এগৰাকী পুৰুষ নাইবা নাৰীৰ পূৰ্ণতাৰ অৰ্থে বিবাহ অপৰিহাৰ্য। কাৰণ পুৰুষ আৰু নাৰী প্ৰকৃতিৰ বুকুত এজন আনজনৰ বাবে পৰিপূৰক।
এগৰাকী নাৰীৰ বাবেই এগৰাকী পুৰুষে প্ৰশন্নতা,শান্তি, স্থিৰতা লাভ কৰে আৰু এগৰাকী পুৰুষৰ বাবেই নাৰীয়ে নিৰাপদ, প্ৰশন্নতা,শান্তি স্থিৰতা লাভ কৰে। সেয়েহে সাংসাৰিক বান্ধোনৰ বাবে নিভাঁজ আৰু পৱিত্ৰ প্ৰেম অপৰিহাৰ্য অংগ।-
সৃষ্টিশীল প্ৰেমৰ নেপথ্যত ভূমিকাবোৰ আমাৰ হোৱাৰ মানসেৰে মই তোমাৰ সান্নিধ্য বিচাৰো, যিদৰে যিদৰে বায়ুৰ সংস্পৰ্শত পখী ডেউকা কোবাই উৰিব পাৰে! কিন্তু এয়া মোৰ কেৱল এক পক্ষীয় লক্ষ্য প্ৰাপ্তিৰ স্বাৰ্থ নহয়, নাভাবিবা কেতিয়াওঁ!তুমিও তোমাৰ সপোনবোৰ বুকুৱেদি ভটিয়াই লৈ আহাঁ, ঠিক মোহনা বিচাৰি বৈ যোৱা শান্ত-গভীৰ নৈৰ দৰে মোৰ বুকুৰ মোহনালৈ বুলি! সেয়াও কিন্তু কেৱল তোমাৰ লক্ষ্য প্ৰাপ্তিৰ এক পক্ষীয় স্বাৰ্থ হ'ব নোৱাৰিব!ব'লা দুয়ো শিপাই যাম, নিভাঁজ প্ৰেমৰ বুকুৱেদি আমাৰ সৰু সৰু সপোনবোৰৰ ঠিকনাত দিন, মাহ, বছৰ...।
-
জীৱনত মই এটা কথা ভালকৈ শিকিলোঁ, আচলতে কাকো জোৰ কৰি ভাল পাব নোৱাৰি,আপুনি যদি নিজকে কাৰোবাৰ বাবে শেষ কৰিও দিয়ে তেতিয়াও তেওঁ আপোনাৰ জীৱনলৈ ঘূৰি নাচায় লাগিলে আপোনাৰ প্ৰেম সঁচা হওঁক বা নিভাঁজ হওঁক,ময়ো কাৰোবাক সঁচাই ভাল পাইছিলোঁ কিন্তু শেষত কি পালো মই, যাৰ কাৰণে দিনে-নিশাই টিলটিলকৈ সপোন গোটাই বুকুত প্ৰেমৰ কাৰেং সাজিছিলোঁ লৈ ভৱিষ্যতৰ সপোন দেখিছিলোঁ কিন্তু শেষত তেওঁৰ পৰা পোৱা মোৰ ভালপোৱাৰ আটাইতকৈ মূল্যবান উপহাৰটোৱেই হৈছে 'চকুলো', মই হাৰি গলো প্ৰেমৰ ওচৰত,তেওঁ জিকি গ'ল। কথা এটা কৈ থওঁ কাৰোবাক যদি আপোন কৰিব নোৱাৰা তেন্তে মিছা প্ৰতিশ্ৰুতি নিদিব, বহুত কষ্ট হয় শেষত জানেনে!! বহুত।মই এটাই বিচাৰো তেওঁ সদায় কুশলে থাকক কাৰণ মইতো মিছা নাছিলোঁ।
-
প্ৰেমত পৰিব মন নাযায়নে...
বুকুত এধানি মৰম বাকি...
ওঁঠত মৰম ঢালি...
সাৱটি দুহাতে...
প্ৰতি পলে পলে!!!-
#বৰবিষ
Someone:"দিনটো মই কষ্ট কৰিলোঁ আৰু এতিয়া তাৰ ফল পাব আন কোনোবাই"!
এইষাৰ কথা যিজনে বুজি পায় তেওঁহে জানে,কিমান খং আৰু ক্ষোভত কোৱা কথা হ'ব পাৰে, ঠিক বৰবিষৰ দৰেই গাত পোৰণি উঠে!-