yq পৰিয়ালৰ প্ৰত্যেকজন সুহৃদ সহিতে তেৰাৰ পৰিয়াললৈ,অসমীয়াৰ বাপতি সাহোন ভোগালী বিহুৰ হিয়া ভৰা ওলগ জনালোঁ।
Wish you a very Very Happy 'bhogali bihu' to all the good person of our "yq family" along with his family.
("Bhogali bihu", it's a big festival of our Assam)
-অনুভৱ
-
সকলোলৈ ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ
মেজিৰ পোহৰৰ দৰে উদ্ভাসিত হৈ পৰক সকলোৰে জীৱন...
ভোগৰ উৎসব ভোগালীত
খাই-বৈ মজা লওঁক
টেকেলী পিঠা...চুঙা পিঠা...
ঘিলা পিঠা ...আৰু লাড়ু
।।.... মজা মজা মজা....।।
-
মাঘের আগমণ
শুরু হলো মাঘ মাস আজ
ভোগালী বিহু করেছে রাজ
শুরু হলো তিন বিহুর এক বিহু
মাঘ বিহুকেও বলে ভোগালী বিহু
হয়েছে পিঠে-পুলি খাওয়া-দাওয়া
নাচে-গানে ও আনন্দে হচ্ছে শুধু মজা।
মাঘ মাসের কনকনে শীতের হওয়ায়
চলছে নানান রকমের পিঠে খাওয়া
সবাই ব্যস্ত বনভোজনের মরশুমে
আমি তখন আছি শুধু মগ্ন ঘুমে।।
-
ভোগালীৰ আন্তৰিক
শুভেচ্ছাৰে.....
আনন্দৰে উপচি পৰক
আপোনাৰ জীৱন...
সুখ স্বাচ্ছন্দৰ মাজেৰে
বাগৰি যাওঁক
প্ৰতিটো বছৰ .....
মেজিৰ জুইত নাশ
হওঁক অসূয়া অপ্ৰীতি....
তাৰেই কামনাৰে....-
ভোগালী❤️
ভোগালী আহিলে!
ভোগালী আহিলে!
ভোগৰে বতৰা লৈ।
খোৱাৰ আয়োজন সকলোৱে কৰিলে,
পিঠা-পনা,জলপান,লাড়ু,চিৰা,দৈ লৈ।
কেনেকৈনো বুজাওঁ,
ভোগালীৰ আমেজ।
পুৰণিকলীয়া নিভাঁজ নিয়মেৰে মেজী,ভেলাঘৰ বনোৱা,
শেষত মেজি জ্বলাই দি বছৰতোৰ বাবে সকলোৰে মঙ্গল কামনা কৰা।
সকলোৱে একেলগে এসাঁজ প্ৰীতিভোজ খোৱা।
বাহঃ!
কি সুন্দৰ পৰিৱেশ নহয়নে?
সচাঁই!
এই মধুৰ আবেগবোৰ আৰু মিলা-প্ৰীতিবোৰ ৰৈ যাওঁক চিৰদিনলৈ……
ভোগালী পুনৰ আহক ভোগৰ বতৰা লৈ।-
ভোগালী বিহু
হিমচেঁচা শীতৰ সেমেকা দিনবোৰৰ অৱসাদ আঁতৰাই,
ঐক্যৰ বাৰ্তা লৈ দেহ-মনলৈ প্ৰফুল্লতা কঢ়িয়াই,
উচাহৰ নৈ বোৱাই ভোগালীৰ আগমন,
আখলত তাৰে বিশাল আয়োজন।
নানা ৰকমৰ পিঠা-পনা,লাড়ু,চিৰা-দৈ-গুড়,হাঁহ -মাছ আদিৰে ভোগৰ মেলা,
উৰুকাৰ ভোজে একতাৰ এনাজৰীডাল টনকিয়াল কৰিব।
মেজিৰ পবিত্র জুইয়ে হৃদয় উমাল কৰিব,
জীৱন ৰঙীণময় কৰি তুলিব।
পথাৰৰ শুৱনি ভেলাঘৰ,
নিয়ৰসিক্ত মেজিৰ তলৰ ধেমালীবোৰ।
যদিও সকলো এতিয়া আধুনিকতাৰ আগ্ৰাসনত,
উৰুকাৰ ৰাতি জেওৰা জপনা,বাৰীৰ আলু কচু চুৰ কৰি অনা দৃশ্য এতিয়া অতীত।
তথাপি জীয়াই আছে,জীয়াই থাকিব অামাৰ আদিমপুৰুষীয়া পৰম্পৰা,
দপাদপাই জ্বলি উঠক মেজিৰ জুইকুৰা।
নিপাত কৰক মনৰ তিমিৰ,
দহন হওক বিষাদ গধুৰ হৃদয়ৰ যন্ত্ৰণাবোৰ, আঁতৰি যাওক সমাজৰ অসূয়া-অপ্ৰীতিবোৰ।
পোহৰাই তোলক সকলোৰে জীৱন মৰম, ভালপোৱা একতাৰ এনাজৰীৰে,
ভেদাভেদবিহীনভাৱে সকলোৱে হেঁপাহৰ বিহুটি উদযাপন কৰক ভোগ-প্ৰাচুৰ্যতাৰে।
(মান্যানুসৰি সকলোলৈকে ভোগালী বিহুৰ মৰম আৰু ওলগ যাচিলো)-
সকলো বন্ধুলৈ উৰুকাৰ ওলগ জনালোঁ। মেজি জুইৰ মিঠা উম লৈ ভোগৰ উৎসৱ ভোগালী বিহুটি সুকলমে পাৰ হৈ যাওক।।
-
মেজিঘৰ ভেলাঘৰ
মেজিঘৰ ভেলাঘৰ
আনন্দৰ ঘৰ ভঁৰালৰ
আৰু ঘৰ সুখৰ;
ভোগালীয়ে আনিলে হাঁহি মুখৰ
পাহৰায় দুখ মনৰ।
হাঁহ-কুকুৰা-ছাগলী মাংস
বন্ধাকবি-বিলাহী-মটৰৰে লেৱেৰা ভাজি
আৰু লগত জুতি লগাই দালি:
উলাসৰে ভৰপূৰ চাৰিওফাল
বিহুৰ ৰঙত মতলীয়া ভোগালী।
সেউজীয়া পথাৰত বিহু নাচ
ঢোলৰ ধ্বনি, গামোচাৰ মৰম
বতাহত গোন্ধ কেৱল আমোদৰ;
দৰিদ্ৰতা গুচাই স্বৰ্ণৰে যেন ভৰি থাকে
প্ৰতিজন অসমীয়াৰ পাকঘৰ।
-দিনেশ কুমাৰ আচার্য্য
১০.০১.২১.-
সময়ৰ সোতঁত
আধুনিকতাৰ আগ্ৰাসনত
হেপাহৰ ভোগালী
আজি অতীত !!
সকলোলৈ বাপতিসাহোন ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ ৷৷
-
ভোগলীৰ আগমনে কঢ়িয়াই আনক সকলোৰে জীৱনলৈ
সুখ-শান্তি-প্ৰাচুৰ্য,
তাৰে কামনাৰে ভোগলীৰ হিয়াভৰা শুভেচ্ছা জনালোঁ।-