সুবাস ক'ত ৰৈ যায়..?
কোনে জানে।
প্ৰতিটো কথা সামৰাৰ যি চেষ্টা,
তাতেইটো হৃদয়খন চহকী হৈ উঠে।।-
এতিয়া শব্দবোৰেই তুমি ,
সেয়েতু তুমি তুমি ল'গা প্ৰতিটো শব্দকেই জীৱনে সামৰিবলৈ ধৰে
বৰ্ণহীন উকা পৃষ্ঠাত,
কাৰণ,,
তুমিবিহীনতাত এই সময়েই আধৰুৱা।। — % &-
এক সেউজৰ অৱলোকনত ধৰা দিয়ে,
এটি নৈপৰীয়া গান।
যি গানত থাকে উশাহৰ সাধুকথা,
শ্যামলী শব্দৰে আৱৰা।
এমুঠি সবুজতাৰ শাশ্বতিক আত্মকথাৰে,
এজাক পোহৰ অন্বেষীৰ জীৱনযাত্ৰা।।
সেই সুন্দৰৰ ঠিকনাত ৰ'দ লোৱা উশাহত,
এমুঠি প্ৰাৰ্থনাৰ সুখ সৰে,
সেউজত প্ৰতিভাত হোৱা কথা কবিতাৰ দৰেই।
যিয়ে লৈ থাকে এবুকু সেউজী হেঁপাহ,
এবুকু প্ৰত্যাশিত উশাহ...,
যাক আকাশেও সামৰিব জানে।
সপোনৰ আখৰৰেৰে প্ৰাপ্তিৰ দিনলিপিত,
আঁৰি দিবলৈ গতানুগতিক সমিধান।
প্ৰতিক্ষণে উৰি থাকে জ্ঞানৰ জ্যোতিৰ হেপেহুৱা গান।
যি গান,
অব্যৰ্থ বহু কথাৰ,
"নাহৰ" এটি চিৰপ্ৰিয় সত্বাক ভালপোৱাৰ।।-
সুখৰ হালধীয়াত ডুব যোৱা বেলিটিয়ে,
এবাৰ মোক কৈছিল...!
"নীলাৰ মাজত হেৰাই যোৱা
সুদূৰৰ বৰ্ষীয়ান সাধুকথাবোৰৰ কথা"।
ইমান ৰঙীয়াল নাছিল সেই কাহিনীবোৰ...!
অথচ, সেইবোৰৰ হেঁপাহতে
ডাৱৰৰ বুকুত আঁকি দিব পৰিছিল হেনো,
সেউজৰ গান কিম্বা প্ৰেমৰ সুশীতল কথা কবিতা।-
প্ৰাচীনত্বৰ কোলাত উচুপে এটি চুটি গান।
"উশাহৰ হেঁপাহত শব্দৰ শ্ল'গান" ।।
মই নাজানো কোন বাটে গ'লে
কবিতাৰ গৰ্ভত এমুঠি শীত পাম..?
অলপ 'প্ৰাপ্তিৰ'
অলপ 'অপ্ৰাপ্তিৰ' ..!
আৰু অলপ ৰ'দৰ স'তে উৰি যোৱা অসুস্থ সুৰখিনিৰ শেষত ,
এছাটি 'সুখৰ' শীত।।
-
বিদ্ৰোহৰ শেষত বৈ যোৱা নদীখন..!
এসোঁতা তেজেৰেই লিখি যাই---
জীৱন- বিপ্লৱৰ গান।
বিপ্লৱেও সাজে উশাহলৈ বুলি,
এখনি সুপ্ৰভ্ৰ পোহৰৰ সাঁকো ।
'নিশাহতো গজালি মেলে এমুঠি শান্তিৰ ঐক্যতান'।।
আকাংক্ষাৰ ধ্ৰুৱতৰাত,
হুমুনিয়াহবোৰ মাৰ যোৱা দিনবোৰৰ শেষত.......
পুৱতি নিশাৰ জোনাকত ফেৰেংগাদাওৰ গান।-
ব'হাগ বুকুত বাজি উঠোতেই,
ক্ৰমাৎ সুৰবোৰ আহি হিয়াত থুপ খায়---
গধুলিবেলিকাৰ থুপিতৰাৰ নাচোন চাবলৈয়ে যেন..!
