QUOTES ON #দুখৰ

#দুখৰ quotes

Trending | Latest
26 JUL 2020 AT 22:09

কেতিয়াবা কিছুমান পৰিস্থিতিত
সুখ নে দুখ অনুভৱ কৰিব লাগে
সেয়া আমাৰ মনে বিচাৰ কৰিবলৈ
অসমৰ্থ হয়।
কিন্তু তথাপিও আমাৰ মনে
এই দোমোজাক ঢাকিবলৈ
হৃদয়ৰ কোনোবা এটি কোণত বিষাদ লৈ
এক সুখৰ হাঁহি মাৰে।

-



নাজানো ,তেখেতে মোক কেতিয়া বুজি পায়
নাজানো কেতিয়া বুজি উঠি সমস্ত দুখ-সুখ বোৰ কেৱল তেওৰ নামত কৰি লয়।
নাজানো কেতিয়া তেখেতৰ কান্ধত মূৰ পেলায় এপলক জীৰাব পাম।
নাজানো কেতিয়া তেওঁৰ বুকুৰ মাজত সোমাই জীৱনৰ দ্বিতীয় নিৰাপত্তা অনুভৱ কৰিব পাম।
নাজানো তেওঁ মোৰ হয় নে নহয়
নাজানো মোক ভাল পায়ে নে নাপায়ে,
নাজানো কেতিয়া মোক তেখেতৰ সুখ-দুখৰ সমভাগি কৰে।
এইটোও নাজানো যে
অপেক্ষা বোৰ অপেক্ষা বুলিয়ে একোণে অপ্ৰাপ্তিৰ হিচাপ নিকাচ কৰি পেলায় দিব লাগিব।

-


29 JUL 2022 AT 1:14

সকলো থাকিও আজি,অকলশৰীয়া🙇🏻‍♀️
শূন্য বুকু আজি💔
কাক নো দুখিম
কাক নো কম🙆🏻‍♀️
ভাগৰুৱা কলিজাই
উচুপি উঠে
নিজান ৰাতি🌑

-


5 APR 2019 AT 21:23

সুখেৰে আছা তুমি?
মই ওঁ আছোঁ।
সুখৰ চাদৰখনে
কেতিয়াবা দৰক লাগি
চাই মোলৈ।
আবেগহীন হৈ হাঁহিবোৰ
বুটলি চাদৰৰ আচলত
বান্ধি থৈ সুখৰ ছাঁত
জিৰণি লওঁ যে।
চাদৰখন সকলোৱে ৰ'
লাগি চাই জানানে।
তুমি দিয়া বেঙুনীয়া কজলা
ৰঙেৰে থুপি থুপি কৈ
বুটা বছা আছে যে।
বগাত বেঙুনীয়া ৰংটো
উজ্বল হৈ চকু চাট্
মাৰি ধৰে হেনো ।

-


20 SEP 2019 AT 18:46

জিৱনত মনৰ দুখ, আৰু পেটৰ ভোখ কেতিয়াও নিঃশেষ নহয়।

-


10 JAN 2024 AT 6:15

সোঁৱৰণীৰ জখলাৰে নামি আহিছিল
অন্তৰৰো অন্তৰ খহাই পেলোৱা স্মৃতিবোৰৰ
উত্তাল তৰংগৰাশি
য'ত মাথো গুণগুণাই উঠিছিল
বিষাদ গধুৰ আবেগৰ সুৰ,
যন্ত্ৰনাক্লিষ্ট মনৰ অসহায় চাৱনি
মনে যেন বুজি পাইছিল
হৃদয়খন কঁপি উঠিল
ক্ষন্তেকৰ নিৰৱতা
সময় ঠিক ৮-৩০..মিনিট...আজিৰ এই দিনটোতে
আমাক অকলশৰীয়া কৰি
চিৰদিনলৈ আঁতৰি গৈছিল
আমাৰ উশাহৰ স্পন্দনত থকা
আপোনাৰো আপোন পোহৰৰ পৃথিৱীখন
হেৰাই গ'ল মুখৰ এটি মধুৰতৰ শব্দ "দেউতা"
য'তেই আছে সুখত থাকক ...কুশলে থাকক
আমালৈ মৰম আশীৰ্বাদৰ ফুল সিঁচি....🙏

-


3 MAY 2021 AT 20:16

দুখৰীয়া ছবি

এনে এটা দিনৰ পৰাই হয়তু আৰম্ভ
হৈছিল কুচকাৱাজ প্ৰস্থানৰ,
প্ৰস্তুতি চলিছিল সকলোৰে পৰা আঁতৰি
ঢুকি নোপোৱা অচিন ঠিকনাটোলৈ আগমনৰ।

অবতৰীয়া বৰষুণজাক আহি থৈ গ'ল
বিষাদ আৰু বিচ্ছেদৰ টোপোলা,
নিয়তিৰ ধুমুহাজাকে লগতে থৈ গ'ল দুচকুত
বিৰহৰ ছায়া।
অকথ্য এই অবিশ্বাস্য বিচ্ছেদ।।

সাক্ষী এই পুৱতি নিশাৰ স্নিগ্ধ জোনাকী,
স্মৃতিবোৰে আমনি কৰা নিদ্ৰাবিহীন ৰজনী।
অনুভূতিবোৰত এতিয়া বিৰহৰে ভৰা বিষন্নতা,
প্ৰতিদিনে দৃশ্যমান তুমিময় মায়াৰ মৰিচিকা।

অভিমানবোৰ নিৰৱধি বই আছে নিৰবে,
হৃদয় সুৱাসিত ভালপোৱাৰ মায়াবী সুৱাসেৰে।
তোমাৰ মায়াবৃত্ত প্ৰেমৰ জালত বন্দী আজীৱন,
উন্মাদ হেঁপাহ জীনা মনটোত অলেখ সপোন।
নিসংগতাৰ কোলাহলৰ মাজত নৈশব্দতাৰ ৰাগ,
অবিন্যস্ত হৃদয়ত বিৰাজমান তোমাৰ অনুৰাগ।
✍️ইন্দ্ৰানী😊

-