হেপাঁহ
মাথো তোমাৰ দৰে বিশাল হোৱাৰ !-
হয়...
মই প্ৰকৃতিৰ প্ৰেমত পৰিছো
তোমাৰ অজ্ঞাতেই...
সেইবুলি তুমি
দিয়া বিষাদবোৰ
পাহৰি গৈছো বুলি ভাৱি নল'বা...-
তোমাৰ বুকুৰ মাজেৰে জানা
নিৰৱতাৰ সোতে সোতে উটি গৈ যেন
মৰমৰ নাওখনি বিচাৰি পালো,
বঠা বাই কেতিয়াও ভাগৰি নপৰিলো,
শীতল বতাহ ছাতিয়েও জানা
আমাক আদৰি আনিলে,
মুক্ত আকাশ খনিৰ নীলাবোৰেও
সাৱতি চুমা যাচিলে,
মাজে মাজে দুই এথোপা বগা ডাৱৰে
দি গ'ল শান্তিৰ বতৰা,
বেলিটিৰ হেঙুলীয়া কিৰণে জানা
কৰিলে হৃদয়ৰ কামনা,
তোমাৰ মোৰ মন মিলনত যে
সমগ্ৰ প্ৰকৃতিয়েই নিৰলা
জনম জনমলৈ প্ৰবাহীত হব এয়া
হৈ এটি অন্তহীন পবিত্ৰ নিজৰা।।-
প্ৰকৃতিয়ে কথা পাতে
মোৰ লগত জানা !
যেতিয়া মই মৌন হৈ
থাকোঁ তেতিয়া বহু
অনুভৱ দি যায় মনৰ
অন্তকোণত ।
গভীৰ ভাৱে মনৰ মাজত
আনন্দ দি যায়।
দি যায় শান্তি আৰু শান্তি।
এনে নিঃসঙ্গতাত অকলশৰীয়া
অনুভৱ কেতিয়াও নহয়।
নিবিড় সম্পৰ্ক আজীৱন
গঢ়ি উঠে প্ৰকৃতিৰ লগত....।
-
ৰাতিপুৱাই এচেৰেঙা ৰ'দ খিৰিকীখনেৰে আহি
পৰিছে যেন নতুন দিন এটি মোক শুভেচ্ছা
জনাঁইছে। বতাহজাকে ৰিঙিয়াই মাতিছে উমলিবলৈ মোৰ লগত। সেউজীয়া পাতেৰে ভৰা
গছবোৰে হাঁহিৰে বিৰিঙাইছে মোলৈ। আজি শেৱালি ফুলৰ গোন্ধ এতিয়ালৈকে মলমলাই আছে চৌদিশে। দৌৰ মাৰিছিলো শেৱালিজোপাৰ
তললৈ আহঃ কিমান যে সুন্দৰ দলিচা পাৰিছে। শেৱালি ফুলৰে মই পাৰিজাত ফুলবোৰ মালা গাঁঠি খোপাত সজাই দিলোঁ। যেন বসুধাৰে পৰীজনী মই !!! জীৱনৰ ফুলফুলীয়া আনন্দৰে ভৰা এই মধুৰ ক্ষণত মনৰ এক অপাৰ শান্তি।
কুলি কেতেকীৰ মাতত গানৰ সুৰ এটি ওলাই আহিলে…...। জীৱন জীৱন তুমি বৰ অনুপম
তোমাৰ প্ৰেমত যে মই মগ্ন।-
বৰ্ষাৰ জোনাক
তুমি জানানে ?
বৰষা আৰু জোনাক
দুয়োটা মোৰ প্ৰিয় ।
বৰ্ষা ঋতুৰ
প্ৰথম বৰষুণ জাকে যেতিয়া
শৰীৰ চুৱেহি
প্ৰাণ পাই উঠে
নগ্ন দেহৰ
প্ৰতিডাল কুন্তল,
সাৰ পাই উঠে
অজান নিদ্ৰাত
আত্মবিভোৰ হৈ থকা
কুহেলিকাবোৰ ।
যাৰ ৰন্ধ্ৰে ৰন্ধ্ৰে
জীপাল হৈ পৰে
বসন্তৰ ৰঙীন
প্ৰেমৰ গাঁঠা ।
ফৰকাল আকাশৰ
শুভ্ৰ জোনাকীৰ মেলত
আত্মহাৰা হৈ ৰওঁ জানা,
কাৰণ, মই যে
জোনাকীও ভালপাওঁ ।
নিৰ্মল চানেকিত
জিলিকি উঠা
ন-কুঁৱৰীৰ ৰূপত
মুগ্ধ মোৰ হিয়া,
সেউজী-ৰাঙলীৰ
কেঁচা সুগন্ধিত
মলমলাইছে ধৰা ।
এয়াই জানো
আৰম্ভণি নহয়,
আলোকসন্ধানী এক
নতুন দিগন্তৰ যাত্ৰা !!-
পোৱাৰ ৰঙালীৰ আগমনৰ সংকেতত
বলীয়া প্রকৃতি শেষ নীয়ৰ জাকৰ
লগত কুলিৰ মাতে ৰজনজনাইছে
ফাগুন মতলীয়া আকাশ স্বগৃহলৈ
উভতাৰ আখৰা বহাগী বৰদৈচিলা হৈ।।
7:55 am-
কেতিয়াবা এনেকুৱা ক্ষণ আহি পৰে
যেতিয়া মনৰ কথাবোৰ ক'বলৈ
এজন বন্ধুৰ প্ৰয়োজন হয়
আৰু তোমাতকৈ ভাল বিশ্বাসী বন্ধু
মইনো ক'ত পাওঁ
যি মোৰ প্ৰতিটো শব্দ একো প্ৰশ্ন নকৰাকৈ
শুনি যায়
যাক মই নিৰ্ভয়ে অন্তৰৰ সকলো কথা ক'ব পাৰোঁ
-
স্তৱক-৮
স্মৃতিৰ সাজ পিন্ধি
স্বপ্নাতুৰ খোজেৰে
নিস্তব্ধতাৰ দলিচা পাৰি
আবেগৰ শেতেলিৰ উম লৈ
দোক-মোকালিতে
শৰতৰ শেৱালি এমুঠি লৈ
দোপাকী-তেপাকী সুৰেৰে
প্ৰেম নিবেদিবৰ মন……।❤-
তোমাৰ মৰমে
মোক আকৌ জীয়াই তুলিলে
ভাষাৰে বুজাব নোৱাৰোঁ
শব্দৰে লিখি প্ৰকাশ কৰিব নোৱাৰোঁ
মাথোঁ অনুভৱ কৰিব পাৰোঁ-