Liza Talukdar   (শব্দপিপাসী {লিজা})
1.7k Followers · 509 Following

read more
Joined 5 October 2019


read more
Joined 5 October 2019
3 DEC 2022 AT 23:58






-


12 AUG 2022 AT 14:06

অলপ ৰৈ দিয়া...

দূৰৈৰ বেলিটোক উভতিবলৈ

এটা ৰাতি উপহাৰ দিয়া।

-


1 AUG 2022 AT 19:41

এক চাৰি এক

ধৰা হ‌ওক
মই আপোনাৰ হাতত তুলি দিলোঁ
শূণ্যহীন তিনিটা সংখ্যা এক চাৰি এক...
অথচ
শূণ্য অবিহনে প্ৰেমৰ সংখ্যা লিখাটো
জীৱনৰ সমাৰ্থক নহয়।

দুভাগ নকৰাকৈ সংখ্যাৰেখাৰ মাজতে আমি ৰ'ম
কেতিয়াবা খোজবোৰ পিছলি বাওঁফালে গ'লেও
যোগাত্মক হৈ থাকিব নে
আমাৰ হাঁহিৰ বাগিছা !

আপুনি বিচাৰিলে
কাইলৈ
আমি গছ হ‌'ম
ভাল পোৱাৰ ফুলনিখন ভালে ৰাখিবলৈ ।

কথাৰ কথাৰে ঘৰ সাজি
আপোনাৰ হাতত তুলি দিলোঁ
শূণ্যহীন তিনিটা সংখ্যা
এক চাৰি এক। - © লিজা তালুকদাৰ।

-


30 JUL 2022 AT 18:03




ধৰা হ‌ওক
মই আপোনাৰ হাতত তুলি দিলোঁ
শূণ্যহীন তিনিটা সংখ্যা এক চাৰি এক,
অথচ
শূণ্য অবিহনে প্ৰেমৰ সংখ্যা লিখাটো
জীৱনৰ সমাৰ্থক নহয়...

-


13 MAY 2022 AT 20:16

#স্বপ্ন সুখৰ মালিতা

সফলতাৰ আকাশত উৰিবলৈ
প্ৰতিদিনে ব্যস্ততাৰ গান
তথাপিও আন্তৰিকতাত কোনো ভাজ নাই।

সম্প্ৰতি মই সেই ঘৰতোতে থাকো
যি ঘৰত টোপনিতকৈ দীঘলীয়া ৰাতি।

নভবাকৈয়ে যি মৰম মই বুকুলৈ সামৰিলোঁ
সেইয়া আশীৰ্বাদ,
প্ৰেৰণাৰ যি স্বপ্নৰে মই পুনঃ জী উঠিলোঁ
সেই স্বপ্নৰে এদিন ম‌ই সূৰ্যমুখী হ'ম।

©লিজা তালুকদাৰ

-


10 APR 2022 AT 14:02






-


6 APR 2022 AT 22:34







-


5 APR 2022 AT 23:48










-


24 MAR 2022 AT 23:01

#ভ্ৰমৰ_একোটি_গল্প

পুৰাতন আৱেগবোৰ
বুকুলৈ চপাই
ভুলৰ ভ্ৰমেৰে
নিজক নিচুকাই
অথবা সময়ৰ সুৰৰ পৰা পিছুৱাই
তেওঁ আজি প্ৰেমিক হোৱাৰ আখৰা কৰিছে

ভ্ৰমক‌ সঁচা বুলি দুখোজ বুলিলে
এই মনে পুনৰ স্মৃতিৰ
চিনাকি পোছাকযোৰ পিন্ধিব।

মোৰ দুচকুৰ বৰষুণজাকতে
তেওঁৰ বুকুত
নতুন বসন্ত
অথবা
প্ৰেমফুল ফুলিব !

-


22 MAR 2022 AT 20:27


যি পৃথিৱীত
ৰ'দৰ ফুলবোৰ খন্তেকীয়া
সেই আকাশৰ জোনাকতে উমলে
হেজাৰ জোনাকী পৰুৱা

আমি নুবুজিলোঁ নে নিশিকিলোঁ?
কিমান পোহৰত জী থাকে ভালপোৱা!

-


Fetching Liza Talukdar Quotes