Bimal Borah   (Bimal (বিমল বৰা))
28 Followers · 13 Following

Health Consultant
Joined 18 December 2020


Health Consultant
Joined 18 December 2020
28 OCT 2022 AT 16:59

সময়ত পোখা মেলে
এটি দুটি ভাৱৰ গজাঁলি।
পাত ওলাই, কলি পেলাই
পাহি বোৰ উঠে যে উজলি।
চিকিমিকি সপোন সামৰি
ভাৱগধুৰ পাতনি পাহৰি!
ফুলৰ পৰা গুটিলৈ যাত্ৰা
নাকচ হয় সুগন্ধিৰ গোহাৰি।
এয়াইচোন চিনাকী কুহিঁপাত
তুমিওচোন একেই পাৰিজাত।

-


17 OCT 2022 AT 11:04

Love is beautiful to feel
Until its incendiary need
Loneliness fail to kill
Until vouchsafe is feed

-


17 OCT 2022 AT 0:46

You create me through the heart
That make me smart,
Irrespective of dust or dart
I do shape incredible art...!

-


12 OCT 2022 AT 22:07

Its difficult to beg
So I choose to hungry,
Its difficult to be in sad
So I choose to angry..

-


9 OCT 2022 AT 23:10

সময়ত পোখা মেলে এটি দুটি ভাৱৰ গজাঁলি।
পাত ওলাই, কলি পেলাই পাহি বোৰ উঠে যে উজলি।
ইটো-সিটো কথাৰে সেউজীয়া অনুভৱৰ সিমনা।
উৱাদিহে গৰ্ভ পালে কোনেনো বিচাৰে ঠিকনা।
কাৰ কি হেৰাল কোনো ক'ব, সপোনৰ নৈ ব'ব।
ব'ঠাহীন ভাৱবোৰ এদিন কৰবাত গৈ ৰ'ব।

-


16 SEP 2022 AT 0:08

অপ্ৰিয় বাস্তৱ

এটি-দুটি পাহিমেলি জীৱনৰ কাহিনী
পদুলি গচকি যায় নিবৃতিৰ বাহিনী।
ইটো-সিটো বহুতো আধাফুটা শব্দ
অকণমান কঁপিলেই আবদাৰত জব্দ।
একা-বেঁকা বাটটোৰে ভাগৰুৱা যাত্ৰা
অন্তহীন অপেক্ষাৰ জুমুৰি অতিমাত্ৰা।
উতলিছে-উজলিছে আচহুৱা তুমি কোৱা
আৱেগ সামৰি থওঁ উজানতে মাৰ যোৱা।

-


5 SEP 2022 AT 11:38

সপোনৰ যাত্ৰা

সুকোমল সপোনবোৰ ভাৱিছো বুকুতে বান্ধি থ'ম,
চালুকীয়া কথাবোৰ সজতনে সাঁচি থ'ম।
বাস্তৱৰ চুপহিত তোমাৰ ভাল লগা অন্য ৰং
অকণমান সময় লাগিল বুজিবলৈ নকৰিবাচোন খং।
ভাৱবোৰে কিবা কয় তেনেই উদুলি-মুদুলি,
জিলিকি উঠা প্ৰতিবিম্বত নিয়ৰসিক্ত পদুলি।
সপোনৰ দুৰণিবটীয়া যাত্ৰা- অপেক্ষাৰত! সময় লাগিব!
সময়ৰ শেষ পালে আকৌ লগ পোৱাৰ অনুৰাগ জাগিব।

-


3 SEP 2022 AT 18:12

কোনোবা যোগীৰ ধ্যান, মামৰে ধৰিছে ম্যান
ব্যস্ততা বাঢ়িছে জান, কবিৰো জুৰুলা মান।
বেৰৰো বাঢ়িছে কান, মৰমে কৰিছে ধ্যান
মইও যে জুৰিছো গান, তুমিও ৰাখিবা তান।
নিতাল অনুৰাগী খান, বিৰহ সময় পান
মনতে কৰিছো ঠান, হাঁহিৰে কৰিছো দান।
পথাৰ প্ৰেমিক ধান, অভাৱ পৰিব শান
বুকত পৰেহি হান, মাজতে ৰাখিছো সান।
ঢাকিছো বিবেক জ্ঞান, উদ্যমৰ পৰিছে ম্লান
লগ হোৱাৰে ভ্ৰান, আকৌ পাম যে প্ৰান।
নিজৰে প্ৰতিমান, সময়ৰ সমিধান
মৰমৰ আহ্বান, মৰমৰ আহ্বান।

-


1 SEP 2022 AT 22:56

তোমাৰ যাত্ৰাত

একেটি বাটৰে যোৱা, গতিময় জীৱনৰ
একোজন নতুন পথিক
এবুকু আৱেগ ধোৱা পৰিত্যক্ত কবিতাই
দিশ মোক বিচাৰে সঠিক।
আনৰ বাবেহে সেয়া বহুৰঙী কল্পনা
চিয়াহীৰ বহল অনুভৱ
দূৰণিৰ মৰমক আৰু কিছু দূৰ কৰি
যাত্ৰাময় মমতা বৈভৱ।
সময় সোঁতত গৈ দিন-ৰাতি পাৰ হ'ব
নতুনক পুৰণি কৰিব
যাত্ৰাৰ শেষ হ'লে, লক্ষ্যত ঠিয় হ'লে
পদুলিৰ শেৱালি সৰিব।

-


31 AUG 2022 AT 23:24

সুখ বিচাৰিয়ে কৰো কষ্টকৰ যাত্ৰা
কিছুমান সম্পৰ্ক আৰু ভালপোৱা অতিমাত্ৰা।
ভতিয়নী সোঁতত বিশ্বাসভৰা হাত
বেলুনত উশাহ ভৰাই মৰমৰ মাত।
হাঁহো-হাঁহোকৈ কান্দোনৰ ভাঁজ তিক্ততা
লুইতৰ বুকুত সুৰুজৰ সিক্ততা।
উভতনিৰ সময়তো পাবা বাধাহীন যাত্ৰা
সুমধুৰ সম্পৰ্ক আৰু ভালপোৱা অতিমাত্ৰা।

-


Fetching Bimal Borah Quotes