Runjun Bora  
1 Followers · 1 Following

Joined 2 February 2020


Joined 2 February 2020
28 APR AT 19:12

⚡🌿কেতিয়াবা নদীয়েও বাট সলাই ,কেতিয়াবা নিজৰ মাজতে শুকাই যায় !আৰু কেতিয়াবা নিজৰ পৰাই বিছিন্ন হৈ এৰাসূঁতি হৈ থাকি যায় তথাপি সেই নদীৰ বুকুত বৈ থাকে সাগৰ দেখাৰ সপোন 🌿⚡

-


1 MAR AT 15:52

ফাগুন স্নেপচট্:-♥️


#ফাগুন
☘️মায়াময় শিহৰণ
সৰাপাতৰ ঠিকনাত
কুঁহি পাতৰ সপোন
বসন্তৰ সেউজময় আলিংগন।
#ফাগুন
আকাশৰ বুকুত ৰাঙলী আৱেগৰ ঢৌ
পলাশ, মদাৰ, শিমলুৰ হাঁহিত
হৃদয় বনত‌ বৈ থকা
প্ৰেমৰ মন্দাকিনী।
#ফাগুন
এজাক চঞ্চল পছোৱা
উদং পথাৰৰ বুকুত
ৰঙা,নীলা চিলাৰ মিতিৰালি।
#ফাগুন
নৈৰ পৰীয়া কঁহুৱাৰ নাচোনত
সুৰীয়া বতাহৰ ৰাগীত
নতুন আশাৰ গান।☘️

✍️ৰুণজুন বৰা

-


21 FEB AT 20:42

মন বিলাক সংযুক্ত হৈ থাকিলে আমি বোৰ য'তেই নাথাকো সম্পৰ্ক সদায় মধুৰ হৈ থাকে।

-


19 FEB AT 22:13

ফাগুন এমুঠি মায়াময় শিহৰণ।
সুৰীয়া বতাহৰ ৰাগী!!!!
পলাশ, মদাৰ,শিমলু ফাগুনৰ ভাষা।
****ফাগুনৰ ৰাগীত যদি বিষাদ বোৰ চিৰদিনলৈ বৈ যায় তেতিয়া মই ধূলিয়ৰী আকাশৰ কোলাত ঐনিতমৰ সুৰ হৈ নাচি প্ৰতিবাৰেই ফাগুন হৈ আহিম*****
****♥️♥️***

-


15 FEB AT 18:32

🍂"ফাগুন "🍂🍂

"ফাগুন …...এক মায়াৱী শিহৰণ,
সৰাপাতৰ খৰমৰনিত
ধূলিয়ৰী আকাশত
সাৰ পায় উঠা
এমুঠি কেঁচা সপোন।
হৃদয়ৰ কোঁহে কোঁহে বৈ পৰা
ৰাঙলী আৱেগৰ স্বোতস্বিনী!
পলাশ ,মদাৰ শিমলু ফাগুনৰ ভাষা।
পলাশৰ বুকুত সপোন আঁকি
শিমলুৰ পাহিত হাঁহি ছটিয়াই
ফাগুনে কঢ়িয়াই আনে বসন্তৰ বতৰা।
বুকুত বাজি উঠে চিনাকী বাঁহীৰ সুৰ।
মন উৰা মাৰে কমোৱা তুলা হৈ,
সেই বাবেই ফাগুন আহিলেই তুমি আহা
তুমি আহিলেই ফাগুন আহে,
নৈৰ পাৰৰ কঁহুৱা ফালি বৈ যায়
এজাক সুৰীয়া বতাহ,
যাৰ ৰাগীত পলাশৰ ৰঙেৰে উপচি পৰে
অভিমানী ভালপোৱা বোৰ।🍂🍃🍂

✍️ৰুণজুন বৰা











-


15 FEB AT 18:24

ফাগুন ..এজাক সুৰীয়া বতাহ
মায়াৱী ৰঙৰ মেলা,
সৰাপাতৰ খৰমৰনিত
ধুলিয়ৰী ধুমুহাত
জোৱাৰ তোলা উন্মনা পছোৱা।
ফাগুন মানেই বসন্তৰ উকমুকনি
লঠঙা বিৰিখৰ ডালে ডালে
সেউজময় স্বপ্নৰ কুঁহি ।
শীতৰ কুঁৱলী আঁতৰাই
আকাশৰ বুকুত ফাগুনে জুই ছটিয়াই
পলাশ, শিমলু,মদাৰৰ পাহিত
ৰাঙলী আৱেগৰ আঁচল উৰুৱাই।
গুণ গুণ শব্দৰ স্পন্দন তুলি
হৃদয়ৰ ভাঁজত প্ৰেমৰ জোনাক সিঁচে ।
মন উৰা মাৰে কমোৱা তুলা হৈ,
আলসুৱা কঁহুৱাৰ হাতবাউলীত নৈৰ পাৰত
বাউলী বতাহজাকে অভিমান কৰে।
কোনে কয় ফাগুন শুকান!!
ফাগুন ৰঙীয়াল
ফাগুন মায়াময়
এমুঠি আশাৰ গান।




-


13 FEB AT 21:15

বিশেষ বুলি একোৱেই নাই
ভাবি ল'লেটো সকলো বিশেষ, মাথোঁ আন্তৰিকতাৰে আকোঁৱালি লৈ
হৃদয়ৰ ফুলনিত এপাহি প্ৰাৰ্থনাৰ ফুল হৈ ফুলি ৰোৱা। বৈ যাব অন্তহীন সুৰৰ মাধুৰী .. ভালপোৱাৰ সূৰ্য মূখী হৈ🌻🌷🌻

-


25 JAN AT 11:04

@মই আছোঁতো...
সঁচাকৈ চাবলৈ গ'লে এটি সৰু শব্দ, কিন্তু বুজিবলৈ হ'লে ইয়াতকৈ মজবুত ভৰসা আৰু একোৱেই নাই।
যিটো সৰু হৈ থাকোঁতে দেউতাৰ কাষত পাইছিলো।যাৰ অভাৱত প্ৰতিপল নিৰৱ হৈ ৰৈছো😌😌😌


-


20 DEC 2024 AT 6:57

মিছা প্ৰশংসা কৰি তোষামোদ কৰাতকৈ ভূল খিনি শুধৰণি কৰি সঁচা বোৰ কৈ দিলে যিকোনো ধৰণৰ কথাই বেছি প্ৰিয় হৈ পৰে।

-


6 DEC 2024 AT 21:09

আঘোনৰ নিয়ৰ সেমেকা সন্ধ্যা .. হৈমন্তিক বতাহৰ আগলিকপনিত শীতৰ পৰশ✨✨✨🌿🌿🌿
ক'ৰবাত যেন বকুল ফুলিছে, চৌপাশটো আমোলমোলাই উঠিছে....🌼🌼🌼🌼
বকুলে সোঁৱৰাই@@
স্মৃতিৰ জলঙাৰে নামি আহিল
এমুঠি সুবাসী বন্যা💫💫
য'ত শব্দ বোৰে মালা গাঁথে ,সপোন বোৰে গীত জুৰে
আশা বোৰে কথাপাতে!!!
জোনাকৰ, বতাহৰ, আকাশৰ
বকুল এপাহি আকুলতা,
এমুঠি ভালপোৱাৰ গান।
বকুল ফুলে...
বকুল সৰে...
বকুল মৰহে...
কিন্তু! সুবাস.…!!!!
বৈয়ে থাকে বহুদিনলৈ 🌼🍀🌼

@ৰুণজুন।

-


Fetching Runjun Bora Quotes