আকলুৱা মনৰ ভাষা.......
-
অভিমানৰ শেলুৱৈৰে ঢাক খোৱা শিলছটাই বাগৰ সলাব খোজে,
শেলুৱৈৰ চাদৰখন খুলি বৈ যাব খোজে কোনোজনৰ বুকুৰ মাজেৰে।
শিলছটাই বিচাৰে...
বতাহ এজাক আহক আৰু উৰুৱাই নিয়ক
কওঁ বুলিও ৰৈ যোৱা কথাবোৰ।
-
নিয়ৰ সনা এটা শৰতৰ ৰাতি,,,
নিজান, নিঃশব্দ গোটেই পৰিধী,,,
মাথোঁ সাৰ পাই মোৰ সপোনে
তোমাৰ আবদাৰত...
এন্ধাৰ ফাঁলি জোনাক নামে
মোৰ সপোনত,,,
আৰু লৈ যায় এক নতুন দিকমুখ লৈ...-
ৰাতি দুপৰত সপোনে জগাই আৰু বাস্তৱে খুন্দিয়াই, এয়া চোৱা মই হাহি আছোঁ, কিমান সুখী মই....! হৃদয় বুলিবলৈ এতিয়া একোৱেই নাই, মাথোঁ মৃতপ্ৰায় শৰীৰ এটাৰ ভাৰ কঢ়িয়াই ভাগৰুৱা আত্মাই...।
-
দুখবোৰ ক্ৰমাৎ শেষ হৈ গ'ল যদিও
তোৰ স্মৃতিবোৰ ৰৈ গ'ল হৃদয়ত ,
ৰাতি দুপৰত সপোনে নিচুকোৱা পৰত
যেতিয়া সৰি পৰে তপত অশ্ৰু দুগালেৰে
তেতিয়া মাথো সুখী হ'বলৈ শিকো
এটি অজুহাত লৈ
মচি দিওঁ চকুলো
ভাবো অন্তত তোৰ কিবা এটা হ'লেও মোৰ
লগত ৰৈ গ'ল ।-
॥ নিশাৰ বিলাপ ॥
জ্বলি থকা নিয়নে জানে
ৰাতিৰ গভীৰতা!
উদৰ ভৰিলেই আতৰি যোৱা পথিক
তুমি নাজানা, অন্ধকাৰ বক্ষ মোৰ
কুকুৰৰ ৰাউচি কিমান জয়াল...
🤫 তিমিৰৰ ৰাজত্ব!!
-
নুফুলা ফুলৰ সুবাস বিচাৰি
ব্যাকুল কৰি তুলিছে
অঘৰী আত্মাৰ প্ৰেমৰ থাপনাত
নজ্বলা ধূপৰ সুগন্ধি
অদম্য ভালপোৱাৰ আপাহত !-
ৰাতি দুপৰত ভাঁহি অহা অচিনাকী বাঁহীৰ সুৰত
মোৰ সপোনবোৰে সাৰ পায়....
উন্মনা মনটোৱে বিচাৰে তোমাৰ হ'বলৈ।
তোমাৰ অনুভৱবোৰ লৈ কবিতা ৰচো
ভাষাবোৰ হেৰাই যায় ভাৱত আউল লাগে।
তুমিটো নুবুজিলা মোৰ মনৰ বেথা।
দূৰে দূৰে মাথো চাই ৰ'লা অচিনাকীহৈ।-
ৰাতি দুপৰত সাৰ পাই ,
উঠো উচপ খাই !
অঘৰীবোৰে
অনাসাৰে থাকে
ভোকত কলমলাই ,
খাবলৈ যে কেতিয়াবা
ফুটকণ এটাও নাপায় !
-