স্বাক্ষৰিত প্ৰেম
হৃদয়ৰ তেজেৰে ৰক্তাক্ত কৰিলো
তুমি দিয়া ডায়েৰিৰ পৃষ্ঠা
স্বাক্ষৰিত কৰিলো আমাৰ প্ৰেম
ৰক্তাক্ত ডায়েৰিৰ পৃষ্ঠাত..!!-
সাহিত্যৰ প্ৰেমিকা ❣️
যান্ত্ৰিকতা ভৰা সমাজৰ পৰা দুৰত থকাৰ চেষ্টাত...
প্ৰিয়জ... read more
২০২১ চনৰ লগত বহুতো তিতা মিঠা ঘটনা জড়িত হৈ আছে , আৰম্ভণি হৈছিল এক আতংকময় পৰিৱেশত আৰু সামৰণিও একে পৰিৱেশত , আজি এই বছৰৰ অন্তিম দিন ভাবিলেই আচৰিত লাগে চকুৰ পচাৰতে গুচি গ'ল , ২০২১ তোমাক ধন্যবাদ বহু কথাই শিকাই থৈ গ'লা এই বছৰত বহুত মিঠা আৰু মনপৰশা অভিজ্ঞতাৰ লগতে বহুতো তিতা অভিজ্ঞতাৰো সন্মুখীন হ'লো , হয়তো ইতিহাসৰ পাতত এই বছৰটি যুগমীয়া হৈ ৰ'ব , মহামাৰী কৰোনাৰ পৰা আৰম্ভ কৰি কত কি যে হ'ল , আজি তোমাৰ অন্তিম দিন ইয়াৰ পিছত এটি সোনোৱালী অতীত হৈ ৰৈ যাবা , মোৰ বাবে তুমি অতি স্মৃতিময় তোমাক ধন্যবাদ....
অৱশেষত বিদায় পৰত তোমাক অশেষ ধন্যবাদ মৰম আৰু অশেষ শ্ৰদ্ধা ।।-
তুমি বিহীন এটি জীৱন
স্বপ্নহীন এখনি হৃদয়
আৰু...
অশ্ৰুবিহীন এটি ৰাতি
কল্পনাৰ অতীত..!!-
বিপন্ন হৃদয়
স্বৰভংগ ৰাতি
ডায়েৰিৰ উকা পৃষ্ঠা
আৰু..
বাকীবোৰ অতীত...!!-
বহুদিন হ'ল অ'
হৃদয়ৰ পৃষ্ঠাখন আজিও উকা হৈ ৰ'ল
সেই পৃষ্ঠা ৰঙীন কৰিবলৈ
তই আকৌ এবাৰ উভতি আহিবি নে
চা আজিও মই তোৰ কাৰণে ৰৈ আছো
আমাৰ সেই কৃষ্ণচূড়াজোপাৰ তলত..
নাজানো কিয় মানুহবোৰে কয়
মই বোলে পগলা..
প্ৰতাৰণাৰ এক জ্বলন্ত উদাহৰণ
হাজাৰ বাৰ চিঞৰি কওঁ
নহয় , মই পগলা নহয়
মানুহবোৰে নামানে অ'
মই জানো তই আহিবি
মানুহবোৰক বুজাবি আৰু ক'বি
ই মোৰ প্ৰেমিক আৰু মই তাৰ প্ৰেমিকা...
-
কৃষ্ণ:ৰাধা ,ভালে আছা ?
ৰাধা: বৃন্দাবনত এৰি যোৱা তোমাৰ স্মৃতিৰ সৈতে আছো জীয়াই..
কৃষ্ণ:কিয় এনেকৈ কৈছা ৰাধা ?
ৰাধা: মই সঁচা কথাই কৈছোঁ কানাই
কৃষ্ণ: মোৰ হৃদয় এতিয়াও তোমাতেই ৰাধা
ৰাধা: ৰুক্মিণীৰ শিৰত বোলাই থোৱা সেই সেন্দুৰলৈ চাই ক'ব পাৰিবা
কৃষ্ণ:ৰাধা..
ৰাধা:কি হ'ল কানাই কিয় তুমি নিৰোত্তৰ.. জানো, তুমি নোৱাৰা উত্তৰ দিব
কৃষ্ণ:ৰাধা তুমি সলনি হ'লা.. তুমি মোৰ প্ৰেম ৰাধা..
ৰাধা: ৰুক্মিণীৰ শিৰত সেন্দুৰ বোলাই দিয়াৰ সময়ত এই তোমাৰ প্ৰেমত পাগলী ৰাধালৈ মনত নপৰিল নেকি কানাই..
কৃষ্ণ: ৰাধা..
ৰাধা: কিন্তু মোৰ প্ৰেম বাংশীধাৰী কানাইলৈহে ৰক্তাক্ত সুদৰ্শন চক্ৰধাৰী শ্ৰীকৃষ্ণলৈ নহয় , মোৰ হৃদয় সেই গৰুৰখীয়া দুষ্ট কানাইলৈহে ৰাজমুকুট পিন্ধা মহাৰাজ শ্ৰীকৃষ্ণলৈ নহয়..
কৃষ্ণ: তুমি নুবুজা কিয় ৰাধা..
ৰাধা: মই চিৰজীৱন মোৰ কানাইৰ..কানাইৰ স্মৃতিলৈ জীয়াই থাকিম.. আধৰুৱা প্ৰেমৰ স্মৃতিত চিৰদিন বিলীন হ'ব এই ৰাধা.. মাথো বিদায় ৰাজমুকুটধাৰী মহাৰাজ শ্ৰীকৃষ্ণ
কৃষ্ণ:ৰাধা......-
मोहब्बत के उपहार में मोहब्बत तो नसीब बालों को ही मिलती है साहब....
वरना इस जालिम दुनिया में तो मोहब्बत के उपहार में धोखा ही नसीब होता हैं..!!
-
হৃদয়খন আজি বৰকৈ বিষাইছে অ'
আহ্....
বহুত কষ্ট হৈছে অ'
আজি পুনৰ বিষাদে শিপাইছে অ'
তই বিহীন অশ্ৰুবোৰ পুনৰ জীপাল হৈছে অ'
তই নাই সেয়েহে চাগে
হৃদয়ৰ কম্পন অনুভৱ নোহোৱা হৈছে অ'...!!-