নীলা আকাশখনলৈ চালে
মই
বাৰে বাৰে আপোনাৰ প্ৰেমত পৰোঁ....
আপোনাৰ অনুমতি অবিহনেই
আপোনাক লৈ কত যে সপোন ৰচোঁ
অনাগত ভৱিষ্যতৰ
পুৱা কিম্বা সন্ধিয়াৰ
বসন্ত কিম্বা শৰতৰ
ৰ'দ অথবা বৰষুণৰ.....
অপ্ৰকাশ্য সীমাহীন অনুভূতিৰে
জুৰুলি-জুপুৰি
ক্ৰমশ:
মোৰ প্ৰেমৰ চুবুৰী...!!-
প্ৰজাপতি
*************
মই নীল প্ৰজাপতি
ফুৰিছোঁ ফুলে ফুলে উৰি
ইফালে-সিফালে চাও ঘূৰি ঘূৰি
ফুলৰ ৰাণীক দেখি
নাচি উঠে হিয়াখনি।
মিচিকিয়া হাঁহিৰে মোক কাষলৈ মাতি
তাই মোক নিতৌ সোধে মোৰ বা-বাতৰি।
মই যে নীল প্ৰজাপতি
তাই ভাবে কিজানি
আকাশে পিন্ধালে মোক নীলা ৰঙৰ ৰিহাখনি!
মোৰ যে প্ৰিয় সেউজীয়া ঘাঁহনি
আৰু বহুৰঙী ফুলনি
আকাশৰ বিশালতাত মই যে নগন্য প্ৰাণী
এই গছ-বন, তৰু-তৃণ অটব্য হাবি
এয়ে মোৰ জগত জননী
উৰি উৰি ঘূৰি ঘূৰিও নাযাওঁ মই ভাগৰি।।
-
ভালপোৱাৰ ৰঙাবোৰেৰে
আপুনি মোক জীয়াই ৰাখিব নোৱাৰিলে
সেয়ে মই শুধবগা হৈয়ে যাবলৈ ওলালোঁ...
আপুনি হয়তো মোৰ অনুপস্থিতিৰ শূন্যতা
এবাৰলৈও অনুভৱ নকৰিব....!
দাপোনৰ কাষত পৰি ৰোৱা মোৰ প্ৰসাধনবোৰ
এবাৰলৈও আপুনি চাগে স্পৰ্শ নকৰিব..
আপুনি আৰু আজিৰ পৰা মোৰ বাবে
সেন্দুৰৰ টেমাটো কিনিবলৈ লাজ পাব নালাগে...
আৰু...আৰু মই শেষবাৰৰ বাবে পিন্ধা
মোৰ প্ৰিয় নীলা পাটৰ চাদৰ-মেখেলাযোৰ
বৰপেৰাটোত সুমুৱাই থোৱাই নহ'ল
পাৰে যদি আপুনিয়ে সুমুৱাই থব।
শেষবাৰৰ বাবে আপুনি জানো মোৰ প্ৰিয়বোৰক
আকোঁৱালি নল'ব?
নে এতিয়াও উপেক্ষাৰ বহুৰঙী ৰঙেৰেই
মোৰ চৌপাশ বুলাই দিব...
হয়তো আজিও প্ৰতিদিনৰ দৰেই আপুনি
মোৰ ৰঙীন সেওঁতালৈ চাই তীৰ্যক হাঁহিটো মাৰিব...!
ইমানৰ পিছতো দূৰ তৰাৰ দেশৰ পৰা
মই আপোনাক ভাল পাই থাকিম
নিঃস্বাৰ্থভাবে,নিৰৱে....নিৰলে...!!
✍️ ভাগ্যদেৱী বেপী
-
পূৱৰ বেলিটি পশ্চিমত ডুব গ'ল
আপোনজনো পৰ হৈ গ'ল....
পশ্চিমত ডুব যোৱা বেলিটি
কাইলৈ আকৌ পূৱত উদয় হ'ব
কিন্তু পৰ হৈ যোৱা আপোনজন
কাহানিও আৰু উভতি নাহিব!
চকুলোৰে তিতি ভৰযুক্ত হোৱা কলিজাতো
জীৱনৰ ৰ'দঘাই প্ৰাঙ্গনত
অকলশৰেই মেলি দিব লাগিব।।-
মোৰ নিশাবোৰ
তোমাৰেই স্মৃতিৰ সমাধি
চকুলোৰে তিতি যোৱা গাৰুৰ গিলিপ
আৰু হুমুনিয়াহৰ হেজাৰ স্বৰলিপি।
মোৰ পুৱাবোৰো
তুমিবিহীন নিৰ্জনতাৰ সমষ্টি
মাথোঁ স্মৃতিৰে জী থকা প্ৰাণপক্ষীৰ বিননি
আৰু উশাহত বাজি থকা বিষাদৰ ৰাগিনী।।
-
কথাবোৰ বহু পুৰণি
অথচ পাগুলি থাকিবলৈ
নালাগে আমনি।
বহু পুৰণি কথাবোৰে
নতুন কথাবোৰক নিচুকাই ৰাখে
বহু পুৰণি কথাবোৰে
চকুলোবোৰ হাঁহি হাঁহি মচি দিয়ে।
হয়,কথাবোৰ বহু পুৰণি
অথচ পুৰণি কথাবোৰে
চকুৱে মুখে বিৰিঙাই তোলে
সুখৰ কোমল ৰ'দালি।।
_ভাগ্যদেৱী বেপী
-
নীলা অবিহনে আমাৰ প্ৰেম
কেতিয়াও অৰ্থৱহ নহয়......
