নতুন কিছু আশাৰ সতে
নতুন কিছু সপোনৰ সতে
নাজানো এই আশা
এই সপোনৰ অন্তই বা ক'ত..!-
_হাঁহি ভাল পাওঁ মই, সপোন ৰচিও বৰ ভাল পাও... read more
নুখুজো আকৌ ভাল পাব,🙂
নোৱাৰোঁ কাকোয়েই ভাল পাব.!
নিবিচাৰোঁ আৰু কোনোকে,
হেৰাব ও নিবিচাৰোঁ কোনোতে.!
নেজানোৱেই যে ভাল পাব,
নুবুজুয়েই যে কি ভাল পোৱা.!💔🙃-
বিবৰ্ণ ৰাতিটো বুকুত বন্ধি
এন্ধাৰ কোঠাৰ কোনোবা এচুকত
বহি ৰওঁ মই অতীত সুঁৱৰি!
তোমাৰ সতে কটোৱা
সেই দিনবোৰ, সেই ক্ষণ বোৰ
আকৌ ঘূৰাই পোৱা হলে🙂..!!
হেৰাই যাও মই জানা তোমাক লৈ দেখা
সপোন বোৰৰ মাজত!
সময়ো বৰ নিষ্ঠুৰ নহ..?
এৰা.....,
স্তব্ধ হৈ পৰিব দিয়া এদিন এই সময়ো
তেতিয়া মোৰ আশা সপোন সকলোঁ হেৰাই যাব!
নালাগে দিয়া তুমি আকৌ আহিব
হৃদয়ত নতুনত্বৰ পোহৰ বিলাব,
যাযাবৰী জীৱনত জোনাকৰ
মৃদু স্পন্দন দিব..!!-
তই কিয় ইমান অবুজ?
ভাগৰি পৰো মই প্ৰতিটো মূহুৰ্ততে
তোক যে বুজনি দিব নোৱাৰোঁ মই!!
ৰৈ দে না অকন;
ইমানকৈ উৰি নুফুৰিবি চোন
সপোনৰ চহৰ খনৰ মাজত..!!-
নিজান ৰাতিৰ বেলিকাত
শুনা পাওঁ মই,
তোৰ মধুৰ কন্ঠৰ অনুৰণ।
আহিবি চোন কেতিয়াবা
সেই ৰাতিৰ সপোন ভাজত,
নিৰিবিলি নিশাৰ টোপনি কাঢ়ি
দি থৈ যাবি তোৰ ওমাল বুকুৰ
গোপন মৰমবোৰ,
মোৰ হৃদয়ৰ মাজত।-
সপোন জাগি উঠে মনৰ মাজত
গোপনে তুমি নজনাকে.,
মন নদী খনি হৈ মৰমৰ সুঁতি বৈ
মোৰ বুকুয়েদি তোমাৰ হৃদয়ৰ মাজলৈ.!-
মই জানো মই এদিন এৰিব লাগিব তোমাক
কিন্তু তথাপিও যে প্ৰতি পলে তোমাকে বিচাৰোঁ.!
মই জানো আজীৱন তোমাৰ হব নোৱাৰো,
কিন্তু তথাপিও যে তোমাৰ হোৱাৰেই সপোন দেখো.!
মই জানো তুমি মই কেতিয়াও আমি হ'ব নোৱাৰো,
তথাপিও যে ভাল পাওঁ তোমাক কায়মনে!
সেইয়া জানো তুমি বুজিব পাৰিবা.?
হয়টো কঠিন হ'ব নহ.?
মই জানো তুমি বুজিব নোৱাৰিবা!
তথাপিও কওঁ মৰম বোৰ সদায়ে থাকিব তোমাৰ বাবে.!
ভালপোৱা বোৰ সদায় ৰাখিম মাথোঁ তোমাৰ নামতে.!-
কৈ দিম মনৰ মাজত আউল লাগি থকা কথাবোৰ.!
বুকুৰ মাজত কথাবোৰে বৰকৈ আমনি কৰে জানা .?
গধূৰ বোজা এটি লৈ থকা যেন অনুভৱ হয়!
আহিবা সময় পালে লগ কৰিবলৈ
কৈ দিম তোমালৈ বুলি ৰখা মৰম বোৰৰ কথা,
সাঁচি থলে মৰম বোৰে সঁচাকৈ বুকুতে খুন্দা মাৰে.!-