💝 তুমি 💝
বৰষুণ জাক আকৌ আহিছে,
লগত লৈ আহিছে এজাক বতাহ..
মোৰ পিছে ভয় লগা নাই..
কাৰণ বৰষুণৰ আন এটা নাম তুমি,
তুমিটো মোৰ আপোন,
মোৰ হৃদয়ত ফুলি থকা
এপাহ গোলাপ,
মোৰ শৰীৰত প্ৰবাহিত
প্ৰতিটো তেজৰ টোপাল তুমি..
সেয়ে বৰষুণ জাকলৈ ভয়
লগা নাই মোৰ...
তোমাৰ পৰা জানো
ভয় লাগিছে বুলি আতৰি আহিব পাৰিম মই..
তুমিটো মোৰ আপোন...
মোৰ বুকুত তোমাক সদায়
সযতনে ৰাখিছো জীয়াই...
-Barasha moni Devi-
ভালপোৱা।।
পৃথিৱীৰ আটাইতকৈ সুন্দৰ অনুভৱ।
যিজন বা যিগৰাকীৰ নামত তুমি তোমাৰ সমস্ত সুখ-আনন্দ, শান্তি উছৰ্গা কৰি বিনিময়ত তেওঁৰ সমস্ত বিষাদ-বেদনাক নিজৰ সৈতে সাঙুৰি লবলৈ অকণো কুন্ঠাবোধ নকৰা, সেইয়াই ভালপোৱা. ...-
॥তুমি॥
তুমি আকাশৰ ঠিকনা...
তুমি বতাহত উৰি ফুৰা মতলিয়া
ফাগুনী তুলা..!!
তুমি ফাগুনৰ ৰঙা পলাশ,,
গোন্ধবিহীন মদাৰৰ অজান ঠিকনা..
তুমি বসন্তৰ গাভৰু পাত
বেদনাবিহীন সৰাপাতৰ ঠিকনা।
তুমি অজান কবিৰ অজান লিখনী..
ৰহস্যময়ী মায়াবিনী,,
তুমি আকাশৰ আকাশীতৰা..
বতাহৰ ৰঙীন পখিলা,
তুমি...তুমি সকলো।
তুমি সকলোৰে চকুত জিলিকি উঠা,,
এক মায়াসনা চাৱনী..
তুমি সৌ দুৰ আকাশৰ
নীলা-নীলিমাৰ জোনালী,,
তুমি হৃদয়ৰ অনুভৱী...
সপ্তসুৰৰ ৰাগিনী।-
তুমি মোৰ জোন, মনৰে দপোন !
তুমি মোৰ সোন, কলিজাৰ আপোন !
আকলুৱা মনটোক সহাৰি জনাই যোৱা,
নজানানে তুমি মোৰ কোন ?-
ভাঙি শেষ হৈ যোৱা হৃদয় খনেও ,
মিচিকিয়াই হাঁহি এটা মাৰে ,
যেতিয়াই মনলৈ তোমাৰ কথা আহে,
আনফালে উকা জীৱনটোও ৰৈ আছে ,
তুমি আহিলে তোমাৰ প্ৰেমত ৰঙীন হোৱাৰ আশাত ,
শব্দৰে কেনেকৈ প্ৰকাশ কৰিম তুমিয়ে কোৱা ,
মই নিজে বুজি পোৱা নাই ,
গতিকে তুমিনো কেনেকৈ বিশ্বাস কৰিবা ,
কিমান যে পুৰণি কথা ,
বিদ্যালয় পাৰ হৈ মহাবিদ্যালয়ৰ পালো আহি ,
কিন্তু মনৰ কথা মনতে আছে ,
মই পিছে চেষ্টা নকৰা নহয়,
বহু বাৰেই কৰিছোঁ , কিন্তু
তোমাৰ সহাঁৰি এ নাছিল ,
না সময়ে সুযোগ দিছিল ,
সেয়ে মইও পিছুৱাই আহিব বাধ্য হৈছিলো,
মোক ও পিছে লাজ আৰু ভয়ে,
আমনি নকৰা নহয় , আৰু
অতীতৰ যি প্ৰশ্ন !
এনেই ভয়াতুৰ , গতিকে বুজিছাএ ,
তথাপিও ,
জীৱন আছে মানে সপোন আছে ,
সপোন আছে মানে তুমি আছা ,
সেয়ে ৰৈ আছো তোমাৰ অপেক্ষাত ,
তোমাৰ হোৱাৰ আশাত ।। @প্ৰায়স-
এইজাক প্ৰেমৰ বৰষুণ
ইয়াৰ প্ৰতিটো টোপালত আছে
প্ৰেমৰ স্পন্দন..
প্ৰেমিক যুগলক ৰোমাঞ্চিত কৰিব পৰা
এক শিহৰণ,
ইয়াৰ প্ৰতিটো টোপে টোপে আছে
ভালপোৱাৰ এক অন্তহীন সংগ্ৰাম ...
" আহিবা কেতিয়াবা এইজাক
বৰষুণত তিতিম একেলগে
য'ত মাথোঁ থাকিবা
তুমি আৰু মই"
-
সীমাহীন প্ৰেম মোৰ
কেনেকৈ লিখো বাৰু তোমাৰ নামত
ছন্দোবদ্ধ কবিতা।
সেয়ে এবাৰলে মোৰ কবিতাৰ শিৰোনামা হৈ চোৱা না
মুক্তক ছন্দৰে বৰ্ণাই যাম
তোমাৰ প্ৰতি থকা মোৰ প্ৰেমৰ গভীৰতা।
-
আজি ওঁ ইয়াত বৰষুণ দিছে।
তোমাৰ মনত আছেনে?
আমি যিদিনা প্ৰথম চিনাকি হৈছিলোঁ
সেইদিনা ওঁ এনেকুৱাই বৰষুণ দি আছিল।
ভালপোৱাৰ প্ৰথম বৰষুণ জাকত
তিতি তিতি মই তোমাক সুধিছিলোঁ
মাটিৰ পৰা ওলোৱা প্ৰথম বৰষুণৰ
ফুৰফুৰীয়া সুভাষ পাইছানে?
তুমি দীঘলকৈ উশাহ লৈ হাঁহি
দিছিলা।
আৰু তোমাৰ হাঁহিত আকৌ এবাৰ
মই তোমাৰ প্ৰেমত পৰিছিলোঁ।-
সময়ৰ দলিল গলি গলি যায়।
শৰবিদ্ধ কথাবোৰে হিয়াখন ফালি নেফানেফ কৰে।
আজলী তাই,
নাজানে কিমান প্ৰগলভ হলে,
ভালপোৱা ইমান বিষাক্ত হব পাৰে।
আত্মিক পৰিধিৰ বহিৰ্ভূত অংশ তাইৰ ধাৰণাৰ বহু নিলগত।
জাৰজ প্ৰেমৰ বিষাক্ততাৰ কুসুম কামিনী
নাই তাইৰ ওচৰত।
পয়ালগা অনুভৱ তাইৰ।
কিছুমান কথা ৰৈ যায়।
বৈ যায়।
মৃগনাভিৰ সুগন্ধি বিচাৰি বাউলি হয়।
মহাজাগতিক মাধ্যাকৰ্ষনে টানি নি বান্ধি থয় তাইক।
আজীৱন।-
ভালপোৱা !!
কাৰোবাৰ বাবে জীৱন গঢ়াৰ উৎস..
কাৰোবাৰ বাবে জীৱন ধব্বংসৰ উৎস..।
-