QUOTES ON #ASSAMESEQUOTE

#assamesequote quotes

Trending | Latest
12 MAY 2020 AT 8:22


তোমাৰ বিয়োগত
পাৰ ভাঙি আহে
মোৰ আইৰ নিৰ্মল অশ্ৰুধাৰী,

হাঁহিৰ বিননিৰে ভাও ধৰি ধৰি
পৰিছো ভাগৰি
অশ্ৰুধাৰী বৈ নিগৰি নিগৰি,

পিতাই আজিও যায় কমাৰশালত
আঘোনৰ সোণালী ধাননি
কাঁচি খনৰ দাও ধাৰ কৰি আনি
পুৱতি নিশাতে ওলাই পথাৰ লৈ বুলি

তথাপিও

তোমাৰ বিয়োগৰ শোকত
পাৰ ভাঙি আহে
আজিও

মোৰ আইৰ নিৰ্মল অশ্ৰুধাৰী।

-


3 MAY 2020 AT 21:10

সেউজ আকাশৰ নীলিমা স্বপ্ন তুমি
হিমযেন মলয়া বুকুৰ,
নন্দনবনত ফুলা কুসুমৰ কলিযেন
উৰ্বশীৰ জেউতি চকুত ।

স্নিগ্ধ হৃদয়ৰ সোণোৱালী ছবি যেন
ইন্দ্ৰধনু মোৰ আপোন,
পলাশত ফুটি উঠা এটুপাল মৌ যেন
উন্মনা ৰূপহী তৰুণ ।

অগ্নিৰ শিখা যেন সৃষ্টিৰ ভাষা তুমি
প্ৰগতিত আমাৰ সপোন,
ক্লেশৰ অন্ত কৰি গোলাপৰ পৰশেৰে
যুগজিতা এই বান্ধোন ।

-


4 FEB 2020 AT 19:15

আকাশী তৰাৰ সিপাৰত
ৰৈ যাওঁক...
অপ্ৰাপ্তিৰ বেদনাবোৰ!
সপোনবোৰ সফল হ‌ওঁক
সেউজবুলীয়া হাঁহি দুটি আঁকি;
স্থায়ী হ‌ওঁক
মোৰ হৃদয়ত আপোনাৰ ঠিকনা,
শূন্যগৰ্ভৰ শিতানত‌,
আৱেগৰ জীয়াধলত
এইদৰেই লিখি যাম
স্বাভিমানী প্ৰেমৰ ঠিকনা।

-


31 JAN 2019 AT 1:00

চাল্লা...মই বেইমানী প্রেমিকা
তোৰ শুভ্রতাৰ প্রেমত পৰা
মাতাল প্রেমৰ নায়িকা।।
মোৰ সূলভ মূল্যৰ হৃদয়খনক
বেচি চাবি নেকি তোৰ প্রেমৰ পঁজা
তুলা চালনীত জুখি চাম
কাৰ প্রেমৰ কিমান ওজস্বিতা।।
তোৰ প্রেমৰ ভৰত
আজিও ডুবিব মোৰ
হৃদয়ৰ এটা পাল্লা।
আই শপত
যদি তোৰ প্রেমৰ বিনিময় কৰ'
তোৰ শূণ্যতাৰ লগত বিনিময় কৰিম
মোৰ সমগ্ৰতা।

-


10 JAN 2020 AT 14:44

সলনি হৈছে তোমাৰ প্ৰতিদিনৰ অভ্যাস
এই যে অভিমানবোৰ নকৰা হৈছা মোৰ সমুখত
দিনটোৰ কৰ্মব্যস্ততাৰ খতিয়ান খন নিদিয়া হৈছা আজিকালি
আগৰ দৰে দাবীবোৰ নোহোৱা হৈছে মোৰ প্ৰতি, মোকো জানো প্ৰশ্ন কৰা ক’ত আছিলা অতদেৰি ?? শুধা জানো ভালে আছানে বুলি ? ব্যস্ত তুমি ,ব্যস্ত সকলো
ক’ৰবাত সলনি হৈছে তোমাৰ মন,
সলনি হৈছে তোমাৰ ভালপোৱাৰ পণ
তথাপি মই একেই আছো,
জীয়াই আছো তোমাৰ বাবে আমৰণ

-


20 MAR 2019 AT 10:45

আজি কবিতাৰ সৈতে
বিৰাট আল্লাপ কৰিলো,
কবিতাই ক'লে,
"তই মোৰ প্রেমত পৰিছ নে
তোৰ ভগ্ন হৃদয়ক সান্তনা দিছ? "
উওৰত একো নকলো__।।
কবিতাই শুধিলে,
"শব্দবোৰ লৈ কিহৰ প্ৰতিবাদ কৰিছ?
প্রাপ্যৰ প্ৰশান্তিৰ বাবে নে?
হেৰুৱাৰ অশান্তিৰ বাবে__।।
কাৰ নামত বাৰে বাৰে
পংকীলতাই বেৰিছ হৃদয়ৰ দুৱাৰ,,
জীৱন্তবোৰক ফাঁচিকাঠত উলমাইছ
নে অগস্তি হৃদয়ৰ শ্ৰাদ্ধ পাতিছ? "
দুয়ো মৌন হ'লো__!!
উওৰত আকৌ লিখিলোএটি
নষ্ট কবিতা,
পৰিচয় যাৰ ভ্রষ্টতা।।

