মোৰ কুসুম প্ৰণয়ৰ
হিয়াৰ নিভৃতত ফাগুনসনা মোৰ
এখিলা কাগজ গোলাপী
লিখা আছে য'ত মৰ্মে মৰ্মে অনুভূত
হেঁপাহৰ প্ৰত্যাশা!
হ'বই পাৰে কুশীলৱে মুখৰিত জীৱন ৰঙীন!
যৌৱনৰ ৰঙ এক-
মৰম ♥️
-
কাঞ্চন 💗
ৰঙৰ মোহিনীত যাৰ আহুদিৰ নিচা
ফুলপাহি মোৰ প্ৰাণৰো প্ৰিয়-
কাঞ্চন 💗
মোৰ হেঁপাহ ফাগুনৰ
কাঞ্চন- থাকিবিনে মোৰ বিয়লিতো তই !
কাঞ্চনৰ গাত আবিৰৰ গোন্ধ
কাঞ্চনে জুৰে বসন্তৰ গান-
ফাগুনপিয়াসী ৰাগিনীৰ মূচ্ছৰ্নাত
মোৰ চেতনাৰো উৰ্ধত ৰচা শব্দৰ লীলাত
পলকতে জগায় বহু নিশাৰ নিদ্ৰা!
পৰাণৰ তৃষা মোৰ-
কাঞ্চন 💗-
এটা কবিতাৰ তাড়নাত মই প্ৰেমত পৰিলোঁ
আপোনাৰ!
এটি সুৰৰ তাগিদাত মই হেৰাই গ'লো
আপোনাৰ মাজত।
কিছু খেলিমেলি ভাৱনাই ৰাগি লগোৱাৰ মাজতেই
হঠাৎ যেন মই খেদি গৈ বিচাৰি পাওঁ
আপোনাক, নব্য এক ৰূপত!
আপুনি - আপোন আপোন সন্ধানত ধ্যানস্থ
জীৱন্ত এক প্ৰতিমূৰ্ত্তি!
কুশলে থাকক-
আপুনি 🌸
-
কোন ভাবনায় বিভোর চৈত্রের শেষ বিকেলটায়
আগন্তুক বৈশাখীর স্তুতি- নাকি
চৈত্রের শেষ বিকেলে চৈতি খুনসুটি?
তুমি কোথায়?
-
নহয় মই বৈভৱী কোনো ৰাজপুৰুষৰ
সোণৰ কাৰেঙৰ অথবা কোনো বিলাসী হৃদয়ৰ।
সময়ৰ গতিত মোৰ ৰঙাখিনি গোলাপী হয়।
মই সমৃদ্ধ হওঁ চেতনাৰে। নৈসৰ্গিক 🪷
পৌনঃপুনিক... !!
-
এ কেমন মায়া!
জড়ানোর পথ ছিল না- ফাল্গুনপিয়াসী আত্মহারা
চলে যায়! যেনো ভৈরবী যাতনা ...
-
প্রিয়তম বাড়িতে এসে প্রেমিকার তানপুরায় ঝোলানো জুঁই ফুলের মালাটা দেখে বলে- আমি যেনো বাইজিখানার কোনো এক বাইজির বাড়িতে এসেছি।
সময়ের কি বিড়ম্বনা হায়!
সবসময় বিবাহবিমুখ কথা বলা মানুষটা বিয়ে করে। বৌয়ের নাম জুহী (जूही के फूल/ জুঁইফুল)।-
আঁচলৰ ফাগুনে পাহৰায় হিয়া জুৰি ঘাটৰ হেজাৰটা বেদনা...
মই আপোনভোলা হওঁ যুৰীয়া পলাশৰ
পাবলি পাহিবোৰ চাই !!!-
মহঙা হৃদয়ক মোৰ কাটিহা দেখুৱাই গ'লাই যেনিবা
কিনো পালা? মহঙা হৃদয় মোৰ মহঙাই থাকিল!
হেৰুৱাই তুমি কঙাল হ'লা
পুহৰ দুপৰীয়া জিলমিল ৰ'দত
পকা সুমথিৰাৰ সোৱাদত জীউ পোৱা
হৃদয় বিলাসৰ! 🤍
-