💙💙 💙💙
-
উৰণীয়া পখী
আকাশেৰে উৰি যায় উৰণীয়া পখী
নিৰিবিলিয়ে মন উৰাইছেছাত্ৰ সমাজত
তেজপুৰ ইউনিভাৰ্চিটিলৈ বুলি ।
ঘৰমুৱা পখীয়ে আকাশতে নানা কথা পাতে
নিৰিবিলি পঢ়ি হিমাদ্ৰিয়ে
তেজপুৰ যোৱাৰ নতুন সপোন ৰচে ।
আকাশেৰে দি উৰি যায় ঘৰমুৱা পখী
হিমাদ্ৰিয়ে কয় বুলে
ময়ো তেজপুৰ ইউনিভাৰ্চিটিতে পঢ়িম ।
কলেজৰ ডেক্স- বেঞ্চ সকলোতে
"নিৰিবিলি:এটি নীৰৱ কাহিনী " বুলি লিখে
আপোন পাহৰা হৈ তেজপুৰৰ প্ৰেমত পৰি
বলিয়া হৈ উৰণীয়া পখীৰ দৰে উৰি ফুৰে ।।
😂😂😂🙈🙈🙈🤭🤭🤭
✍🏻 --শিৱানী বৰুৱা ✍🏻-
হয়,
দিয়া নাই...
দিয়া নাই অনুভৱক শব্দ ।
কিন্তু,
নয়নৰ ভাষা বুজিবলৈ...
ইমানেই কঠিন নে ?-
নিৰিবিলি
কিয় নিজক সুখী
ৰাখিব পৰা নাই?
অনুভৱ মোৰ
মিচিকিয়া হাঁহিটো
কেনিবা হেৰুৱাই পেলালো
মোৰ মুখখনি
যেন মৰহি গৈছে
ব্যস্ত হৈ থাকিলেও
কিবা এটাই বুকুত
বিন্ধা মাৰি থাকে
অশ্ৰুয়ে লগ নেৰা হৈছে
কান্দোন আৰু বিষাদে
জীৱনৰ লগৰী হৈ পৰিছে।।-
নিজান ৰাতিৰ বেলিকাত
শুনা পাওঁ মই,
তোৰ মধুৰ কন্ঠৰ অনুৰণ।
আহিবি চোন কেতিয়াবা
সেই ৰাতিৰ সপোন ভাজত,
নিৰিবিলি নিশাৰ টোপনি কাঢ়ি
দি থৈ যাবি তোৰ ওমাল বুকুৰ
গোপন মৰমবোৰ,
মোৰ হৃদয়ৰ মাজত।-
আপুনি
মোৰ অশ্ৰু হৈ বৈ যাওঁক
সকলো যন্ত্ৰণা নীৰৱে সহিম
আপুনি
মোৰ মৰম হৈ কাষ চাপক
আজীৱন সাৱতি ৰাখিম....!!
-
আপোন বুলি ভাবি যাৰ স'তে,
নিৰিবিলি আবেলিটো
নৈৰ পাৰত বহি কটোৱাৰ কথা আছিল,
তেওঁ দেখোন
আবেলিৰ বেলিটোৰ স'তে
ডুব গ'ল পশ্চিমাকাশত... !!-
নিশাৰ জোনাক পোহৰৰ খেলা
মুকলি আকাশৰ তলত,
নাতিশীতোষ্ণ পৰিৱেশৰ আমেজ
প্ৰকৃতিৰ বিশাল আৰু কোমোল বুকুৰ
উষ্ম কোলাত নিজক বিলিন কৰি
সম্পূৰ্ণ ৰূপে সমৰ্পিত হৈ,
জটিল জীৱনৰ পৰা আতঁৰি
মনৰ শান্তিৰ ঠিকনা বিচাৰোঁ।
নতুন অনুভৱ প্ৰতিটো সময়ত
আত্ম সান্তনাৰ প্ৰভাৱ
জাগি উঠে আত্মপ্ৰকাশৰ ইচ্ছা,
নিৰবিচ্ছিন্ন ভাবে বৈ আহে
জোনৰ শীতলতাৰ ঢৌ,
শান্ত কৰিবলৈ মনৰ
অশান্ত নদীৰ ইপাৰৰ-সিপাৰক।
-
নিৰিবিলি সন্ধিয়া বোৰত
তোমালে বৰকৈ মনত পৰে,
অস্ত বেলিকা এটাত
তুমি আতৰি গ'লা যে
আৰু উভটিয়ে নাহিলা
মোলৈ জানো তোমাৰ
এবাৰো মনত নপৰে !!
-