Chayanika Bora   (চয়নিকা বৰা)
523 Followers · 262 Following

read more
Joined 4 March 2020


read more
Joined 4 March 2020
24 JAN 2022 AT 21:22

শীতৰ কবিতা

ভাৱৰ জোৱাৰত ডুব যোৱা চহৰখন
শীতৰ কবিতা লিখাত ব্যস্ত,
অনুভৱৰে সিক্ত মনত
কল্পনাৰ অযুত কোলাহল।
দেৱালত আঁৰি যায়
জীৱন যুঁজৰ ৰঙীন ছবি।

সেই শীতৰ ৰাতিতেই জুৰুলা
সহস্ৰ ৰাজপথৰ বাসিন্দা,
উদং কায়াবোৰৰ নিশব্দ উচুপনিত
অনেক অপূৰ্ণ স্বপ্নৰ সমাধি।
ধূলিত মিহলি নিস্তেজ জীৱনবোৰত
ৰং সনাৰ মাথোঁ ব্যৰ্থ প্ৰয়াস!

এয়া মোৰ চিনাকি চহৰ
চিনাকি শীতৰ ধূসৰ বাস্তৱ।।

-


12 MAR 2021 AT 13:15


ফাগুন, তই পলাশৰ নে বাউলী পছোৱাজাকৰ??

আজি হঠাৎ ৰঙাবোৰৰ সতে মিতিৰালি
তই হেনো আকৌ পছোৱাজাকৰ প্ৰেমত বাউলী!

ৰঙাবোৰ পলাশক দিয়াৰ অজুহাতত
তেনেই উকা কৰি ৰাখিলি উতলা বতাহজাকক;

সমস্ত বিৰিখৰে আজিচোন উকা-উৰুঙা মন
কিয়বা তোৰ মন দেখোঁ পলাশতহে মগন!

ফাগুন, তই পলাশৰ নে বাউলী পছোৱাজাকৰ??


-


26 NOV 2020 AT 17:30

আপোনাৰ শব্দৰ পাখিত উৰাৰ দুৰ্বাৰ হেঁপাহ,
ভাৱৰ জোঁটনিত উশাহবোৰ ঢালি দিয়াৰ অহৰহ প্ৰয়াস।
পিছে আজিও নাজানিলোঁ...
তেঁওজনৰ শব্দবোৰ কাৰ বাবে ব্যাকুল!

তথাপিও...
আপোনাৰ অনুভৱেৰে অনুভৱী এই হৃদয় বন,
মাথোঁ আপোনাতেই মগন।।

-


25 NOV 2020 AT 20:38

আপোনাৰ সাগৰ গভীৰ চকুযুৰি......
যেন হাজাৰ উত্তাল তৰংগৰ এখনি জীয়া ছবি ।

উঠিছে, নামিছে
হাঁহিছে, নাচিছে…
উফ...! কিমান যে অনুভৱী আপুনি💛

-


24 NOV 2020 AT 20:56

হৃদয়খন এতিয়া শুই পৰিছে, উশাহবোৰ কিন্তু তপত।
সাৰে আছে সপোনবোৰো,হুমুনিয়াহত বাহিৰ কৰি দিয়া নাই।
অৱসাদে আৱৰি ধৰা দেহত দূৰন্ত লক্ষ্যই তেজ ঢালিছে।

সুখ-দুখ সামৰি এতিয়া মাথোঁ সপোন ৰচাত ব্যস্ত।।

-


22 NOV 2020 AT 16:58

এই দুটি নয়ন
তোমাৰ দৰ্শনত পৰিতৃপ্ত,
অথচ......
এই হৃদয় তোমাৰ প্ৰেমক
স্বীকাৰ কৰাত অসমৰ্থ.....!!

-


18 NOV 2020 AT 18:33

এটি কবিতা লিখাৰ ইচ্ছা আছিল
আপোনাৰ নামৰ শিৰোনামেৰে---

পলকতে ঠিকনা হেৰুৱালেই যেতিয়া
আধৰুৱা হৈয়ে ৰওক সেই কবিতাটি।

অনুভৱী মনে শব্দবোৰ আকৌ জোৰা লগাব,
কিন্তু আপুনিবিহীন হৃদয়ে জানো পূৰ্ণতা পাব??

-


1 NOV 2020 AT 20:34

প্ৰেম জানো কেতিয়াবা হেৰাই...
প্ৰেম যে প্ৰেমৰ বাবেই জীয়াই থাকে,
যিদৰে পোহৰৰ বাবে সূৰ্য।

কিন্তু এয়া কি??
অভিমান নে অবিশ্বাস,
বিমুখিতা নে মোৰ বিফলতা???

-


31 OCT 2020 AT 9:28

ওপজা দিনৰ শুভেচ্ছাৰে...

শব্দৰ চহৰ খনৰ আপোন নাম,
নাই চকুৰ চিনাকি,পিছে সখী সমান।
শব্দৰ পাখিত উৰে অনুভৱী মন,
গাঁথে কবিতাৰ মালা বৰ অনুপম।

বাস্তৱ হওক তোমাৰ সকলো আশা,
হেলাৰঙে অতিক্ৰম কৰি সকলো বাধা।
ৰঙীন আভাৰে উজ্বলাই তোলক তোমাৰ জীৱন,
হাঁহিৰ মুকুতা বিয়পি জিলিকি উঠক প্ৰতিপল।।



-


6 OCT 2020 AT 8:15

এটি সৰু প্ৰশ্ন তোমালৈ...!!!

প্ৰেম আৰু বিশ্বাস যদি এটা মুদ্ৰাৰে দুটা পিঠি,
তেনেহলে...
তোমাৰ আৰু মোৰ সম্পৰ্কটোৰ নাম কি?

বিশ্বাস নে বিশ্বাসঘাতকতা,
প্ৰেম নে প্ৰতাৰণা...???

-


Fetching Chayanika Bora Quotes