ভ্ৰান্ত সুখৰ ৰাগিত মতলীয়া মোৰ মন
এক সুকীয়া আমেজ
এক অনাকাংক্ষিত সুখৰ অপেক্ষা..!!
যদিওবা তুমি আঁতৰত এতিয়া
তথাপিও তোমাক এবাৰ চোৱাৰ আশা
হেৰুওৱা সময়ৰ লগে লগে
হেৰাই ৰলা তুমি
আৰু তোমাৰ মোৰ ভাল পোৱা বোৰ....
এতিয়া দিঠকত তোমাৰ মোৰ মাজত
বহুযোজন দূৰত্ব
এটা সময়ৰ সৰলৰেখাডালত
এতিয়া অতীতৰ জঠঁৰতাৰ দাগ
শেলুৱৈ ধৰা হৃদয়ৰ পৰা মাথোঁ
পঁচা পঁচা গোন্ধ
চৌদিশে মাথোঁ বিষণ্ণতা
তথাপিও এক ভ্ৰান্ত সুখৰ আকাংক্ষা...!!-
Ex Student of VkNRL School of Nursing 💊💉
Ex DKDIAN,📖📒
Dergaon🌹
তোমাৰ ভাষ... read more
নৈয়ে যদি কথা ক'লে হয়
গুপুতে বহুত কথা কৈ গ'ল হেঁতেন
বেজেৰুৱা ঘাটোৰুৱাক দুখৰ কাৰণ সুধিবলৈ
নৈৰ ক'ত যে হেঁপাহ
কিন্তু নৈয়ে কথা ক'ব নাজানে বোলে..!!
শৰতৰ এটি বিশেষ আবলি
বেলি লহিওৱাৰ পৰ
আকাশৰ হেঙুলীয়াবোৰ নদীৰ নীলাৰ মাজত বুৰ গৈছিল
নৈৰ পাৰচোৱা শেৱালীৰ গোন্ধত
আমোল মোলাইছিল
এটি নিজম পৰিৱেশ
এনে নিৰ্জমতাৰ সোযোগ লৈ
কʼত ডেকা গাভৰুৱে নৈৰ দাঁতিত পাঠ কৰে
হৃদয়ৰ সংলাপ কিম্বা মৰমৰ কবিতা
আকৌ কেতিয়াবা পাইয়ো হেৰুৱাৰ
বেদনাৰ ক্ষোভ যাৰে নৈৰ পাৰত..!!
নৈৰ পাৰতে কান্দোনৰ ৰোল
আকৌ কেতিয়াবা
কেচাঁ জীপাল ডেকাহঁতৰ হাঁহিৰ খলকনিৰ সুৰ
নৈয়ে যদি কথা ক'ব ল'লে হয়
কৈ গ'লহেঁতেন অনৰ্গৰ আকলুৱা হৃদয়ৰ মৰমৰ ভাষাবোৰ
ঠিক নিৰবধি সোঁতৰ দৰে..!!
নৈৰ পাৰতে বিৰহীৰ বিৰহ
লঠঙা ভগ্ন হৃদয়ৰ কঁপনি
নৈয়ে যদি কথা কʼলে হয়
নৈয়ে নীৰৱে বহু কথা কৈ যায়
তথাপিও কয় নৈয়ে হেনো কথা ক'ব নোৱাৰে
নিৰুত্তৰ হেনো নৈ!!
নৈৰ পাৰৰ সেউজীয়াবোৰে যদি
আবেগৰ ভাষা সুঁৱৰিলে হয়,
বুকুভেদি বৈ অহা নীলাখিনিয়ে
অপৰিসীম মৰমৰ ঠিকনাকে বুজালেহেঁতেন ।-
নিশাৰ এক সুকীয়া
মাদকতা আছে
এক পৃথক ৰূপ
পোৱা নোপোৱাক লৈ ক্ষোভ
হাঁহি বোৰৰ আঁৰৰ মুখখনি
দুপৰ নিশাত সাৰে ৰোৱা চকুহালি
হৃদয়খনক লৈ ক'ত যে প্ৰশ্ন
যিমানে প্ৰশ্নৰ সমাধান বিচাৰোঁ
সিমানেই জটিল হৈ পৰে সময়
এয়াই বাস্তৱ...!!-
হৃদয় পৰশি ৰোৱা
ফাগুনৰ সমীৰ জাক
আৰু ৰাঙলী মদাৰৰ হাঁহি
এক নিবিৰ সম্বন্ধ নহয় নে..??
