মৌচুমী হাজৰিকা   (Mausumi Hazarika 🌿)
338 Followers · 175 Following

read more
Joined 19 May 2020


read more
Joined 19 May 2020

সময়ৰ খোটালিয়ে খোটালিয়ে
নৈৰাশ্যই বগুৱা বাই ফুৰা
ন্যুব্জ জীৱন পিৰামিডটোৰ
স্বাচ্ছন্দ্যক আদৰাৰ
অক্লান্ত অভ্যৰ্থনা;

প্ৰত্যাশিত হৃদয়ৰ
এয়া মাথোঁ উন্মাদ বাসনা,
এপিয়লা সুখ
এচমকনি হাঁহি...
থাউকতে কাহিনী বৈ পৰে এইদৰেই
প্ৰতিনিয়ত প্ৰতিক্ষণ।।

-



যিকোনো সময়তে
প্ৰতিটো পৰিস্থিতিতে
তুমি দুটাকৈ option লাভ কৰা...

এটা হৈছে খুব উজু;
আৰু আনটো খুবেই কঠিন-
যিটো হয়তো অসম্ভৱ যেনও ধাৰণা হ'ব পাৰে!

কিন্তু তুমি সেই optionটোহে choose কৰা উচিত,
যিটোত তোমাৰ short-term(হ্ৰস্বম্যাদী) নহয়
বৰঞ্চ long-term(দীৰ্ঘম্যাদী) লাভ হয়।
যিটোত grow কৰিব পাৰা।
যিটোত সাধনা থাকে।
যিটোৰে তুমি তোমাৰ পৰিচয় গঢ় দিব পাৰা...

সময় গতিশীল;
দূৰন্ত গতিত জীৱনটো গৈয়েই থাকে...
সুযোগ আৰু সুবিধাবোৰো তেনেকুৱাই:)
জীৱনৰ পৰা পলাই ফুৰিবলৈ অজুহাত হয়তো বহুত,
কিন্তু জীৱন জীয়াবলৈ এটাই যথেষ্ট..!

-



বকুলৰ গোন্ধত মতলীয়া হোৱাটো যদি
আউট-ডেটেড হয়,
জুবিন দাৰ "মুগ্ধ হিয়া মোৰ" শুনি
দিনৰ ভাগৰ জুৰুৱাটো যদি
আউট-ডেটেড হয়,
নিশাৰ তৰাভৰা আকাশৰ তলত
পপীয়া তৰাটোক বিচাৰি
হাবাথুৰি খোৱাটো যদি
আউট-ডেটেড হয়,
মাঁৰ আচলৰ সুগন্ধিত
শৈশৱলৈ উভতি যোৱাটো যদি
আউট-ডেটেড হয়,
প্ৰিয় উপন্যাসখনৰ স্ৰষ্টাক পাহৰি
অবাস্তৱিক নায়কজনৰ সৈতে
প্ৰেমত পৰাটো যদি
আউট-ডেটেড হয়,
জোনাক আৰু বৰষুণ ভালপোৱাটো যদি
আউট-ডেটেড হয়,

তেনেহ'লে..
আপোনাৰ নেটফ্লিক্স স্পটিফাই-ৰ
'আপ-টু-ডেট' পৃথিৱীখন
সঁচাকৈয়ে মোৰ বৰ অপ্ৰিয়!!

-



নাহ্..., মোহব্বতৰ ভুৱা পৰিণহনকৃত
মিষ্টান্ন শব্দশ্ৰেয়সৰ নিৰ্ঝৰিণী বোৱাই নিদিবা,
ৰৌদ্ৰোজ্জ্বল বিহানৰ এই কালছোৱাত
অনুশায়িত তোমাৰ কাতৰ্য্য শুনিবলৈ যে
মই একেবাৰেই প্ৰস্তুত নহয়...!
বৰং, জলমলাই থকা সেই নিলাভ চকুজুৰিৰ
পৰিদৃষ্ট নিভজুঁৱা শাব্দিক অচিৰাংশুক
মোৰ কৰ্ণমণ্ডলত নিকপকপীয়া হ'বলৈ
অকণ সময় দিয়া...।




