কেতিয়াবা আকৌ লগ পাম তোমাক,
কোনোবা এটা অচিনাকি পথত,
চিনাকি হাঁহি টোৰ সৈতে,
নাজানো,
সেই সময়ত
তোমাক মাত এষাৰ লগাবলৈ,
মোৰ সাহস থাকিবনে নাই,
কিন্তু,
চেষ্টা কৰিম,
ডেউকা মেলি উৰি যোৱা,
সময় বোৰক,
কিছু ক্ষণৰ কাৰণে হ'লেও,
ধৰি ৰাখিবলৈ,
কেৱল মাত্ৰ,
তোমাক এবাৰ কাষৰ পৰা,
চোৱাৰ আশাত ।।-
কিছুমান সম্পৰ্কই সম্পূৰ্ণতা লাভ নকৰে যদিও ৰৈ যায় মনৰ সাঁচি পাতত চিৰ যুগমীয়া হৈ 🌼❤️
-
শৰৎ বুলিলে মনলৈ আহে,
তাহানিৰ সেই ভাল লগা দিনবোৰলৈ,
মাৰ সৈতে ৰাতিপুৱাই শেৱালী বুটলা,
দেউতাৰ সৈতে নৈৰ পাৰৰ,
কহুৱা বনবোৰ চাবলৈ যোৱা,
আৰু মনলৈ আহে,
পূজালৈ বুলি,
এজোৰ নতুন কাপোৰ পোৱাৰ আনন্দ,
আৰু যে কিমান কি,
সেয়ে শৰৎ মোৰ প্ৰিয়
প্ৰিয় মোৰ,
শৰৎ এ দি যোৱা ভাল লগা স্মৃতি বোৰ ।।-
এয়া তোমাৰ ভয় নহয়,
ভ্ৰম হে,
একো আৰাম্ভ নোহোৱাকৈয়ে,
তুমি কথাই প্ৰতি,
বাৰে বাৰে সকলো শেষ হোৱাৰ কথা কৈ আছা,
তুমি অলপ অপেক্ষা কৰা,
ভাল কিবা এটা কৰিম বুলি ভাবি থাকোঁতেই,
বহু কেইটা ভূল কৰিছোঁ এ,
সেয়ে মোৰ আকৌ,
অতীতক নিমন্ত্ৰণ দিয়াৰ ইচ্ছা নাই,
আৰু কাৰোবাৰ আৱেগৰ সৈতে খেলাৰ,
যি সাহস ,
সেয়া মই কেতিয়াবা এ হেৰাই পেলাইছো,
সেয়ে তুমি ,
মোৰ ওপৰত বিশ্বাস ৰাখা,
মই তোমাৰেই,
মাথোঁ সময়বোৰ সুস্থ হোৱাৰ অপেক্ষা ।।
-
কথাটো মিচা নহয়,
এটা সময়ত তোমাৰ বৰ প্ৰয়োজন আছিল,
প্ৰথম অৱস্থাত টো মোৰ,
বিশ্বাসেই হোৱা নাছিলোঁ,
তোমাৰ অনুপস্থিতিৰ বাবে,
জীৱনটো ও প্ৰায় খেলি মেলি হৈ পৰিছিল,
সেয়ে,
ভগৱানকো বহু বাৰ ভিক্ষা খুজিছিলো ,
তোমাক আকৌ এবাৰ পোৱাৰ আশাত,
কিন্তু সময় লগে লগে,
এতিয়া যেন প্ৰায় খিনিয়ে সলনি হৈছে ,
কিয় নাজানো কিন্তু,
তোমাৰ প্ৰয়োজন বোৰেই নোহোৱা হৈ আহিৱ ধৰিছে ,
আচলতে অভাৱ বোৰ আগৰ দৰেই আছে,
হয়টো সমস্যা বোৰ ও বাঢ়িছে,
কিন্তু শিকিছো,
অকলশৰীয়া কৈ জীয়াই থাকিব লৈ,
নিসংগতাৰ মাজত,
প্ৰিয় জনৰ অনুপস্থিতিত,
নিজৰ প্ৰিয় কামবোৰ কৰিবলৈ,
জীৱনৰ প্ৰকৃত সংগ্ৰাম কৰিব,
সেয়ে চাগে সময় পাৰ হোৱাৰ লগে লগে ,
তোমাৰ উপস্থিতিয়ে মোক ,
বাৰুকৈয়ে আমনি হে কৰিব ধৰিছে ll
@প্ৰয়াস-
এই যে,
আনে বেয়া বুলি কোৱা,
ল'ৰা জনক বেয়া পোৱা,
সময় উলিয়াই,
এবাৰ কথা পাতি চাবাচোন,
কি ঠিক, তাৰ ভূলবোৰ,
পৰিস্থিতিৰ বাবে হে হৈছে,
বা তাৰ চঞ্চলতা বোৰক,
মানুহে চৰিত্ৰ বেয়াৰ নাম দিছে,
তুমিটো নাজানা, সঁচা কি?
সেয়ে তাক সুধিবা,তাৰ পিছত,
চাগে তোমাৰ ধাৰণা ভূলেই হয়,
যদি তাৰ বেয়া বোৰৰ মাজত,
ভালবোৰ তোমাৰ প্ৰিয় হয়?
তাক এবাৰ সুধি চাবাচোন,
হয়টো আনৰ দৃষ্টিত বেয়া ল'ৰা জনক,
জনাৰ পিছত, বুজাৰ পিছত,
তোমাৰ প্ৰিয় মানুহজন হৈ পৰে,
কি ঠিক ?
সেয়ে এবাৰ কথা পাতি চাবাচোন ।।-
শব্দৰে প্ৰকাশ কৰিব নোৱাৰা,
প্ৰতিটো প্ৰশ্নৰ শুদ্ধ উত্তৰ ,
সময়ে সুযোগ বুজি দি যায় 💕-
♡Instagram ৰ তুমি ♡
তুমি,
Instagram ৰ হাজাৰ জনৰ মাজত,
মোৰ প্ৰিয় জন,
যাৰ profile টো দিনটো,
কিমান বাৰ যে চোৱা যায় ,
তাৰ হিচাপেই নাই,
কিন্তু আজিলৈকে like বা comment কৰাৰ ,
সাহস হোৱা নাই ,
তথাপিও,
ফটোবোৰ screen shot মাৰি ৰখাটো,
comments বোৰ পঢ়ি চোৱাটো,
মোৰ অভ্যাস ,
নাজনো কিয়, কিন্তু ভাল লগে ,
তোমাক , তোমাৰ প্ৰতিটো বস্তু,
সেয়ে চাগে একপক্ষীয় ভাৱেই,
তুমি গম নোপোৱাকৈ ,
বহু খিনিয়েই আগুৱাই গৈছো,
তোমাৰ প্ৰেমত পাগল হৈ,
তোমাক পোৱাৰ হেঁপাহত ।।-