ফাগুনৰ দিনবোৰ বৰ অভিমানী
ফাগুনৰ অভিমানক সহাঁৰি দিয়ে
আকৌ সমীৰজাকেঁ
সেয়ে
ফাগুন মোৰ প্ৰিয়..!!
ফাগুনৰ দিনবোৰৰ
এক সুকীয়া মাদকতা আছে
এক সুকীয়া ৰাগী আছে
হয় মোৰ ফাগুনৰ ৰাগী প্ৰিয়...!!
ফাগুনৰ প্ৰথম বৰষুণজাক হৈ
নহ'লে
ফাগুনৰ পছোৱা জাক হৈ আহি চাবা
মোৰ কাষলৈ
দুহাতেৰে সাবতি উপভোগ কৰিম
ফাগুন আৰু ফাগুনৰ বৰষুণজাক..!!
এতিয়া মাথোঁ অপেক্ষা ফাগুনৰ দিনলৈ..!!— % &-
ভাল লাগে অ কেতিয়াবা
ব্লক নম্বৰটোত চকু ফুৰাই
এটি মেচেজ পঠিয়াই
যদিওবা একো প্ৰত্যুত্তৰ নাপাওঁ
তথাপিও আশা এটা মনতে ৰাখোঁ
উগুল থুগুল অনুভৱ এটিয়ে
সাঙুৰি ৰাখে মনটিক..!!
কিমানবাৰ যে সাহসেৰে লিহিৰি আঙুলিৰে
ম'বাইলৰ কিবৰড খনত আঁকিবলৈ চেষ্টা কৰোঁ
তোমালৈ বুলি সংগোপনে ৰখা মৰমবোৰ
প্ৰকাশৰ অবিহনে থমকি পৰো জানা...
সময়ৰ চাকনৈয়াত উদয় হয়
উত্তৰবিহীন কিছু জটিল প্ৰশ্নৰ
কেতিয়াবা উত্তৰ বিচাৰি হাবাথুৰি খাই জীৱনে
আকৌ কেতিয়াবা উত্তৰবিহীনতাত
জঠৰ হৈ ভুগে
দুপৰ নিশাত সাৰে ৰোৱা ক'ত প্ৰেমিকৰ মনে..!!— % &-
বাহিৰত কিনকিনিয়া
আবতৰীয়া বৰষুণজাক
খিৰিকী ফাকেৰে সৰকি অহা
বতাহজাকে তেওঁৰ কথা সোঁৱৰাই...!!!
তেওঁলৈ বুলি গুপুতে ৰখা মৰমে
মোৰ হৃদয়ৰ মাথাৱৰি ভাঙি আজি
নিৰৱে বোৱাই আনিছে মৰমৰ জীয়া ঢল..!!
বৰষুণ জাকৰ অজোহাতত
আজি মৰমবোৰৰ অভিমানী হৈছে..!!
বৰষুণ এনেও মোৰ প্ৰিয়
এয়া বৰষুণ জাক ক্ৰমে গভীৰ হৈ আহিছে
ক্ৰমান্বয়ে তোমালৈ মোৰ মনত পৰি
হৃদয়খনে আলোড়ন কৰিছে;
আবেগৰ আস্ফালন ভাঙি
উজাই আহিব খুজিছে মৰমবোৰ
মাথোঁ তোমাৰ।
প্ৰণয় জাগিছে
তোমাৰ সৈতে দুহাত মেলি
এজাক ৰিমঝিম বৰষুণত
মতলীয়া হৈ তিতিবলৈ......
আবেগৰ বৰষুণজাকত তোমাৰ অভিমানীজনী হৈ
মৰমৰ চাকনৈয়াত উমলি ফুৰিবলৈ...!!— % &-
নতুনত্বৰ সন্ধানত ম্লান পৰে অতীত কিন্তু স্মৃতিয়ে কেতিয়াও ম্লান পৰিবলৈ নিদিয়ে অতীতক
-
তোমাক মনত পেলাবলৈ
সময় কিমান হ'ল তাক চোৱাৰ প্ৰয়োজন নাই
কিম্বা
তোমাক ভাল পাওঁ কিমান তাক বুজাবলৈ
তোমালৈ মেজেজ এটি
দিয়াৰ প্ৰয়োজনবোধ নকৰোঁ মই..!!
ভাল পোৱা বোৰ হেনো
হৃদয়ে হৃদয়লৈ কঢ়িয়াই
কিন্তু কি জানা..
