শিক্ষক আৰু পথ দুয়ো একেই, নিজেই একে ঠাইতে থাকি আনক নিজৰ লক্ষ্যত উপনিত কৰাত সহায় কৰে।
শিক্ষকৰ জ্ঞান অমৃত সমৃদ্ধ মহাবাণী আৰু মহান আদৰ্শৰে মহীয়ান হয় একোখন দেশৰ ভৱিষ্যত।
শিক্ষকসকলৰ প্ৰজ্ঞাৰ বীজ যুগে যুগে সিঁচি যাঁওকআৰু সেই প্ৰজ্ঞাৰ বীজৰ পৰা প্ৰস্ফুটিত হওঁক মূল্যবোধ, অহিংসা, শান্তি-সম্প্ৰীতি, একতা ইত্যাদিৰে সমৃদ্ধ সমাজ, জাতি আৰু দেশ।
Happy teachers day
কল্পবৃক্ষ হওঁক অক্ষয় বন্তি-
সৰি পৰিবা তুমি মোৰ বুকুত,আৰু মই দুহাত মেলি আকোৱালি ল'ম... read more
কণা হওঁক কুজা হওঁক
জীয়াই থাকিবলৈ নিজৰ বুলি
কাষত আপোন জন বা আপোন গৰাকী লাগে, যাক জীৱনৰ সকলো সময় দিয়া যায়, যাক সদায় কাষত পোৱা যায়,
সেইয়া সুখে হওঁক বা দুখে হওঁক,
জীৱনৰ শেষ মুহুৰ্ত লৈকে
কাষত থকাৰ পৰিকল্পনা কৰা যায়...-
তোমাৰ প্রেমৰ ধুমুহাত
মই এ বাবু
প্রেম মই তোমাক
কম কৰা নাই প্ৰিয়তমা ,
কিয় তুমি হৃদয়ৰ আঁৰত
ছবি আঁকি দিলা ,
কেঁচা মৰম আছিল
বুকুত বিষ ঢালি দিলা ,
মৰম অলপ দিয়া না
আপোন আপোন লাগিব ,
মোৰ মন তোমাতে বিভূৰ ।।😍🌿-
সমস্ত উজাৰি তোমাক সুখ দিব বিছাৰো
যাতে তুমি এই সুখতেই উমলি দুখ শব্দতোৱেই পাহৰি যোৱা.....-
প্ৰতীক্ষাবোৰটো সদায়ে থাকিব !
জোনাক গ'লা যামিনী প্ৰান্তৰ ঊষালগনৰ পৰা,
বৰ্ষা-মাদলৰ সাক্ষী হোৱা কাহিনীবোৰলৈ !
শুনচোন;
"প্ৰেমৰ আকাংক্ষিত সত্তাক যদিহে
মই স্পন্দিত কৰো;
অৰুণিমাৰ ইন্দ্ৰধনুৰে,
লিখিবিনে বাৰু স্বপ্নালী ডাৱৰৰ বুকুত
তই মোৰ হোৱাৰ কাহিনী...?"-
কামিনি কাঞ্চন জোপা আজিও ফুলি আছে জানা, মাথোঁ তোমাৰ অপেক্ষাৰত___🌷🌿
-
লিখিম বুলি ভাবি
কলম তুলি লʼলো
মৰমৰ এটি কবিতা,
কাগজখন তেওঁৰ হৃদয়
চিঞাঁহী বোৰ মোৰ প্ৰেম
নিৰ্লজ্জ শব্দবোৰ
নিষিদ্ধ ছন্দবোৰ
চিৰ দিনৰ আকাংক্ষাৰ অন্তত
দুটি আত্মাৰ মিলনৰ
অগ্নিশিখাই আৱৰা বতৰ
অন্তহীন বাসনাৰে
সজাই তুলিম দুয়োৰে প্ৰেমবোৰ..
-
“বিহু সম্ৰাট” প্ৰয়াত খগেন মহন্ত দেৱৰ জন্ম দিৱসত গণশিল্পী গৰাকীলৈ শ্ৰদ্ধাৰে সুঁৱৰিছোঁ 🙏🙏
-
হেজাৰ অভিযোগ, অভিমান
আছিল মোৰ তোমাৰ ওপৰত..
কিন্তু তোমাক আকৌ এবাৰ
হেৰুৱাৰ ভয়ত সকলোবোৰ
সামৰি মাথোঁ মৌন হৈ ৰৈছিলো...
আৱেগ, বেদনাবোৰ গলি
মৰুভুমি হৈ যোৱা বুকুখন
পুনৰবাৰ সপোনৰ বীজ
ৰুৱ পৰাকৈ জীপাল কৰি তুলিছিল!
আকাশৰ নীলাবোৰেও যেন
মোৰ সুখত সুখি হৈ
মিছিকিয়াই উঠিছিল...
-