Bhabita Sarkar   (ভবিতা সৰকাৰ)
48 Followers · 34 Following

read more
Joined 27 November 2019


read more
Joined 27 November 2019
7 JUN 2022 AT 21:42

জীৱন 


সপোন দেখে সদায়ই
দুচকুৰ গাভৰু নৈটো
লুকাফাকু খেলে 
নৈটোৰ সৈতে
-----------
বহু কথা পাতে 
আধৰুৱা গল্পটোই
বিশৃংখল জীৱন
বিশৃংখল সপোনেই 
এটা এটা যেন জীৱন জীয়াৰ
উপকৰণ !!!!!

-


30 APR 2020 AT 13:12

প্ৰয়োজন বুলিবলৈ সকলো শেষ
এতিয়া যেন জীয়াই থাকিবলৈ
একমাত্ৰ প্ৰেসক্ৰিপশনত লিখা দৰব কেইটাৰহে
প্ৰয়োজন

-


31 DEC 2021 AT 23:04

সময়বোৰ হেৰাই গৈছে
সপোনবোৰ এটা ভাঙিছে
আকৌ এটা এটা নতুনকৈ গাঠিছোঁ
জীৱনৰ সমীকৰণবোৰ
সমাধান কৰি গৈছো
জীৱনৰ পথৰ চিত্ৰবোৰ আঁকি গৈছোঁ
হয়তো সৰলৰেখাত হয়তো বক্ৰৰেখাত

-


15 SEP 2021 AT 15:27

সময় গতিশীল 
সপোনবোৰ মৃত
হৃদয়খন সজাই থোৱা
এপাহী মৰহী যোৱা ফুল

-


27 AUG 2021 AT 23:45

তুমি আৰু মই
ভালপোৱা নদীখনৰ 
তুমি এটা পাৰ 
মই এটা পাৰ
ভালপোৱাৰ ঢৌ
অকল তুমি আৰু মই

-


3 JUL 2021 AT 0:10

সপোনবোৰ নিগনিয়ে কুটিছে
বাকচৰ জপনাখন কেচাঁ
তলাতৰ চাবিপাত বেকাঁ

-


15 JUN 2021 AT 0:24

সপোন


কেতিয়াবা শব্দবোৰ হেৰাই থাকে
অনুভৱৰ সাগৰত ধৰফৰাই থাকোঁ
জীয়া হৃদয়পৰা তেজৰ নৈ বৈ
সপোনবোৰ চিতাত ওলমি ৰয়
সপোনবোৰে হাঁহে 
শগুনবোৰে তাতে মেল মাৰে
সময়ৰ সাজত এই সকলোবোৰ
আপোন হয়
তেতিয়া কুটি কুটি উশাহবোৰে
এটা মৰাশ গঢ়ে ।

-


7 APR 2021 AT 21:16

টোপনিবিহীন ৰাতিবোৰ
অৰ্থবিহীন কবিতাবোৰ
সপোনবিহীন জীৱনবোৰ
আশাবিহীন উশাহবোৰ
তেজবিহীন শৰীৰবোৰ
তুমিবিহীন মই এটা মৃতপ্ৰায় শৰীৰ

-


7 APR 2021 AT 21:05

জীৱনটো অনিশ্চয়তা
সপোনবোৰ ব্যৰ্থ
সময়বোৰ মূল্যহীন
ভাষাবোৰ অৰ্থহীন 
সকলোবোৰ মৃতত

-


7 APR 2021 AT 20:51

সকলবোৰ যেন সপোন
সময়বোৰ ৰঙীণ
উশাহ বোৰ শব্দ 
তুমি মই বৰষুণ
সকলোবোৰ ভালপোৱাৰ সুবাস !!!!!!!

-


Fetching Bhabita Sarkar Quotes