বাৰে বাৰে মোৰ সুখৰ সমাধিস্থ কৰি
দুখবোৰ হাঁহি হাঁহি আকোঁৱালি লও
তোমাৰ বাবে
মোৰ ইচ্ছা মোৰ হেপাঁহবোৰক
জ্বলাই নিঃশেষ কৰি দিও
নীৰৱে
পিচে তুমিটো নুবুজা মোক
নে চেষ্টা নকৰা বুজিবলে ?
মই ভাৱি নাপাও
মানুহ ইমান স্বাৰ্থপৰ কেনেকৈ হ'ৱ পাৰে !!-
ডায়েৰীৰ শেষ পৃষ্ঠাত কলমৰ বুলনি:
ইমানখিনি ব্যস্ত মই নহয়,
যিমানখিনি তাক দেখুৱাইছো!
ইমানতো স্বাৰ্থপৰ মই নাছিলোঁ,
যিমানতো নাহৰৰ সৈতে কৰিলোঁ!
আৰু ইমান বেছি ভুলো কৰা নাছিলোঁ,
যিমান বেছি সম্প্ৰতি ভুগি আছোঁ...!!
(মই ধৰুৱা হৈ ৰ'লো: নিজৰ দৃষ্টিত..
মই দোষী হৈ ৰ'লো: নাহৰৰ চহৰত..)-
কোনো কাৰো আপোন নহয় এই পৃথিৱীত..৷
কাক বিস্বাস কৰিবা কোৱা...?
নিজৰ মনতোৱেই মোৰ কথা নুশুনে..!
মনতোৱেই যদি স্বাৰ্থপৰ হব পাৰে
তুমি, মই বা আপুনিনো কোন...???-
মোৰ বুকুত কিমান ক্ষোভৰ অগনি জ্বলে হয়তো তুমি নুবুজিবা ,তুমিতো আত্মবিলাসত মত্ত এটি স্বাৰ্থপৰ আত্মা..!
-
মুক্তি বিচাৰিছোঁ এই স্বাৰ্থপৰ দুনিয়াখনৰ পৰা
জুৰুলা হৈ পৰিছো সমাজত নিজকে টাপলি মৰাত...
বাৰে বাৰে বুকুত থূপ খোৱাই লোৱা সাহসখিনি
জহি খহি পৰে সমাজৰ বৰ্বৰ অত্যাচাৰত...
প্ৰতিটো শব্দই ৰেপি থৈ যায় কলিজাটোৰ এডৰা...
এতিয়া অকণ নিস্তব্ধতা মাগিছো...
য'ত সকলো স্বাৰ্থলোভীয়েই নিদ্ৰিত
আৰু মই এখোজ হ'লেও আগবাঢ়িব পাৰোঁ
কোলাহল অবিহনে সপোনবোৰক বোকোচাত লৈ...
-
সি: ঐ কি ভাবিছা আৰু একো নোকোৱা?
তাই: ওহো নকওঁ।কি থাকিল আৰু ক'বলৈ?
সি: বহুত স্বাৰ্থপৰ অ' তুমি....
তাই: উম জানো মই...
সি: এদিনো miss নকৰা মোক...?
তাই: নকৰোঁ,কিয় কৰিম...?
(miss you too বুজানা এবাৰ)
এনেকৈয়ে বন্ধনীৰ ভিতৰত ৰৈ যায় শব্দবোৰ।বাধ্যতাৰ সীমাৰেখাৰ বন্দীত্বৰ জীৱন...
তথাপি আপচুচ নাই,কিয়নো
নাম পাই তাই ভীষণ স্বাৰ্থপৰ...!!-
🛑জীৱনত আগবাঢ়ি যাবলৈ কেতিয়াবা নিজে স্বাৰ্থপৰ হ'ব লাগে, কিন্তু সেই স্বাৰ্থপৰতাই যাতে কাৰো বিশেষ হানি নহয় তাৰ প্ৰতিও, লক্ষ্য ৰাখিব লাগে...।
🛑জীৱনত কোনো ব্যক্তি যিমানেই আপোন নহওঁক লাগিলে প্ৰেমিক / প্ৰেমিকাই নহওঁক, বিশ্বাস ৰাখিব লাগে সঁচা কিন্তু বৰ্তমান সময়ত নিজৰ স্বাৰ্থৰ কথাও পাহৰিব নালাগে।
🛑বৰ্তমান সময়ত সকলোৱে তোমাক স্বাৰ্থত হে বিচাৰিব আৰু নিজৰ স্বাৰ্থৰ বাবে ব্যৱহাৰ কৰিব।
🛑নিজৰ স্বাৰ্থ নিজৰ লগত ৰাখিবা পাৰিলে, নহলে নিজৰ গুৰুত্ব বুজাই থাকোতে সময় পাৰ হৈ যাব।-
পৰিচয়
সময়ৰো যে কি খেলা......
চকুৰ আগতেই দেখোন
সকলোবোৰ দূৰ হৈ গ'ল......
সম্পৰ্কবোৰো দেখোন
ঠুনুকা হৈ গ'ল......
যাৰ বাবে আজি সকলো
পায় ও হেৰুৱালো.....
নিজ স্বাৰ্থৰ বাবে দৌৰি
কিমানৰ যে আশাবোৰ সেমেকালো.....
আজি দেখোন মই নিজকে
পাহৰি গ'লো.....
এতিয়া মোৰ আশাৰ চাকিগচিত
পোহৰৰ সন্ধান বিচাৰি নিজৰে
পৰিচয় বিহীন হৈ ৰ'লো......
-
কোনেও কাকো পাহৰি নাযায়,
আচল কথাটো হল
প্ৰয়োজন নহলে কোনেও কাকো
মনত নেপেলায়।।-
- স্বাৰ্থপৰ -
ৰাতিপুৱাৰ পৰা নিজৰ লগতে যুঁজো
নিজে সমস্যাৰ সৃষ্টি কৰি তাতে সোমাই থাকো
নিজকে গালি পাৰো
নিজকে প্ৰশংসা কৰো
নিজৰ কামত নিজে অবাক হও
নিজৰ কথা ভাবি কেতিয়াবা নিজেই হাঁহো
নিজে নিয়ম বনাই নিজে ভাঙো
নিজৰ দোষৰ পৰিনামৰ টোপোলাটো নিজে কঢ়িয়াই ফুৰো
কিন্তু আনৰ অভিমানৰ বোজা সহিব নোৱাৰো
মোৰ পৃথিৱীখনৰ ময়েই ৰজা, ময়েই প্ৰজা
ময়েই একমাত্ৰ বাসিন্দা ।
মা দেউতাৰ সৈতে মই বহুত সুখী
মাজৰাতি আহে নহয় তাই ,মোৰ সপোন পৰী
তাই বহুত ভাল ,তাইৰ বেছি অভিমান নাই
দুটা এটা বন্ধুৰ mssg এ মুখত হাঁহি আনে
কিন্তু কাৰো পৰা আশা কৰা নাই
এতিয়া দেখোন অকলে থকাৰ অভ্যাস হৈ গৈছে
আৰু
তাই আহেই মাজৰাতি ..... মোৰ সপোন পৰী
-