-


9 FEB 2019 AT 18:05

অভিমানী চহৰত,
---কেতিয়াবা শব্দই চিঞৰে---!
নষ্ট কবিতা হোৱাৰ বেদনাত।।

-


24 APR 2020 AT 19:09

এডাল সেউজীয়া ৰেখা
বাণীকান্ত লহকৰ

ৰাতিৰ আকাশত নোলায় দুপৰীয়াৰ সুৰুয
আঁকিবলে এডাল সেউজীয়া ৰেখা
এতিয়া কানিমুনি বতাহ জাকত শিয়ৰি উঠা অট্টাহাস
নিলিপ্ত নয়নত বিক্ষিপ্ত ৰশ্মিৰ এদেও দুদেও চেও

চেগ বুজি বহাই দিয়া খঞ্জৰত খমলা বন্ধা তেজ
তেজ মুচি লুকাই থোৱা কাপোৰতো একেই দুৰ্গোন্ধ

দৈব্যৰ বিপাকৰ ই যেন এক জলন্ত ইতিহাস
দূৰ বহুদূৰ বাট বগুৱা বাই আগুৱাই যায়
আকৌ লুডু খেলৰ সাপে খাই
তললৈ গতি কৰাৰ দৰে
গোটেই পৃথিৱীয়ে অবনমিত নকৰিবনে আন এটা যুগলৈ?

কথাতে কয় ,
এটা কেৰ্কেটুৱাই গোটেই বাৰীৰ তামোল শেষ কৰাৰ দৰে
মহা প্ৰতাপী মানুহৰ অবিচাৰ কাৰ্য্যই ক্ষুব্ধ পৃথিৱীত
আকৌ মহামাৰীৰ ৰূপ লৈ মানুহকে ইতিকিং কৰে

সজ্ঞানতা কষ্টসহিষ্ণুতা সমমৰ্ম্মিতা আৰু প্ৰাকৃতিক উদাৰতাই
আকৌ নতুনকৈ সেউজীয়া কৰি তুলিব গোটেই পৃথিৱী
মানুহৰ অন্তৰৰ পৰা লাহে লাহে
বিলুপ্ত হ'ব
কাল সন্ত্ৰাসত ভুগী থকা অমানিশাৰ এন্ধাৰ বোৰ

আৰু তেতিয়াই হয়তো আঁকিব পাৰিব
এডাল সেউজীয়া ৰেখা জীৱনৰ ।

-



হেই মিষ্টাৰ !
আপুনিতো আজি বিচৰা ধৰণেই সুখী নহ ! আপোনাতেই বিলীন পাগলীজনীৰ কপাল ৰঙা কৰি ,অনামিকাত সাঁচ বহুৱাই তো বাৰুকৈয়ে সুখীৰ হোৱাৰ অভিনায়ক আজি আপুনি । কথা এটি জানানে ! আপোনাৰ যে হাজাৰ অৱহেলাৰ পাত্ৰী হৈ ও হেলাৰঙে সহ‍্য কৰিছিল....তাই জনীৰ বোলে আজি মৃত্যু হ'ল , আপোনাৰ চৰিত্ৰই হত্যা কৰিলে । সেন্দুৰ মুঠিয়ে বোলে মুখাগ্নি কৰিলে , আঙুঠিটোয়ে শেষ কৃত‍্য ও কৰিলে ।আকাশ বতাহে সকলোকে জনাই দিলে ।হয় দিয়ক ! কিমাননো আৰু সহজে সহ‍্য কৰিব ! তাই তো মানুহ হে , আপোনাৰ দৰে নামত হৃদয় এখনৰ বোজা বুকুত কঢ়িয়াই ফুৰা কচাইজন তো নহয় । তাই যে ছোৱালী , বুকুত বেদনা হ'ল বুলিয়ে মদৰ বটলটো ও ল'ব নোৱাৰে , লোকে দেখা কৈ কান্দিব ও নোৱাৰে । আন নহ'লেও মাজৰাতি মাকৰ বুকুত মূৰ গুজি নিশব্দে চকুপানী নিগৰোৱাৰ অভ‍্যাস কিন্তু বৰ সুন্দৰকৈয়ে কৰিব পাৰে এতিয়া । বাকী নো আৰু কি অভিযোগ কৰিব ? আপোনালোক এক হোৱাৰ সাক্ষী চন্দ্ৰ - সূৰ্য‍্য - বতাহৰ লগতে সেই নিশাৰ দূত মেঘদূতৰ ও এতিয়া তাইৰ প্ৰশ্নৰ উত্তৰ দিবলৈ সময় নোহোৱা হৈছিল ।উত্তৰেই বা দিব কি ! আপোনাৰ সত্য শুনাৰেই বা সামৰ্থ‍্যই ক'ত ? হ'ব দিয়ক মিষ্টাৰ নিৰ্ভেজাল বুলি প্ৰমাণ কৰিব খোজা ডাঙৰীয়া চাহাব । আপুনি আপোনাৰ চহৰত সুখৰ মদিৰাৰ নৈ বোৱাওঁক । তাইৰ মৃত্যুৰ অজুহাতত নহয় , নিজৰ পতনত ...👎🏻

-


1 JUN 2019 AT 18:44

নৈ খনৰ গৰাহত
সি সিদিনা অকলে থিয় হৈ আছিল
মূৰৰ ওপৰে উৰি গৈছিল_
বিষাদ মিহলি ধূলিৰ বতাহ
উশাহে নিচিনা আন শৰীৰৰ গোন্ধ_
চৈ বান্ধি বান্ধি নাৱৰীয়াই গাইছিল :-

"এই জীউ জীৱৰ কেঁকুৰিত উৰো উৰো"
"তোৰ বুকুতে বিধাতাৰ বুকু দুৰু দুৰু"
"এই পানীকে মই সাৱতি মৰো মৰো"
"এই জীউ জীৱৰ কেঁকুৰিত উৰো উৰো"

-