ব্লক লিষ্টত থাকিব পৰাটো ডাঙৰ যোগ্যতা..
ভাল পোৱাই দিয়া শ্ৰেষ্ঠ উপহাৰ..!!
মাজ ৰাতি যেতিয়া ব্লল নম্বৰটোত চকু ফুৰাও
তেতিয়াচোন মনত পেলাই দিয়ে
তাহানিৰ দিনবোৰৰ কথা..!!
এখন চিনাকি মুখ
আৰু এটা চিনাকি হাঁহি....!!
তেতিয়া মোক আপ্লুত কৰিছিল
তোমাৰ সেই মৰম লগা ডিপি খনে
আৰু এতিয়া উকা পৃষ্ঠা হৈ ৰʼল তোমাৰ নম্বৰটো
থিক মোৰ শেলুৱৈ ধৰা হৃদয়ৰ খনৰ দৰেই...!!
তথাপিও বাৰে বাৰে চাই ৰওঁ
চিনাকি নম্বৰটো...!!
বহুত মনত পৰে জানা তোমালৈ
বহুত আমনি কৰে সময়বোৰে
বাৰে বাৰে মনত পেলাই তাহানিৰ স্মৃতিবোৰে
কিন্তু এতিয়া কি কৰিবা কোৱা
আমি যে এতিয়া বহুত দূৰত...!!!
সময়ে মোক বহু দূৰলৈ
আতৰাই আনিলে তোমাৰ পৰা...!!
শেষত কেতিয়াও আৰু লগ নোপোৱাৰ আশাৰে বিদায়....!!-
শুনক
ঠাইৰ হে ব্যৱধান
আপোনাৰ মোৰ মনৰ মাজত নহয়...!!
দূৰত্ব মাথোঁ কেইটামান ঘণ্টাৰ
আপোনাৰ মোৰ হৃদয়ৰ নহয়...!!
আপুনিচোন এতিয়া মোৰ নিচেই কাষৰত
হয়
আপুনি বিচৰা দৰে আমি বাৰু
লগ নাপাওঁ
হাতে হাত ধৰি খোজ কাঢ়িব নোৱাৰো
এইয়া নেকি দূৰত্ব..??
ৰাতিপুৱাৰ সেই গুডমনিং মেচেজটোৰ পৰা
সেই ৰাতি গুড নাইট মেচেজটোলৈকে
আপুনি মোৰ চোন কাষত
ইয়াৰ পিছতো ক'ব নেকি
আপোনাৰ মোৰ মাজত দূৰত্ব..??
শুনকচোন
এতিয়া জানে আপোনাতে হেৰাও ধাৰা সাৰ
আপোনাকে বিচাৰোঁ প্ৰতিদিনে
বাৰে বাৰে প্ৰেমত পৰো
আৰু এতিয়া আপোনাক লৈ
মোৰ শুভ্ৰ ডায়েৰীৰ পৃষ্ঠাবোৰক
জিলিকাই তুলিবলৈ মন
ইয়াৰ পিছতো দূৰত্ব কিয় ইমান বুলি প্ৰশ্ন নকৰিব......
তথাপিও কথা দিছো
এদিন আপুনি ভৱা এই দূৰত্বৰো অৱসান ঘটিব
হাতে হাতে ধৰি আমি মুকলি আকাশৰ তলত বিচৰণ কৰিম
অতদিনে শব্দৰ মাজেৰে প্ৰকাশ কৰা প্ৰেমৰ পৰিভাষা
দুচকুৰ প্ৰণয়েৰে সঞ্চাৰ কৰিম....
তেতিয়া আকৌ আপুনি অবুজ হৈ নক'ব
দুচকুৰ ভাষা মই বুজি নাপাওঁ বুলি
এবাৰ নীৰৱ হৈ হৃদয়েৰে অনুভৱ কৰিবচোন
জানিব......
আপুনি মোৰ নিচেই আপোন বুলি!!!-
নীলা বোৰ জানেই চোন
মোৰ খুবেই প্ৰিয়.....
তাতে আপুনি পিন্ধাবলৈ
লৈছে নীলাফোট টি....!!
তথাপিও.....
কি জানে..(আপুনি)?
নীলা বোৰ আকাশতে ভাল লাগে,
কপালতচোন ৰঙা বেলিটিয়ে শুৱনি
আৰু
মই অসমৰ্থ জানে....
আপোনাৰ হাতেৰে এঢোপ ৰঙা সেন্দুৰ
শিৰত পিন্ধি ল'বলৈ...!!-