নাহ্..., তোমাৰ নিবৃত্তিৰাগ সুৰৰ মূৰ্চ্ছনা হ'বলৈ
অভিমানৰ অভিৰংগত অভিগ্ৰস্ত
মইজনীক জোৰ নকৰিবা,
তোমাৰ কণ্ঠস্বৰৰ মাধুৰ্যতাৰ প্ৰতি
এতিয়া লালহা নহয় মই...!
পৰিৱৰ্তে, নিকুঞ্জবননিত নিশ্বাসিত
তোমাৰ প্ৰতিটো লামফৌ নিস্যন্দকেই
মোৰ উশাহবোৰৰ পাৰ ভাগি
হৃৎ-গহ্বৰৰ তমস্বিনীত বিলীন হৈ যাবলৈ
মঞ্জুৰী দিয়া...।

-



কালান্তক মহামাৰী স্বৰূপাজনী হৈ,
তাই মোৰ জীৱনৰ সমস্ত সুখৰ সঁফুৰা
হৰলুকী কৰিছে.....
আৰু তাইৰ বিষময় সহানুভূতিৰ স্পৰ্শই
কুষ্ঠ ৰোগৰ দৰে মোৰ আত্মাক এফালৰ পৰা
কুটি খোৱাৰ আখৰা চলিছে!

-



নাম সংজ্ঞা কিম্বা প্ৰতিশ্ৰুতিৰ অভাৱজনিত
সম্পৰ্কবোৰেই হয়তো
"বিশেষ"ৰ মৰ্যাদা লাভ কৰে!!!

-



এটি বিৰাট প্ৰহেলিকাময় প্ৰশ্ন...!

উত্তৰ উলিয়াবলৈ কোনোবা খিনিত
সক্ষম হোৱা যেন পালেই
পুনৰ হেজাৰ টা প্ৰশ্নই মূৰ দাঙি উঠে।

কি কিয় কেনেকৈ...
প্ৰশ্ন প্ৰশ্ন আৰু কেৱল প্ৰশ্ন!!!

এটা উত্তৰ বিহীন প্ৰশ্ন...!

-



আমি কৰি অহা ভুল বোৰৰ বাবে কোনো পধ্যে কেৱল আমিয়েই জগৰীয়া হ'ব নোৱাৰোঁ, ইয়াৰ বাবে সময়বোৰ হয়তো কেতিয়াবা আমাৰ মতে অথবা আমি ভবাৰ দৰে খাপ খাই নপৰে। নতুবা সময়ে আমাৰ সৈতে তাল মিলাব বিচাৰিলেও সমসাময়িক পৰিস্থিতিয়ে তাত বাধা দিয়ে। আমাৰ দৃষ্টিভংগী, মানসিকতা ,পাৰ কৰি অহা কেতবোৰ অভিজ্ঞতাৰ পঞ্জীভূত থূপ-ইহঁতবোৰেও যথা সময়ত কিছুমান ভুল সিদ্ধান্ত লোৱাত মুখ্য ভূমিকা পালন কৰে। এতিয়া আপুনিয়েই কওঁক... সেই ভুলবোৰৰ বাবে নিজে হীনমান্যতাত ভোগাৰ ক'ৰবাত কিবা যুক্তি আছে জানো?এইখন পৃথিৱীত ভুল নকৰা মানুহ হয়তো মই জনাত খুব কমেই আছে.......


READ IN CAPTION•••••••--

-



মোৰ ঊষৰ মৃত্তিকাত ঊৰ্বৰা সিঁচাৰ
বৃথা প্ৰয়াস দেখুৱাই...
আচলতে তুমি কি প্ৰমাণ কৰিব বিচাৰা!!!??

-



আন ৰংবোৰৰে সৈতে হোৱা সংঘাত
কিমান অতৃপ্ত হৈ পৰিলে, জীৱনে
ক'লাবোৰত আকণ্ঠ বুৰ গৈ
শুভ্ৰশ্ৰীক আকোঁৱালি ল'বলৈ
অনুমতি প্ৰদান কৰে....?

-


Fetching মৌচুমী হাজৰিকা Quotes