নিজৰ মাজত হেৰাই যোৱাবাৰ তোমাৰ মাজত বিচাৰি পোৱাইতো ভালপোৱা।
-
অভিমানে বুকুৰ মোহনাত ভৰ কৰি বহিছে।
যেন গলি যাব লুইতৰ বুকুত,
লৈ যাব অসীমলৈ, অনন্তলৈ---
তাতেই কৰবাত লগ পাম তোমাক---
তুমি যে আজিকালি লুইতৰ বুকুত ঘৰ সাজিছা---
মোৰ দুচকুৰ অজস্ৰ সপোনে মোক আজি হাত বাউল দি মাতিছে----
তোমাৰ ওচৰলৈ---
মাজুলীৰ পৰা লুইতৰ বুকুলৈ।
-
সপোনবোৰ হাতেৰে ঢুকি পোৱা হব লাগে। জীৱন জিয়াবলৈ সহজ হৈ পৰে। আৰু যেতিয়া জীৱন সহজ হয়, চাৰিওকাষে সন্তুষ্টি ভৰি থাকে।পোৱা নোপোৱাৰ হিচাপ ৰাখিব চেষ্টা কৰিলে মানুহ জানো সুখী হব পাৰে??আৰু সুখী হবলৈ সন্তোষিত মন এটা থকাটো অতি জৰুৰী। জীৱনৰ ৰংবোৰ বিলাই দিলেহে ৰঙীন হব। মাজে সময়ে নিজকে নিজে চুই চাব লাগে। বিশ্বাস দৃঢ় হয়। হাঁহিবোৰ সঁচা হলে আমি পাতল হৈ উৰি থাকিব পাৰোঁ। উৰি উৰি গুচি যাব পাৰো যলৈকে মন তালৈকে।
আজি মোৰ অপৰাজিতাই নীলা হাঁহি মাৰিছে। মোৰ নীলা সপোনটো মই চুই চাইছোঁ। ইমান সন্তুষ্টি জীৱনত। জীৱনটো ইমান সহজ।
ফুল টাবতেই ফুলক বা পথাৰতেই, আকাশতো এখনেই।।।।।।-
ভালপালে তোমাক ভালপাওঁ বুলি নকলেও হয়।
শব্দবোৰৰ প্ৰতিফলন দুচকুতেইতো থাকে।
এইযে ধক কৈ বাজি উঠে বুকুখন,
তোমাৰ মাতটো শুনিলেই,
সেইয়াইতো ভালপোৱা।
-
তোমাৰ পদূলিয়েদি দৌৰি দৌৰি পলাইছিলোঁ,
তুমি আগছি ধৰি মোৰ গালে মুখে আবিৰ সানিছিলা।
এটি এজাৰফুলীয়া সপোনে বগুৱা বাই আহিছিল বুকুৰ ভিতৰেৰে।
এটি এটি উশাহ সৰিছিল তোমাৰ আৰু মোৰ।
তোমাৰ দুচকুত মোৰ মনৰ গণিতৰ সমাধান বিচাৰি পাইছিলোঁ মই।
সেই সময়কণ বৰ আপুৰুগীয়া মোৰ।
আজিও যে তাতেই আছোঁ মই।
তুমিতো গুচি গলা
কাহানিও উভতি নহাকৈ।
তুমিহীন উশাহ বোৰ বৰ উষ্ণ।
মোক জ্বলাই নিব পৰাকৈ।
কিন্তু কি জানা.......
মই জ্বলি ভালপাওঁ।
কিজানি জ্বলি জ্বলিয়েই আজি মই প্ৰজ্জ্বলিতা।
তোমাৰ প্ৰজ্জ্বলিতা।-
স্পৰ্শ দেহাতীত।
স্পৰ্শ আত্মিক।
মই আয়তন বঢ়া আত্মাৰ গৰাকী।
আৰু তুমি, তুমিতো আত্মা চুব নোৱাৰা মানুহ;
উৰুখা, উখহা মৰুভূমি যেন বুকুখনত পানীও মই নিজেই ঢালো।
ৰিক্ত যদিও সিক্ত হওঁ।
উশাহ লওঁ।-
দেৱবন্যা মই।
দুহাতেৰে বুকুৰ চাৰিওকাষে
ইকৰাৰ বেৰ সাজিছোঁ।
ফাগুনৰ গুঞ্জন ইফালে সিফালে।
ঠিক এইখিনিৰ পৰাই তেওঁৰ বুকুৰ পাহাৰটো দেখা পাওঁ মই।
সেয়ে মোৰ কলিজাৰ সমাধিও ইয়াতেই।-
অহল্যা
তুমি আৰু মই এক হোৱাৰ পাছতো মই অহল্যা।
মোৰ শৰীৰৰ মাথোঁ ওপৰৰ ছালচটা চুব পৰা তুমি।
ভিতৰৰ ভাগ চুই চাব নোৱাৰাকৈ তুমি বৰ নিঃকিন ।
ওঁঠত লিপষ্টিক, চকুত কাজল নোলোৱাকৈ থাকি ভাল লাগে মোৰ।
মোৰ মই হৈ ভাল লাগে।
দুচকুৰ দুৱাৰখন খোলা থাকে বাবেই হয়তো।।।
আজি হঠাৎ তেওঁক লগ পালোঁ।
চকুৰে মোৰ ভিতৰভাগ দেখা পালে তেওঁ।
চুই চালে কলিজাটো মোৰ।
মই সাৰ পালোঁ।
অ, মই ঋষি গৌতমৰ পত্নী,
কিন্তু মোৰ প্ৰিয় পুৰুষ ৰাম।
মই অহল্যা।
-
আছে আছে। এখন মুকলি আকাশ আছে। তেওঁৰ বুকুৰ ভিতৰতেই আছে এইখন আকাশ। এইখন আকাশৰ তলতেই মই মোক চুই চাব পাৰোঁ। এইখন আকাশৰ তলৰ বতাহজাকৰ দিশ মই সলনি কৰিব নোৱাৰোঁ। বতাহজাকে মোক এনেই উৰুৱাই লৈ যায়। মই উৰি যাওঁ।চুই চাওঁ আকাশখন।
-
তোমাক ভালপোৱাটো মোৰ অভিমান
যেনেদৰে মোক ভালপোৱাটো তোমাৰ স্বাভিমান।-