Indrajeet Bora   (Indrajeet Bora)
221 Followers · 191 Following

read more
Joined 22 March 2020


read more
Joined 22 March 2020
6 NOV 2022 AT 17:56

শেষ বুলি ক'লেই সকলো শেষ নহয়। কেতিয়াবা মৰি যাব ধৰা গছ জোপাও জী উঠে। মানুহ হাৰি হাৰিয়ে জিকে। জিকিবলৈ হ'লে মানুহে হাৰিবলৈও শিকিব লাগে। তেতিয়াহে জীৱনত সফল হ'ব পাৰি। চেষ্টাৰ অসাধ্য একো নাই। চেষ্টা কৰি থাকিলে এৰি নিদিলে সফলতাই তোমাক নিজে আহি লৈ যাবহি।

Grade III হে নাপালা। একো নাই ,Grade I ৰ বাবে নিজক প্ৰস্তুত কৰা। 🌻🌻🌻🌻


কি ঠিক Grade I হে যদি তোমাৰ বাবে ৰৈ আছে... সময় ৰৈ নাথাকে, তুমিও ৰৈ নাযাবা। সপোন পুহি ৰাখা আৰু সপোনবোৰ কষ্টৰে জীপাল কৰি ৰাখিব চেষ্টা কৰা আৰু বিফলতাৰ কাৰণ বোৰ ফঁ‌হিয়াই লৈ সফলতাৰ দিশে ধাৱমান হোৱা। চাবা এদিন সফল হ'বাই।

সকলোৰে ভাল হ'ব এদিন💙💙💚💚💚🌻🌻🌻

-


15 JUL 2022 AT 16:51

জীৱনত যদি লক্ষ্যৰ দিশে ধাৱমান হওঁতে বাধা বিঘিনিৰ মুখামুখি হৈছা তেন্তে বুজিবা যে তুমি সেইলক্ষ্যৰ বাবেই যোগ্য। জীৱনত কোনে কিমান স্পীডত আগবাঢ়িছে সেইটো জৰুৰী নহয়, লক্ষ্যস্থান কাৰ কিমান সুন্দৰ সেইটোহে গুৰুত্বপূৰ্ণ।

-


12 MAY 2022 AT 18:05

*সপোন আৰু সংগ্ৰাম*

জীৱনত সফলতা লাভ কৰিবলৈ হ'লে সপোন, সংগ্ৰাম, সংঘাত, অভাৱ আদিৰ সৈতে আমি যুঁজ দিব লাগিব। যুঁজত সফল হ'লে জীৱনটো এক সুন্দৰ দিশে গতি কৰে। সপোন আমি দুই ধৰণে দেখোঁ- এটা সপোন ৰাতি আৰু অন্য এটা সপোন প্ৰতিনিয়ত আমি দেখি থাকোঁ। নিশা দেখা সপোনবোৰে আমাক অকণমান সময়ৰ বাবে সুখী কৰি গুচি যায়। প্ৰতিনিয়ত দেখা সপোনবোৰে আমাক জীৱনত সংগ্ৰাম কৰিবলৈ অনুঘটক হিচাপে ক্ৰিয়া কৰে। জীৱশ্ৰেষ্ঠ মানুহ হিচাপে ভগৱানে আমাক চিন্তা কৰা, সপোন দেখাৰ শক্তি উপহাৰ হিচাপে প্ৰদান কৰিছে। জীৱনত আগুৱাবলৈ হ'লে আমি সপোন দেখিবই লাগিব। যিদৰে শিক্ষকে ক্লাছ কৰাৰ আগতে এটা প্লেন বনাই লয়, ঠিক একেদৰে জীৱনটো সুন্দৰ কৰিবলৈ সংগ্ৰামৰ এক প্লেন বনাব লাগিব।

*সপোন যিমানেই ডাঙৰ হয় জীৱনেও আমাৰ পৰা সিমানে সময় বিচাৰে।* যেতিয়ালৈকে সপোনটোক বিচাৰি পোৱা নাযায়, তেতিয়ালৈকে যিমান বাধা বিঘিনিয়েই নাহক কিয় সাহসেৰে সেইবোৰৰ লগত সংগ্ৰাম কৰি আগুৱাই যাব লাগিব। যাৰ জীৱনত সংগ্ৰাম নাই তাৰ জীৱনত তৃপ্তি নাই। সংগ্ৰাম, আঘাত আৰু অভাৱে মানুহৰ জীৱনত সুখৰ শিখৰত আৰোহণ কৰাত অগ্ৰণী ভূমিকা লয়।

-


11 MAY 2022 AT 8:03

কৌটিল্যই কৈছিল, " আকাশত উৰি ফুৰা চৰাইৰ বাট জনাও সম্ভৱপৰ হ'ব পাৰে, কিন্তু ভাব গোপন কৰি ৰখাসকলৰ গতি-বিধি বুজা টান।"


