আমি সপোন দেখোঁ
বাস্তৱে কাহিনী ৰচে-
Cotton University,Guwahati
শব্দেৰে জীৱন জীয়াৰ প্ৰয়াস
কবিতাৰে মৌনতাৰ আঁৰৰ ক... read more
যিমানবাৰেই মোৰ উশাহে হৃদয়তন্ত্ৰ স্পৰ্শ কৰে
সিমানবাৰেই মই আপোনাৰ প্ৰেমত পৰোঁ
কেতিয়াবা নীৰৱ হৈ আপোনাৰ দুচকুৰে
অথবা কেতিয়াবা ভাৰ্চুৱেলী আপোনাৰ হাঁহিটোৰে
আপোনাক অনুভৱ কৰোঁ
আপোনাৰ স্পৰ্শ বিচাৰি
চকুমুদি অনুধাৱন কৰোঁ
উজানবজাৰৰ আবেলিৰ মধুৰ আলিংগন
দুইওঁঠৰ মিলন
সেইদিনা নীলা হৃদয়ৰ প্ৰেম দেখি
অস্তগামিত বেলিটোও অলপ বেছিয়ে ৰঙা হৈছিল নহয়নে?
ব্ৰহ্মপুত্ৰতো প্ৰেমৰ জোৱাৰ উঁঠিছিল
দূৰৰ পৰা উমানন্দৰ পাহাৰখনেও
সন্ধিয়াৰ ওৰণি টানিছিল
আৰু আপুনি মই হাতত ধৰি
কেৱল সোমাই পৰিছিলোঁ এটাই আনটোৰ মাজত
যেন বহুযুগৰ মূৰত দুটি অতৃপ্ত আত্মাই
নিজক বিচাৰি পাইছিল
বহুদিন হ'ল ,সেই স্পৰ্শ নোপোৱাৰ
মই গৈ আছোঁ আপোনাৰ ওচৰত
এইবাৰ ৰঙা বেলি আকাশত নহয়
মোৰ কপালত জিলিকিব লাগিব...-
তুমি কন্ঠ মোৰ অনুভৱৰ
তুমি শিহৰণ মোৰ আৱেগৰ
তুমি উশাহ মোৰ জীৱনৰ
তুমি হেঁপাহ মোৰ আশ্বীয়ানা চহৰৰ
তুমি আশা মোৰ মনৰ
তুমি মৰম মোৰ অন্তৰৰ
তুমি দিঠক মোৰ সপোনৰ
তুমি উজ্বল মোৰ অন্ধকাৰ মনৰ
তুমি প্ৰেম মোৰ চিৰদিনৰ-
আজি নিজক অলপ মৰম কৰিছোঁ
হৃদয়ৰ ভঙা টুকুৰাবোৰ আলফুলে বুটলি লৈছোঁ
চুলিৰ মাজে মাজে হাত বুৰাই কৈছোঁ
"তই ভাগৰা নাই জীৱন হেৰুওৱা নাই"
পাৰভাঙি ওলাই আহিব খোজা চকুপানীবোৰক
কষ্টৰে সামৰিছো
নিচুকাইছো এটি সৰু ল'ৰাৰ দৰে
ভিতৰৰ মানুহজনীক উমান পাব দিয়া নাই
মৃতপ্ৰায় মোৰ অনুভূতিৰ কথা
গম পালেই যেন আকৌ ভাঙি যাব
পৰালৈকে বুজাইছো
মাজে মাজে গান গাইছো
"চিনাকি চিনাকি মুখ অচিনাকি মন
মুখা পিন্ধি সকলোচোন নিজতেই মগন"-
অকলশৰীয়াৰ অনুভৱ কেতিয়াবা বাৰুকৈয়ে হয়
কষ্ট পাওঁ বহুত যেতিয়া কান্দোনবোৰ
ডিঙিলৈকে আহিওঁ চেপি ৰাখিব লগা হয়
তথাপিও নিজৰ বিশৃংখলতাক সামৰি ল'ৱ পৰাকে
অসুখী হৃদয়ৰে আজি সুখী মই-
মই নিৰাসক্ত হৈ কান্দিছিলো
আৰু আপুনি নতুন উন্মাদনাৰে আহি
মোক সাৱটি ধৰিলে
আপুনিয়েই কওঁক কেনেকৈ ৰখাওঁ নিজক
আপোনাৰ প্ৰেমত নপৰিবলে?-
মোৰ হৃদয়ৰ কাৰেং
প্ৰেম বুলি প্ৰতাৰণাৰ ৰঙেৰে বোলালা
মৰমৰ বিনিময়ত দিলা
দুখ এবোজা
প্ৰতিদিনে তোমাৰ ওচৰত
অৱহেলিত মোৰ আশা
হ'ৱ ....
আৰু একোকে নিবিচাৰো তোমাৰ পৰা
নিসংগতাক সাৰথি কৰি
পুনৰ লিখিম মোৰ আধৰুৱা কবিতা
-
চাৰিওফালে নিস্তব্ধতাৰ উৰুলি
নিসংগতাই গ্ৰাস কৰিছে কণমানি হৃদয়খনি
তথাপিও সপোনৰ ভগ্নাৱশেষবোৰ ফুৰিছো বিছাৰি
জীৱনৰ আদি বাটতে পথ হেৰুওৱা
পথভ্ৰস্ত পথিক মই.....-
বহুদিন হ'ল হৃদয়ৰ অসুখ
বুকুত এটি তীব্ৰ বিষ
সকলোবোৰ অবুজ সাঁথৰ
ভাগৰুৱা বুলি ক'ৱ নোখোজো নিজক
কিন্তু কোনোবাখিনিত হয়তো ব্যৰ্থ
সময়বোৰ মোৰ বাবে
প্ৰশ্নৰ প্ৰহেলিকা মাথোঁ
য'ত প্ৰতিবাৰে হাৰি যাওঁ উত্তৰবিহীন হৈ
বিষটো ক্ৰমাৎ শিপাই
মোৰ জীৰ্ণ নিৰ্বাসিত অস্থিপুঞ্জৰ মাজলৈ
নিসংগতা মোৰ নতুন নহয়
ক'লা অথবা এন্ধাৰো মোৰ প্ৰিয়
তথাপিও কিয় জানো অনুভৱ কৰোঁ
কিবা এটা প্ৰয়োজন
নাজানোঁ ..!
উফফফ !! বৰ অসহ্যকৰ
মোৰ বাবে
বৰ সহজ নহয় এই জীৱন !!!-