিন্তু মই.....( )
-
এইয়া দ্বিতীয়খন .....
আকৌ এবাৰ নাকচ কৰা
মোৰ প্ৰেমৰ প্ৰস্তাৱ !!!!
অৱহেলিত মইজনীয়ে
তৃতীয়বাৰৰ বাবে লিখিম
মনৰ কথাবোৰ উকা পৃষ্ঠাত....
# #একপক্ষীয় প্ৰেম-
এই যে ভাললগাবোৰ ,,,,,
ভালপোৱালৈ সলনি হল //
বন্ধুত্বৰ পৰা প্ৰেমলৈ
মই তুমি ৰ পৰা আমি লৈ...
বহুখিনি সলনি হল.....-