আপোন কুলিটিও আহি আমৰডালত জিৰাই।
ঢোলৰ ৰগৰত,পেপাৰ মাতত
ক্ৰমে ব'হাগৰ গানবোৰ বৈ আহে,
ওৰণি ফালি অহা বহাগীদিনৰ সুমথিৰা ৰঙবোৰ,
কপালত ৰঙা বেলিটি হৈ জিলিকি উঠে---।
এই বৰ্ণাঢ্যৰ যাত্ৰা যেন........
জেতুকাৰঙী আঙুলিৰ ভাঁজে -ভাঁজেই শিপাই আহে।
হৃদয়ত জোনবিৰি আঁৰি,
হালধীয়া হাঁহি এমুঠি দুগালত সানি,
কোনে সেই দূৰণিৰ পথাৰত বিহু মাৰে।।
-
ব'হাগ
********************
'ব'হাগ'ৰ বুকুতেই ফুলি উঠক,
সমস্ত খামখেয়ালিৰ মাজতো এপাহি ঐক্যতাৰ ফুল।
ব'হাগৰ বুকুতেই কোঁহ মেলক,
সকলোৰে আকাংক্ষাৰ দিনবোৰ হৈ চিৰনতুন।
ক্ৰমে ব'হাগৰ পৰা বহাগলৈ---!
ব'হাগৰ পৰা ব'হাগলৈ..,
বৈ যাওঁক এখনি সুখেধোৱা নৈ।
দুৰ হওঁক সমাজৰ অসূয়া- অপ্ৰীতি,
বাজি উঠক মাথোঁ ' ব'হাগৰ আপোন সুৰ' হৃদয়ৰ পৰা হৃদয়লৈ।।-
ৰ'দ পৰা কেঁকুৰিত.......,
এটি কাহিনীৰ অপেক্ষাত কাৰোবাৰ বাবে সাঁথৰ হৈ কবিতা লিখা হিয়াৰ ভাষাবোৰৰেই আন এটি অভিধা--"প্ৰেম"।-
তেজেধোৱা পৃষ্ঠাবোৰ পুৰণি হ'ল...।
কাহিনীৰ সোঁতবোৰ অন্তঃসলিলা হৈ হ'লেও বৈ গ'ল।
সেই তাহানিৰ পৰা আজিৰ এই সময়লৈ।
পুৰাবৃত্ত মেলিবা...।
আজিও দেখিবা ৰঙা তুমৰলিৰ ডোঙা।
বতাহত উৰা জাতীয়তাবাদীৰ শব্দৰ উদাৰা...।
প্ৰতিবাদ ক'ত নাই.....?
আৱহমান হৈ আছে ই চলন্ত সময়ৰ বোকোচাত উঠি।
প্ৰতিদাৰণ ক'ত নাই...?
প্ৰতি দিনেই যেন ক'ৰবাত আৰম্ভ হয়...!
আকৌ এখন ৰণৰ বাবে উষাযাত্ৰা।
দিনলিপি জুখি জুখি আজিৰ ক্ষণক এবাৰলৈ পখালি চাবা..।
সাহসী কলেৱৰৰ যুক্তিবাদীৰ সংজ্ঞাবোৰ জুকিয়াবা..।
তাতো পাবা--------
"এই সোণবৰণীয়া ভূমিত চিৰকালেই থাকিব
অসমী আইৰেই সমস্ত শিৰা- উপশিৰাৰ অভিধা "।
মাটিৰ বুকুত বৈধ আৱাসীৰ সংজ্ঞাবদ্ধ স্বাক্ষৰ পৰাৰ পিছতো..!
আপাততঃ কিয় বাৰু....?
আত্ম-পৰিচয় ৰক্ষাৰ যুদ্ধৰ ৰণডংকা।
উত্তৰত হ'ব হয়তো ..!চল-বল কৌশলেৰে শাসন কৰা পক্ষৰেই এক যুক্তিহীন সংজ্ঞা ।
-