আপোনাৰ হালধীয়া হাঁহিটি.....
যেন হাজাৰ থুপিতৰাৰ এটি জীয়া কাহিনী ।
চিক-মিক, চিক-মিক
জিক -মিক ,জিক- মিক....
উফ...! কিমান যে সুশোভিত আপুনি💛-
(হাঁহি)
আপোনাৰ হাঁহিটিৰ অপেক্ষাত কিমান যে উশাহ বৈ গৈছে মোৰ --!
বৈ যাওঁক( যিমান দিনলৈ পাৰে)
ইয়াত মোৰ কোনো আক্ষেপ নাই।।
মাথোঁ ৰৈ যাওঁক হৃদয়ৰ একোণত আপোনাৰ ভালপোৱাৰ শব্দ --
(জোনাকৰ কান্দোন পিছত সিহঁতেই শুনিব)-
তাইৰ হাঁহিত
মুকুতামণি নসৰে,
নাই, নালাগেও সৰিব ;
তাইৰ হাঁহিটোৱেই
তাইৰ প্ৰিয়জনৰ
অথবা তাইৰ
মা-দেউতাৰ ওঁঠত,
এটি হাঁহি বিৰিঙাই
তুলিব সক্ষম,
তেনেহ'লে তাইক আৰু
ইমানতকৈ বেছি
কিহৰ প্ৰয়োজন !!-
....হাঁহিবোৰ মোৰ প্ৰিয়...
~~~তাতোকৈ প্ৰিয় তুমি ~~~
~যিহেতু সেই হাঁহিৰ উৎস তুমি ~
-
এটা তপত ভাপ হৈ উৰি যায়
আপোনালৈ পুহি ৰখা খঙবোৰ ।।
আপোনাৰ হাঁহিটো ইয়াৰ মূল অপৰাধী ।।-
আপোনাৰ সাগৰ গভীৰ চকুযুৰি......
যেন হাজাৰ উত্তাল তৰংগৰ এখনি জীয়া ছবি ।
উঠিছে, নামিছে
হাঁহিছে, নাচিছে…
উফ...! কিমান যে অনুভৱী আপুনি💛-
♡ হাঁহিৰ শেষত আকৌ হাঁহি ♡
সেই হাঁহিৰ কাৰণহে তুমি নহয়
উদ্দেশ্য কিন্তু তুমিয়েই ___-
সেই অচিনাকি হাঁহিটি!
হেজাৰ আশাৰ যেন তাতেই আৰম্ভণি....
কিয় মিচিকিয়াই হাঁহিছিল আপুনি?
হাঁহিৰে আগমনি ৰচিছিল?
নে...মৌন ওঁঠৰ ভাষা বুজাব বিছাৰিছিল?
সাম্প্ৰতি হেৰাই গ'ল হাঁহিটি...
তেতিয়াৰে পৰা...
আপোনাৰ কাৰণে উজ্বলি থকা...
মোৰ চকুযুৰিও সেমেকি গ'ল।
কিন্তু...
ৰৈ গ'ল হাঁহিৰ আৰৰ সেই সিহৰণ।
আপোনাৰ সেই হাঁহিটি যে হৃদয়ৰ এটি কোণত আজিও সাঁথৰ!-
পাৰিলে এধানমানি সাহস দিব!
জীয়াই থকাৰ বাবে...
কিম্বা ন সপোন ৰচাৰ বাবে...!
সুখ কিম্বা হাঁহিৰ আৱশ্যক নাই!
অহেতুক হাঁহিব কিম্বা সুখী হ'ব
কাহানিবাই শিকিছোঁ মই...(!!)
পিছে চিন্তা নকৰিব...
আপোনাৰ সুখৰ বেলাত
কেনেবাকৈ মই দুখী হ'লেও,
আপুনি কন্দাৰ বেলাত
হাঁহিব কেতিয়াও নোৱাৰোঁ।।-
নাহৰৰ চহৰৰ দুই সীমনাত
কিছু অভিমান, কিছু অসুখ...।
অভিমান থকালৈকে এই অসুখ!
কিম্বা অসুখৰ বাবেই অভিমান!
খিৰিকীৰে ভুমুকিয়াই আকাশে
অসুখী মনক দিয়ে অভিমানৰ বাতৰি,
কিম্বা অভিমানী মনক অসুখৰ বাতৰি।
সেয়ে আকাশৰ কান্ধত এখন জোলোঙা
অসুখ, অভিমান কঢ়িয়াই লৈ ফুৰা!
তাৰ আমন্ত্ৰণত আকাশে আহি
টানি উলিয়ালে মোৰ অধৰৰ হাঁহি।।
যোৱাৰ সময়ত সি আকাশক ফুচফুচালে,
"অভিমানীয়ে হাঁহিলেহে মোৰ অসুখ পলায়"-