🌸জীৱন অনুপম🌸
--------------------------
জীৱন যে কিমান কষ্টকৰ নহয়নে?
য'ত কোনো জিৰণি নাই,
নাই কোনো আহৰি,
মাথোঁ আছে বহুতো সংগ্ৰাম আৰু ঘাট-প্ৰতিঘাট।
শৈশৱ,যৌৱনৰ পৰা আৰম্ভ হৈ প্ৰাপ্তবয়স্ক লৈকে যেন জিৰণিয়ে নাই অবিৰত ভাৱে……
কিমান যে হৃদয়ে মৌনতাৰে উচুপে!
কিমান যে মৰমৰ অৱসান ঘটে!
কিমান যে অভিমানৰ অন্ত পৰে!
কিমান যে সপোন ভাঙি বিনষ্ট হয়!
সচাঁই……
তিতা-মিঠা অনুভূতিৰে জীৱন বৰ অনুপম নহয়নে!
জীৱন যুদ্ধত প্ৰতিযোগিতা কৰি কৰি,
যেন হাৰিয়ে যাব নোখোজে জীৱনে।
যদিওৱা প্ৰতিৰক্ষাৰ বেদনাই হৃদয় ভাঙে,
দুচকুৰে চকুলো নিগৰে,
তেতিয়াও যে জীৱনে হাৰ নামানে!
আগবাঢ়ি যোৱাৰ দুৰ্বাৰ হেপাঁহেৰে,
জীৱনে মৃত্যুৰ আগমূহুৰ্তলৈকে যুঁজিব বিচাৰে।
এয়াই সংগ্ৰাম!
এয়াই জীৱন!-
Ex NGCian 💚
Love to write📝
I never call myself a poet but love writing💞
Som... read more
তুমি এক সুললিত ৰাগ,
যাৰ তানত ক্ষিপ্ত মোৰ মন।
এতিয়া মোৰ স্পৰ্শবোধত,
মাথোঁ তোমাৰেই গুঞ্জৰণ।
হিয়াৰ নিভৃত কোণত স্ৰজা অনুভূতিবোৰ,
মানসহৰ্ম্যত তোলপাৰ লগাইছে।
সেয়ে তোমাতেই লীন হ'ব খোজে,
প্ৰণয়ৰ প্ৰত্যেকটো গান।💗-
আচৰিত যেন লাগে নহয়নে?
তথাপিও তুমি চোন আজি আপোন।
মনে নিবিচাৰিলেও কেতিয়াবা ভাগ্যই মিলাই দিয়ে,
তাৰেই যেন এক নিদৰ্শন তুমি।
কল্পনাবিহীন মোৰ জীৱনত,
তুমি যে আজি বৰষুণ হৈ নামি আহিছা…
ধাৰাসাৰে!
চাৰিওফালে অন্ধকাৰে অাৱৰি ধৰাত,
মোৰ জীৱনত যেন জোনাক সিঁচি দিলা;
নজনাকৈয়ে!-
কোনে বুজিব?
হাঁহিৰ আঁৰত থকা বিষাদৰ হুমুনিয়াহ।
কোনে বুজিব?
কষ্টৰ মাজত থকা এমোকোৰা সুখৰ সকাহ।
কোনে বুজিব?
সংগ্ৰামৰ যাত্ৰাত সাহসৰ এখন হাত।
কোনে বুজিব?
জীৱনত কেতিয়াও হাৰ নমনাৰ হাবিয়াস।
-
তুমি
~~~~~
পৰাণ নামৰ কিতাপখনৰ,
প্ৰণয়ৰ পৃষ্ঠা তুমি।
অনাখৰি কবিতাৰ,
শিৰোনামো তুমি।
অনুৰাগ নামৰ উৰ্মিমালীৰ,
তৰংগ তুমি।
প্ৰভাতী আদিত্যৰ,
জিলিঙনিও তুমি।
বাস্তৱিকতা জীউৰ,
প্ৰতিচ্ছবিও মাথোঁ তুমিয়েই।
💕🤗— % &-
পুনৰ আহিবি ফাগুন
…………………….
ফাগুন অ' ফাগুন!
চঞ্চলতাৰ সীমা অতিক্ৰম কৰি,
মই বিলীন হৈ গ'লো,
তোমাৰ স্নেহত।
তুমি মদাৰ হৈ আকৃষ্ট কৰিব নালাগে,
তুমি পলাশ হৈও মন জয় কৰিব নালাগে।
তুমি পছোৱা হৈ অাহা,
হিয়া জুৰ পেলাবলৈ।
যিদৰে চঞ্চল প্ৰেমো ফাগুন,
উদণ্ড পছোৱাৰ বতাহজাকো ফাগুন।
সেয়ে……
মদাৰে হওঁক বা পলাশ,
আজীৱন ফুলি ৰ'ব লাগে।
ফাগুন আছে বাবে প্ৰেম চঞ্চল নহয়,
প্ৰেমৰ চঞ্চলতা আছে বাবে হয়তো ফাগুন চঞ্চল।
ফাগুন অ' ফাগুন!
চঞ্চলী জনী হৈ পুনৰ আহিবি,
প্ৰেমৰ আৱেগেৰে বাউলী হৈ।— % &-
নিৰ্ভেজাল প্ৰেম
~~~~~~~~~~~
মই তোমাৰ আজন্ম প্ৰেমিকা বুলি নকওঁ,
কিন্তু!
কি জানানে?
তুমি যে মোৰ বিশাল সাগৰৰ কম্পমান ঢৌ,
যাৰ লহৰত উমান পাওঁ এসাগৰ ভালপোৱা।
উম্……!
আৰু কি জানানে?
তোমাৰ মৰমতে বিচাৰি পাওঁ অজস্ৰ হেঁপাহ,
যাক পূৰাবলৈ কৰো মই আপ্ৰাণ চেষ্টা।
যাৰ প্ৰতিটো শব্দতেই নিহীত হৈ থাকে অকৃত্ৰিম ভালপোৱা,
যাৰ আৱেগত বিচাৰি পাওঁ অলেখ আশা।
আৰু এতিয়া তোমাৰ স'তেই মোৰ প্ৰেম,
কেৱল মাঁথো তোমাৰ স'তে।— % &-
শব্দবোৰ সজীৱ কৰা ……
মৰমবোৰ নিভাঁজ কৰা……
দেখিবা সকলো সুন্দৰ হৈ পৰিছে।-
#অনুগল্প
-----------------
:অই, কি হ'ল?
:একো নাই অ'।
:কিবা এটাতো আছে……নহ'লেনো তই এনেকৈ মন মাৰি থাকনে?
:হেই নাই একো।
:সচাঁইনে!
:নহয় সচাঁ……।
:তেন্তে সচাঁ কি মোক ক' চোন?
:মা তোলৈ বহুত মনত পৰিছে অ'। আমাক এৰি ক'ত গলিগৈ তই।😭 (স্মিতাই উচুপি ক'লে)-
হাঁহিবলৈ শিকা,
তেতিয়াহে জীৱনে হঁহুৱাবলৈ পাৰিব।
সুখী হ'বলৈ শিকা,
তেতিয়াহে সৰু সৰু সুখবোৰৰ অন্ত নপৰিব।
জীৱনতো উপভোগ কৰিবলৈ শিকা,
তেতিয়াহে সৰু সৰু দুখবোৰৰ অন্ত পৰিব।-