যেনেকৈ
নীলা অবিহনে
আমাৰ কবিতাবোৰো
আধৰুৱা হৈ ৰয়....!!-
তোমাৰ স্মৃতিবোৰক সজীৱ কৰাৰ
এটি উপাসনা এই বৰষুণজাক
অথচ
অনুভৱৰ মহীৰে লিখা
মোৰ ডায়েৰীৰ পৃষ্ঠাত পৰি ৰয়
জঁই পৰা শব্দবোৰৰ আঁকবাঁক।।
-
২০১৫ চনৰ ৬ আগষ্টত নগাঁও চহৰত
তুমি কৰিলা জন্ম গ্ৰহণ,
সেইদিনটোৰ গুৰুবাৰ দিনৰ ১১ঃ১০ বজা আমাৰ বাবে
সঁচাকৈয়ে এটি শুভ লগন।
তোমাৰ দেউতাৰা আৰু মোৰ প্ৰেমৰ সৰ্ব্বশ্ৰেষ্ঠ নিদৰ্শন বুলি
নাম দিলো তোমাক "অভিজ্ঞান"
তুমিয়েই আমাৰ জীৱনৰ জাজ্বল্যমান শিৰোনাম।
বৰ্ষা ঋতুয়ে কোলাত তুলি দিয়া তুমি এটি
ভৰুণ সেউজীয়া উপায়ন
সেই তেতিয়াৰে পৰা এতিয়ালৈ জীৱনটো তোমাতেই মগন।
আমাৰ হিতোপদেশ তুমি
শৈশৱৰ পৰাই কৰিব লাগিব শ্ৰৱণ
কঠিন যে মানৱ জীৱন,
ঠুনুকা যে আকাশ চুব খোজা সপোনবোৰৰ
উৰ্ধ্বগামী সোপান।
সূক্ষ্ম নকৰিবা তোমাৰ মন
জীৱনটোক মিছাতে নেপেলাবা ছন
আন্ধাৰবিনাশী পৃথিৱীৰ বুকুত
তুমিয়েই আনিব লাগিব নৱ কিৰণ।
তোমাতেই সঁপি দিলো আমাৰ নতুন ভৱিষ্যত গঢ়াৰ সপোন
আগুৱাই যোৱা তুমি নেওচি জীৱনৰ শত-শহস্ৰ প্ৰতিবন্ধন
ভৱিষ্যত প্ৰজন্মই তোমাতেই বিচাৰি পাব
জীৱন জীয়াৰ সৰ্ব্বোৎকৃষ্ট সমাধান।।-
মোৰ প্ৰিয় নীলাবোৰ তোমাৰ অপ্ৰিয় হ'লেও
মোৰ প্ৰিয় জোনাক যে তোমাৰ প্ৰিয়
এই কথাটিয়ে মোৰ ওঁঠত
হাঁহি বিৰিঙাই থৈ গ'ল।
মোৰ অনুভৱবোৰ তোমাৰ অপ্ৰিয় হ'লেও
মোৰ হৃদয়খনি যে তোমাৰ প্ৰিয়
এই কথাটিয়ে মোৰ হিয়াত
শিহৰণ জগাই থৈ গ'ল।
মোৰ কায়িক সৌন্দৰ্য্য তোমাৰ অপ্ৰিয় হ'লেও
মোৰ মনটো যে তোমাৰ প্ৰিয়
এই কথাটিয়ে মোৰ মন সাগৰত
হেজাৰ প্ৰেমৰ ঢৌ সৃষ্টি কৰি গ'ল।
মোৰ অসংলগ্ন কথাবোৰৰ ব্যাখ্যা তোমাৰ অপ্ৰিয় হ'লেও
মোৰ সৰু সৰু কথাবোৰ যে তোমাৰ প্ৰিয়
হৃদয়েৰে যে সিহঁতৰ যত্ন লোৱাত
তুমি আগ্ৰহান্বিত
সেইবাবেইতো তুমিজন মোৰ জীৱনৰ শীৰ্ষত
অতিকৈ আপোন আৰু আকৰ্ষণীয় হৈ ৰ'ল।।
-