আধৰুৱা দস্তাবেজ
কোনো কাহিনীৰ প্ৰয়োজন বোধ নকৰোঁ মই
মাথোঁ তোমাৰ জীৱনসংগী হব বিচাৰোঁ,
নালাগে...
... নিবিচাৰোঁ তোমাৰ দৰে মই
মাথোঁ তোমাৰ হৈ থাকিব বিচাৰোঁ...৷
.......আজীৱন৷৷
-
তোমাৰ সামান্য কেঁকোৰা চুটি চুটি চুলিবোৰৰ মাজত
আকৌ এবাৰ নিজক হেৰুৱাই পেলাব মন জানা!!-
তোমাৰ সেই মৰমলাগা দুনয়নৰ গভীৰতাত
আকৌ এবাৰ বিলীন হ'বলৈ মন যায় জানা!!-
কমেণ্ট বক্সত জিলিকি উঠা তোমাৰ ৰঙীন চোলা পিন্ধা ফটোখনত
আকৌ এবাৰ মুগ্ধ হবলৈ মন যায় জানা!-
তোমাৰ ৰহস্যময় চকুযুৰিৰ উজ্জলতাখিনি দেখি
আকৌ তোমাৰ প্ৰেমত বিলীন হবলৈ মন যায় জানা!!!-
তোমাৰ সেই পাগল পাগল হাঁহিটোত
আকৌ এবাৰ বলিয়া হ'বলৈ মন যায় জানা!!!-
উত্তৰহীনতাই জানোঁ প্ৰশ্নবোৰৰ
সমাধি পতা নাই....?
বাস্তৱতাক জানোঁ এলাগী
কৰা নাই....?
@poet of hush
-
#দস্তাবেজ জীৱনৰ এপৃষ্ঠা
🍀🍀🍀🍀📝🍀🍀🍀🍀
ফাগুনৰ লঠঙা চৌপাশক নেদেখিলে ,..!
পাৰি জানো বহাগৰ প্ৰকৃতিক,
মন পৰান জুৰাই ভাল পাবলে..?
জীৱনত দুখৰ অন্ধকাৰ নেদেখিলে..!
বুজিব জানো কোনোবাই,
সুখত জিলিকি উঠা হাঁহিৰ মূল্য খিনিক.....?
জীৱনত প্ৰেমক কাহানিও নাপালেও,
নোৱাৰে জানো অনুভৱ কৰিব,
আপোন আপোন অনুভুতি বোৰক নিজৰ কৰিবলে..?
পৰিস্থিতিয়ে নিসংগৰ পথিক সজালেও,..!
ধৈর্য্য আৰু বিশ্বাসে নিদিব জানো সংগ,
সময়ত আপোন অনুভুতি বোৰক নিজৰ কৰিবলে.....??
-
#দস্তাবেজ
কিছুমান বস্তুক বুজিব চেষ্টা কৰাটো অনৰ্থক,
লাগিলে সেয়া,
মন ভাল লগোৱা সপোন বোৰেই হওঁক,
বা,
চিনাকি আপোন বোৰেই হওঁক.....-