আঙুলিৰ ফাঁকে-ফাঁকে তোমালৈ
মোৰ মৰম নিঝৰে;
তোমাৰ মৃদু হাঁহিৰ গুঞ্জনত
জীয়াৰ বেলিফুল ফুলে ...!— % &-
লাহে লাহে কৈ বাঢ়ি অহা
আকাশৰ দৰে ৰঙবোৰ
ৰৌদ্ৰোজ্জ্বল নদীৰ নাচোনে
চুমি যায় বিৰিখৰ সেউজীয়াকো ...
এতিয়াও বাকী আছে
বহু কথকতা
নিজানৰ একা-বেঁকা আলিবাটত
ভগাই ল'বলৈ আছে
আমঠুৰ কোমলতা ।
-
শুভ্ৰতাৰ আৱেশত এবাৰ জুমি চোৱা
নিবিচাৰা আৰু -----
দূৰ নীলিমাৰ জোন,বেলি তৰা ।
হৃদয়ৰে মোৰ হ'বা,
আবেলি বেলিৰ দৰে
মৌনতাক মুখৰ কৰি অথবা শব্দহীনতাক
শব্দাতীত কৰি ।
-
সেউজী পাতৰ ৰঙেৰে জীৱনৰ বনগীত
লিখিব খোজোঁতেই,
ৰ'দে ঘমা বুটাবছা ফুল এপাহে
মোৰ কলিজা মেৰিয়াই ধৰে...!!
ক্ৰমাৎ দুচকুৰ বৰণীয়া কোণে
হেঁপাহৰ লেছেৰি চুমে__চিৰন্তন সৰাপাতেৰে আচ্ছন্ন;
মৰমেৰে উজ্জীৱিত ।।
-
সন্ধ্যাৰ সমস্ত নিৰ্জনতা গিলি নাহিবাচোন;
গাত সৰিয়হ ফুলা দিনৰ অভিমানী গন্ধ এটি ভাহি থাকে পুঙা এটিৰ দৰে!-
.... প্ৰেমৰ নিগাজি পামত
দুয়োৰে চেঁচা আঙুলিৰ ভাঁজত এছাটি আস্থাৰ বা বোৱাই,
চিকুণ গন্ধ এটি বিয়পাই ..
আমি ৰৈ থাকিব পাৰিম উজাগৰ হৈ,
পাণিৰ মৃদাৰে গঢ়ি আঙুলিক একোজোপা ক্ষিতিৰূহ কৰি ..
-
একাঁজলি উছাহৰ প্ৰগাঢ়তাত
হিয়াৰ কোটৰত ফুল ফুলে...
চক্ষুৰ পিয়াহ প্ৰেম হৈ গলিলে
প্ৰণয়ৰ বকুল বুকুত ফুলা যেন লাগে ।
মই অতি নিবিড় মোৰ শবদৰ,
তদপি আঁতৰ প্ৰাণৰ প্ৰশান্তি ক্ষণৰ
গোলাপীজবাৰ স্নিগ্ধ গন্ধ কেঁকুৰিত,
মই দুনাই বিচাৰিছোঁ
ৰৈ যোৱা সক্তিৰ বিনিময়......!
-
আপোনাৰ অজ্ঞাতেই
সক্তিৰ বিপণিত আপোনালৈ বুলি ৰওঁ,
প্ৰতিনিতে,
অথচ,
আপুনি নুবুজে
কিদৰে হিয়ায়ে বিচাৰে আপোনাৰ শ্বাস......!!-
মোৰ মনৰ মৌ-কোঁহত,
সক্তিৰ সবুজবুলীয়া আজিও ফুলে !
জোনাক নিশাত হৃদয়ৰ উদ্যানত
ৰিণি ৰিণি বৰ্ষা আজিও সৰে !
হিম শীতল নিৰিবিলিৰ গৰ্ভত
নৈৰ সোঁতে আজিও বাট বিচাৰে !
-
হাঁহি এনেকুৱাই
দুওঁঠত ফুলি ৰয় !!
অনুভূতিৰ উৰ্মি মেলি
বুকুতে শিপাই !!
.....
আপুনিও বিচাৰে প্ৰণয়ৰ বৰ্ণ কলি
আপোনাৰ ওমলা সবুজত.......
অথচ
নিমাত আপুনি !!
চাগে
স্বপ্নিল পঁজাত জিৰণি ল'ব খোজে আপুনি
আৰু
মই যে আপোনাৰ দুচকুৰ গৰ্ভত.........!!-