আজিকালি প্ৰায়ভাগ ব্যক্তিয়েই আপোনাক কেনেকৈ ক্ষতি কৰিব পাৰি তাৰ অপেক্ষাত থাকে। আপোনাৰ প্ৰতি তেওঁলোকৰ ভয় থাকে যাতে আপুনি তেওঁলোকক অতিক্ৰম কৰিব নোৱাৰে। যাৰ পৰিপেক্ষিতত ভিতৰি এটা বেলেগ মনোভাৱ আৰু বাহিৰত এটা বেলেগ মনোভাৱ ৰাখে। মানুহৰ মনটো বুজিবলৈ বৰ কঠিন। আপোনাৰ প্ৰতি অন্য এজনে কি মনোভাৱ লৈ আছে সেইটো সহজে ধৰিব নোৱাৰি। আপোনাৰ প্ৰিয় বন্ধু বা বান্ধৱীগৰাকী কেতিয়াবা আপোনাৰ শত্ৰুও হৈ যাব পাৰে। গতিকে হিয়া উজাৰি মনৰ কথা প্ৰকাশ কৰাৰ আগত, গভীৰভাৱে তেওঁৰ গতি বিধিহে লক্ষ্য কৰক। সমস্যাত পৰাতকৈ আগতীয়াকৈ সতৰ্ক আৰু সজাগ হওক।

-


5 MAY 2022 AT 22:48

হাঁ‌হি কান্দোনৰ মাজতেই লুকাই থাকে জীৱনৰ ৰহস্য।✨✨✨


🔵আপুনি আজি যে চকুলো টুকি আছে, এই চকুলোবোৰত ভগৱান লুকাই আছে। য'ত চকুলোবোৰে সাহস হৈ ঠিয় দিছে আপোনাক জীৱনৰ বাটত আগুৱাই যাবলৈ। কেতিয়াও নাভাৱিব এই চকুলোবোৰ আপোনাৰ বাবে অভিশাপ বুলি। এই চকুলোবোৰে গুপুতে সাজি থাকে আপোনাৰ বাবে এক হাঁ‌হিৰ তাজমহল। মাথোঁ অপেক্ষা কৰিব, হাৰি নাযাব।

🔴 কিছুমানে হাঁ‌হিৰ মাজতে লুকুৱাই ৰাখে জীৱনৰ অযুত বেদনা। আপোনাৰ এটা হাঁ‌হিয়েই আন এজনৰ মুখত হাঁ‌হি বিৰিঙাব পাৰে। হাঁ‌হিয়ে জীৱনটো ৰঙীন কৰে। য'ত লুকাই থাকে জীৱনৰ প্ৰাপ্তি। তুমি যদি আনৰ মুখত এমুকুৰা হাঁ‌হি গুজি দিব পাৰিছা তেন্তে তুমি ভগৱানক লগ পাইছা।

🟡 আপোনাৰ এটি কোমল হাঁ‌হিয়েই কেতিয়াবা আন এজন কঠোৰ হৃদয়ৰ ব্যক্তিৰ মন সলনি কৰি দিব পাৰে। আপোনাক বেয়া পোৱা মানুহজনে আপোনাক ঠাট্টা কৰি কথা ক'লে আপুনি মাথোঁ এটি মিচিকিয়া হাঁ‌হিয়ে সেইখিনিক সম্ভাষণ জনাব।


-


26 FEB 2022 AT 7:57











— % &

-


26 FEB 2022 AT 7:56













— % &

-


12 JUL 2020 AT 18:14

তোমাৰ মাধুৰীসনা ওঁ‌ঠৰ
হাঁ‌হিৰ সুবাসত মই মুগ্ধ হওঁ‌,,,
তোমাৰ কাঁ‌জলসনা দুটি চকুৰ পৰা সৰি পৰা লোতক দেখি মই বাকৰুদ্ধ হৈ পৰো,,
তোমাৰ মনৰ সৰলতাৰ প্ৰেমে মোক সুযোগ দিয়ে প্ৰেম উপত্যকাত
প্ৰেমৰ ভাস্কৰ্য নিৰ্মাণ কৰাৰ ..!!!

-


1 JAN 2022 AT 14:33






-


31 DEC 2021 AT 20:09

"সময়ে শিকাব
সময়ে বুজাব
সময়ক জানো পাৰি দুহাতে ৰাখিব"

সময় পাখি লগা কাঁ‌ড়ৰ দৰে। এবাৰ গুচি গ'লে পুনৰাই আৰু উভতি নাহে। ঠিক এনেকৈয়ে ২০২১ বৰ্ষটিয়ে আহি আহি অন্তিম পৰ্যায়ত উপস্থিত হ'লহি।

এই অন্তিম সময়ত এটাই প্ৰাৰ্থনা যাতে বিগত দিনবোৰৰ দৰে অশান্তি, দুখ পাৰিলে কাৰো জীৱনলে নাহক।


আগন্তুক ২০২২ নৱবৰ্ষই সকলোৰে জীৱনৰ প্ৰতিটো দিন ৰঙীন কৰি তোলক। শান্তি সম্প্ৰীতি অটুট থাকক সকলোৰে মাজত। নিজে নিজক গঢ়ি তোলক। তাৰেই কামনা কৰিলোঁ।😌😌😌💙💙💙🥳🥳🥳

-


Fetching Indrajeet Bora Quotes