Pallabi Das   (✍️পল্লৱী দাস)
380 Followers · 100 Following

read more
Joined 21 October 2019


read more
Joined 21 October 2019
9 NOV 2023 AT 9:37

वही दिल के बहुत करीब था

-


25 JAN 2022 AT 21:49



যদি মই কেতিয়াবা গুছি যাওঁ‌
তোমাৰ পৰা বহু দূৰলৈ
য'ৰ পৰা উভতি অহাৰ নাম নাথাকিব।
আহিবানে তুমি মোৰ সান্নিধ্য বিচাৰি
নিজম আকাশৰ জোনাকী ৰাতি?

-


25 JAN 2022 AT 20:15

-✍️কংকণ বৰ্মন

-


23 JAN 2022 AT 21:18

যেতিয়ালৈ তোমাৰ হৃদয়ত মই থাকিম
তেতিয়ালৈ মোৰ দুইওঁ‌ঠত
হাঁহি এটি ওলমি থাকিব;
এটি ধুনীয়া হাঁহি।
কাৰণ,
মোৰ এই হাঁহিৰ আঁ‌ৰত তুমি!
মোৰ এই হাঁহিৰ উৎস তুমি!

-


3 JUL 2020 AT 12:26

অন্তিম দেখা(last seen)নেদেখা কৰি
থোৱাৰ বাবে.....
তেওঁ হেঁ‌নো মোৰ লগত সম্পৰ্ক ছেদ কৰে....☹️
মইয়ো কৈছোঁ‌ থিক আছে কৰা...☺️
মই লিখি থম নীলা চিয়াঁহীৰে,
সোণালী আখৰেৰে,
শুকুলা দস্তাবেজত.....😆
ডাঙৰ ডাঙৰ কৈ তোমাৰ-মোৰ
প্ৰেমৰ বিচ্ছেদৰ কাৰণ......😂
শুকুলা দস্তাবেজত নীলা হৈ
জিলিকি থাকিব অনন্ত কাললৈ...🤣
তোমাৰ-মোৰ আধৰুৱা প্ৰেমৰ ইতিহাস...😜

-


3 JAN 2022 AT 3:15

এই যে,
ভুল নথকা স্বত্ত্বেও তুমি "sorry" কোৱা
পৃথিৱীৰ সমস্ত সুখ অনুভৱ কৰোঁ‌।
ভুল বুলি মইয়ো মানি লওঁ‌ গুপুটে
অথচ,মুখেৰে ব্যক্ত নকৰোঁ‌।
কিয়নো,
নজনাকৈয়ে এটি আবেগৰ জন্ম হয়।
উফ্! ইমান ভালপোৱা তুমি মোক!
মন যায় মোৰ সমস্ত ভালপোৱা
তোমাৰ নামত উজাৰি দিবলৈ।
লাজৰ ওৰণিখন গুছাই
মন যায় দুহাতেৰে সাৱতি
তোমাক মৰম কৰিবলৈ।

-


3 JAN 2022 AT 2:10

শুনিচোঁ‌,
প্ৰেমে দুচকুৰ টোপনি হৰে;
দোভাগ ৰাতি যেতিয়া পৃথিৱী শুই পৰে!
তেতিয়া আৰম্ভ হয় প্ৰেমিক-প্ৰেমিকাৰ হৃদয়ৰ কথা
দুখন হৃদয় এখন হোৱাৰ গোপন কথা।

কেতিয়াবা তুমি উজাগৰি নিশা কটাই পাইছা?
যদি পোৱা নাই কিহৰ তুমি প্ৰেমত পৰিছা!
নিশাৰ গভীৰতাত হেৰাই যাব যদি মন যোৱা নাই।
যদি নিশাৰ স্তব্ধতাত মোৰ কথাই
তোমাক কেতিয়াওঁ‌ আমনি কৰা নাই।
কিহৰ তুমি প্ৰেমত পৰিছা?
কোৱা,কিহৰ তুমি প্ৰেমত পৰিছা?

যিদিনা নিশাবোৰ তোমাৰ হ'ব;
ভাৱনাত মই থাকিম।
উজাগৰে তুমি থাকিবা;
দুচকুত মই থাকিম।
নিশা গভীৰ হ'ব, পৃথিৱী শুই পৰিব।
সাৰে থাকিবা তুমি আৰু কথাবোৰ মোৰ হ'ব।
সেইদিনা নিসন্দেহে কম;
হয়,তুমি প্ৰেমত পৰিছা মোৰ প্ৰেমত।

-


30 DEC 2021 AT 12:02

নাজানোঁ‌ তুমি কিমান মৰম দিলে
মোৰ হৃদয় ভৰিব!!
কিয়নো,তুমি যিমানে মৰম দিবা
সিমানে মোৰ বাবে ক'ম হৈ ৰ'ব।।
কেৱল মৰমবোৰ বাঢ়ি যোৱাৰ স্বাৰ্থত!!
মই অভিমান কৰিম,ঠেহ পাতিম,
তুমি মোক মৰমে নকৰা বুলি।
বিনিময়ত বাঢ়ি অহা মৰমবোৰৰ আকৌ শিপা গজিব।
তথাপি মই কম,
তুমি মোক ভাল নোপোৱা,মৰম নকৰা!!
কেৱল মৰমবোৰ বাঢ়ি যোৱাৰ স্বাৰ্থত।।

-


24 DEC 2021 AT 20:02

এই যে,,
তুমি মোক বাৰে বাৰে কোৱা
বহুত ভালপাওঁ‌ তোমাক।।

নক'বা,কাৰণ বহুতৰ পিছতো
কিমান বহুত বুলি প্ৰশ্ন এটা মনতে আকৌ উঠিব।।

আৰু শুনা,,
নালাগে ক'বলৈ তুমি মোক কিমান ভালপোৱা!!
মই জানিব নিবিচাৰোঁ‌।।
কিয়নো,মই তোমাক ভালপাওঁ‌!!
আৰু ভালপোৱাই ভালপোৱাজনৰ ঠিকনা নিবিচাৰে।।
মাথোঁ ভালপাব জানে!!
কেৱল ভালপোৱাৰ স্বাৰ্থত।।

-


22 OCT 2021 AT 13:00

জীৱনটো যদি এখিলা বগা কাগজ হয়!
হৃদয়খন যদি এখিলা উকা কাগজ হয়!
কি লিখিবা তাত?
লিখিবানে আমাৰ প্ৰেমৰ মধুৰ কাহিনী?
আঁ‌কিবা নে তাত আমাৰ ভালপোৱাৰ ৰঙীন ছবি?
সিঁচি দিবানে ভালপোৱাৰ এমুঠি নীলা ৰং?
কোৱা চোন,
কি সপোন আঁ‌কিবা তাত?
আঁ‌কিবানে দুয়ো মিলি দেখা সপোনবোৰ?
যি সপোনে আমাৰ দিঠক ৰচিব;
পূৰ্ণ হ'ব আমাৰ মৰম-ভালপোৱাবোৰ।

-


Fetching Pallabi Das Quotes