QUOTES ON #সন্ধিয়া

#সন্ধিয়া quotes

Trending | Latest
11 MAY 2021 AT 17:00

সন্ধিয়াৰ সেমেকা বতাহ জাকে মোক চুই চেঁচাৰ
উমানটি দি গ'ল ..,
পথাৰৰ গৰুবোৰো নিজৰ ঘৰলৈ বুলি ঘৰমুৱা হৈছে ..,
সোনাৰুবোৰেও হালধীয়া হৈ সন্ধ্যাৰ বতাহজাকৰ সৈতে নাচি নাচি আউলি বাউলি হৈ গৈছে ..,
চৰাইবোৰে জাক পাতি নিজৰ বাহলৈ বুলি
ঢাপলি মেলিছে ..,
সেমেকা ঠাইবোৰৰ পৰা ম'হৰ কিন্ কিননিবোৰো
বাঢ়ি আহিছে ..,
আইয়ে জ্বলোৱা ধূনাৰ গোন্ধত চৌপাশ সুগন্ধিময়
হৈ উঠিছে ..,
ওচৰৰ গাঁৱৰ মন্দিৰত শঙ্খধ্বনি বাজি উঠিছে ,
আৰু মই অস্ত আকাশৰ তলত ৰৈ আছো
মই এটি সুন্দৰ সন্ধ্যাৰ আমেজ লৈ তৰাৰ গণাৰ অপেক্ষাৰে ....

-


3 JUL 2020 AT 10:36

সন্ধ্যা লগনত আহিবাচোন এবাৰ,
চিনাকি নদীৰ পুৰণি ঘাটত।
তোমাৰ সন্মুখত প্ৰেমসাগৰৰ উৰ্মিয়ে শিকলি চিঙা হিয়াৰ প্ৰতিচ্ছবিখন উলংগ কৰিম..!

-



সন্ধ্যা লগনত আহিবাচোন এবাৰ,
শেৱালী ফুলা পদূলিত জোন জ্বলা গধূলিত দুয়ো প্ৰেমৰ আলিংগন কৰিম...!!

-


3 JUL 2020 AT 12:09

সন্ধ্যা লগনত আহিবাচোন এবাৰ,
আধা আলো আধা আন্ধাৰৰ ক্লান্ত আকাশৰ তলত আমাৰ অক্লান্ত প্ৰেমৰ কথাবোৰ পাতিম...!

-


9 OCT 2020 AT 15:01

সন্ধিয়াৰ পৰত স্পষ্ট ৰূপে দেখা যায় দিনটোৰ পৰিশ্ৰম,
সন্ধিয়াৰ পৰত ৰঙা বেলিটোৰ তলত বহি ৰচিব মন যায় নষ্টালজিক সময়বোৰ,
কেতিয়াবা এনেকুৱা লাগে ,
সন্ধিয়াৰ ৰঙা বেলিটোৱে মোক কব বিচাৰে,
তুমি মোৰ মনৰ কোঠালিত প্ৰৱেশ কৰা,
আৰু মোৰ মনৰ মধুৰবাণীৰ সৈতে বার্তালাভ কৰা।

-


16 AUG 2020 AT 19:03

সন্ধিয়া হয় যেতিয়া,
বিৰহ নামে তেতিয়া;
নজনাকৈ নুবুজাকৈ।।

-


17 JUN 2020 AT 18:02

মোৰ বুকুত এখন আকাশ,
তিৰ-বিৰ ৰূপালী মেঘ চুই,
সানি ললোঁ আবেলিৰ ৰং।।
আকাশ মোৰ প্ৰিয়,
আবেলি..তাতোকৈ!!
প্ৰতি পল উমাল বুকুৰ স্পৰ্শত,
আবেলিটোৱে আঁকি যায়,
বাখৰুৱা স্মৃতি!!!

-


19 NOV 2021 AT 9:46


সন্ধিয়াৰ হেঙুলীয়া আকাশখন মোৰ নিচেই আপোন
যিয়ে সানি যায় অনুভৱী হিয়াত মিঠা আবিৰ
চটিয়াই যায় প্রতিবাৰে একাঁজলি মৰম নিবিড়...

তোমাৰো জানো সন্ধিয়া প্রিয় নহয়..!
এটা দিন কেৱল তোমাৰ সৈতে
সন্ধিয়াৰ কোলাত বহি
সাঁচি ৰখা মনৰ অন্তহীন কথা পাতিম
আৰু যে ফুটপাথৰ কাষতে থকা চাহৰ দোকানবোৰ
তাতে ৰৈ দুয়োটাই দুকাপ চাহ খাই
সন্ধিয়াটো উদযাপন কৰিম...🤗

-


16 SEP 2020 AT 13:00

সাঁজ লগ্নত আহিবাচোন এবাৰ,
চিকুণকৈ ফুলা প্ৰণয়ী মাৰ্গলৈ..!!
:-)
অনুৰাগৰ এপাহি বগা কৃষ্ণচূড়া তোমাৰ বৰ্ণ হৃদয়ৰ খোঁকত গুজি দিম...!

-


2 SEP 2017 AT 20:54

শৰতৰ জোনাকৰ শেৱালি সন্ধিয়া.....
ৰাজনিগান্ধাৰ মৃদু শুৱাসত আসক্ত তোমাৰ স্মৃতি।
নষ্টালজিকতাই যেতিয়া উমান পাই....
আশা বোৰে দেখোন আকৌ সপোনত পাখি লগায়।।।।।

-