QUOTES ON #পাৰিজাত

#পাৰিজাত quotes

Trending | Latest
26 APR 2020 AT 16:58

নাজানো কি হৈছে ??
অজুহাতবোৰে সীমা চেৰাইছে নে,
অৱহেলাই মূৰত ধৰিছে,
কিন্তু তেওঁৰ কথা
মনলৈ আহিলেই
এতিয়াও মোৰ দগ্ধ হৃদয়ত
বিৰহে চানি ধৰে...

-


18 AUG 2020 AT 20:31

~মৰম নিচিনাজনলৈ এটি বিশেষ ঘোষণা~
লাগিলে মোৰ মনকাননৰ পৰা
ছিঙি লৈ যাবি সুখৰ পাৰিজাত
চুলিখিনি গুচাই কাণত গুঁজি ল'বলৈ,,
তথাচ তই নিপিন্ধিবি দেই
মোৰ অজ্ঞাতেই দুখৰ কেয়ূৰ
আনে পুতৌ কৰিব পৰাকৈ।।

-



নাজানো কি হৈছে ???
মৰম বৰষিছে নে,
চেনেহ বাঢ়িছে,
কিন্তু তেওঁৰ কথা
মনলৈ আহিলেই
উকা হৃদয়তো
মৰমৰ পাৰিজাত ফুলে....

-


26 APR 2020 AT 16:16

নেজানো মোৰ কি হৈছে!!
হয়তো তেওঁলৈ প্ৰেম বাঢ়িছে
আৰু হয়তো মৰমে পোখা মেলিছে,
তেওঁৰ কথা ভাৱিলেই এনে লাগে যেন
বসন্তত মোৰ শুকান কলিজা জীপাল হৈছে

-


26 APR 2020 AT 15:57

নাজানো কি হৈছে ???
তেওঁক লগ পোৱাৰ পৰাই
হিয়াখন পখিলা হৈ উৰা মাৰিছে,
দুচকুত হেজাৰ সপোনে মেলা পাতিছে;
মনৰ দাপোণখনত চাই
নিজকে সুধিছোঁ বাৰে বাৰে,
পাৰিমনে নিজকে সজাই তুলিব?
মাথোঁ তেওঁৰ বাবে..!!!

-


19 JUL 2019 AT 0:53

অ', মোৰ অমিয়া পাৰিজাত
পুনৰ আহিবা ঘূৰি....
নিশাৰ লগৰী হ'ব লৈ,
মোৰ চৌপাশ আমোল-মোল কৰি তুলিবলৈ.......!


-


27 APR 2020 AT 0:13


নাজানো কি হৈছে ????
ব্যস্ততাবোৰ বাঢ়িছে
সময়বোৰ ছুটি হৈছে
কিন্তু তেওঁৰ কথা মনত আহিলে
এতিয়াও চকুহাল তিতি উঠে !!

-


18 JUL 2022 AT 23:14

সৌন্দৰ্য্যৰ বাটেৰে তুমি দিয়া খোজ
বৰ ভাল লাগে তুমি উজলাই দিয়া বাট
ভাৱহীন আকাশ, নীৰৱ তৰাৰ প্ৰকাশ
এন্ধাৰ মন লৈও জিলিকিব পাৰা তুমি
মূখত এমোকোৰা হাঁহি,
লয়লাস চাৱনি, আৰু মন ভৰা মাত..
পাৰিজাত, পাৰিজাত, পাৰিজাত...।

-