যদি জীৱনটো
এনেকৈয়ে অন্ধকাৰৰ মাজত শেষ হৈ যায়
সুখবোৰ নো বুটলিম কেতিয়া....
সকলো আঁতৰি যাব
এদিন মইও আতঁৰি যাম
এয়া মাথোঁ ক্ষন্তেকীয়া
ৰৈ যাব মোৰ শব্দ
যাৰ অৰ্থৰ সন্ধানত আজিও ঘূৰি ফুৰিছো....
-
আকাশক শুধিবা
দুখৰ গভীৰতা কিমান
প্ৰকৃতিক শুধিবা
চকুপানীৰ মুল্য কি
শব্দক শুধা
মৌনতা কি
আজি মই মৌন
আজি মই শব্দহীন
কিন্তু মোৰ বিশ্বাস
এদিন মোৰ শব্দবোৰে
অৰ্থ পাব.....-
শব্দবোৰ যেতিয়া
আউঁসীৰ মাজত লুকাই যায়....
তেতিয়া মৌনতা প্ৰিয় হৈ পৰে...
-
আজি শব্দহীন মই
শব্দৰ সাগৰখনি যেন
ক'ৰবাত লুকাই যাব ধৰিছে
তথাপি ভাঙি নাযাওঁ
জীয়াই থকালৈকে যুদ্ধ কৰি যাম
-
কেতিয়াবা
মানুহৰ মন বুজাটো
বহুত টান
কিছুমান জীৱনত আহে
ক্ষন্তেকৰ বাবে
কিন্তু দেখুওৱাই এনেকুৱা
যেন গোটেই
জীৱনটোৰ বাবে.....
#জীৱনকঅৰ্থদিয়াৰচেষ্টা-
যি যাবলৈ আছে
তেওঁ এনেও যাব
তুমি ৰখালেও যাব
তুমি নৰখালেও যাব
সেইকাৰণে ধৰি নাৰাখিবা
যাবলৈ দিবা...-
মই জানো
অতীত সচাঁকৈ বহুত কষ্টকৰ
সহজতে পাহৰিবও নোৱাৰি
যি হেৰুৱালো
এতিয়া আৰু আক্ষেপ নাই
যি আহিবলৈ আছে
তাৰ বাবে মাথোঁ
অপেক্ষা আছে....
মোৰ বিশ্বাস
সময় সলনি হ'ব
ভাল দিন নিশ্চয় ঘূৰি আহিব...-
নেজানো কোন দিশে মোৰ শব্দ হেৰাল
নেজানো আকৌ বা কেতিয়া বিচাৰি পাম
নেজানো কেনেকৈ বুজাও
এই অশান্ত মনটো
#ভেজালমন-
কিছুমান কথা ক'ব নোৱাৰি
কিছুমান কথা বুজাবও নোৱাৰি
কিছুমান কথা গোপন হৈ থকাটোয়ে ভাল...-