গীতাঞ্জলি শব্দাৰোহী   (গীতাঞ্জলি শব্দাৰোহী)
94 Followers · 52 Following

read more
Joined 21 April 2020


read more
Joined 21 April 2020

ফাগুন

বতাহত উৰা তাইৰ আচল খনে
যান্ত্ৰিক হৃদয়খনতো থৌকি বাথৌ লগাইছে

উৰ্ণি খন ধৰি ৰখা পিছতো
বাৰে প্ৰতি উৰ্ণি খনে তাক চুই চাইছে ,
প্ৰেমৰ বতৰা নোপোৱা মনতোৱে
তাইৰ লাজুক মুখ খনিক ভেবা লাগি চাইছে ।

মিচিং গাভৰুৰ নাচোনত নহয়
মিবু গালুগ খনত ফাগুন বলিছে,
সেয়ে আলি আই লৃগাং ৰ চাপৰিত
ডেকাসকলৰ ঢোলৰ চাপৰত
মনৰ বতৰা মনতে পাইছে ।

লঠঙা গছজোপাকো আজি বুঢ়া নকৈ
ক'বলৈ মন গৈছে,
এয়া নতুনৰ আৰম্ভণিহে
হয়তো ফাগুন এয়াই
আৰু ফাগুন এয়াই বাবে সকলোতে আজি প্ৰেমৰ প্ৰস্তাৱ।।

@শব্দাৰোহী গীতাঞ্জলি

-



আন্তৰ্জাতিক নাৰী দিৱসৰ শুভকামনাৰে _____

-



যি সম্পৰ্কত প্ৰিয় জন কেনে আছে নাজানে
যি সম্পৰ্কত প্ৰিয় জনৰ দুষাৰী মিঠা মাতৰ আঁৰত চলি থকা যুদ্ধ খনৰ কথা প্ৰিয় জনে নাজানে
সেইটো জানোঁ সচাঁই প্ৰেমৰ সম্পৰ্ক?
তুমি ভাত নাখালে ময়ো ভাত নাখাওঁ
আমাৰ মাজত মৰম থাকিলেই হ'ব কোৱা দিন উকলিল
তেওঁৰ আগবাঢ়িব বিচাৰিছে বা আগবাঢ়িব পৰা নাই তেওঁৰ সহচৰ হৈ আগবঢ়ায় দিয়া
যি সম্পৰ্কত বৰ্তমানৰ লগতে ভৱিষ্যতৰ কথা ভবা যায় (তুমি মই এদিন এক হোৱা সপোনৰ বাহিৰে )
প্ৰিয় জনৰ অভাৱ খিনিক অভাৱ নেদেখি পৰিপূৰ্ণ কৰা বাসনা থাকে,তেখেত সুখী হ'লে যʼত আপুনি সুখী হয় সেয়া হে সচাঁ অৰ্থত "সম্পৰ্ক "। সম্পৰ্কত কেতিয়াও লাভ - লোকচান নাথাকে। সম্পৰ্কত সদায় সাহস, বিশ্বাস, প্ৰেৰণা থাকে আৰু প্ৰয়োজনত আপোনাৰ বেষ্টটো দি তেওৰ হাত খন ধৰি আগুৱাই নিয়া অভিলাস থাকে । প্ৰিয় জনে যদি সমস্যাৰ কথা কোৱা নাই ,কাৰণ এটাই আপুনি এৰি যোৱা ভয় নতুবা তেওঁক সুবিধাবাদী কোৱা ভয়।যদি আপোনাক সমস্যাৰ কথা কৈছেও বহুত ভাবি চিন্তি হে কয়। তাতে যদি আপোনাৰ সঁহাৰি বিপৰীতে থাকে আপোনাৰ অনিশ্চয়তা তেন্তে এটা কথাই চাব এদিন আপোনাৰ প্ৰিয় এদিন আপোনাৰ পৰা হেৰাবলৈ আৰম্ভ কৰিছে।যʼত তাইৰ/ তেওঁৰ সপোনবোৰৰ লগৰী প্ৰিয় জন হ'ব নোৱাৰে।পিছত সফল হ'লেও অকলেই কিয় থাকিব আপোনাৰ লগত।যিয়ে পৰিলে খামুচিব নোৱাৰে তেওঁৰ লগত ভৱিষ্যত কেনেকৈ দেখিব? সেয়ে ছোৱালীক কোৱা হয় স্বাৰ্থপৰ কিন্তু কোৱা জনে নাজানে কিয় তেওঁ স্বাৰ্থপৰ।

-



আছে নো কোন ,যাৰ জীৱনৰ গতি ৰেলৰ চিৰি?
প্ৰত্যেক জন মানুহেই অকোঁৱা- পকোঁৱা ,জে‍ং-লতা পাৰহৈ
শীৰ্ষত ৰখেগৈ।

@শব্দমায়া

-



উশাহৰ প্ৰতিটো পলে পলে
তোমাৰ ছাঁয়া ,দেখিও যেন নেদেখা তুমি।
কলিজাৰ ৰঙা তেজে ৰিঙিয়াই মাতে
আশাৰ চানেকি বোৰ দুগুনে বাঢ়ে
প্ৰেম নামৰ সাগৰ খনে চুনামি নমাই
দি যায় মলয়াৰ দুপাখিয়েদি অবুজ বুজনি
তুমি এটা পপীয়া তৰা
দেখিছিলো সিদিনা দুপৰ নিশা,
পলাশে কোবোৱা বতাহত আহি চুই দিছিলা হৃদয় খন জৰ্জৰিত কৰি দি গৈছিলা ঠিকনা তোমাৰ।
নালাগে প্ৰতিশ্ৰুতি, মই নহলে
তুমি জীয়াই নাথাকো বুলি কব,
এইবোৰ সকলো ভুৱা প্ৰতিশ্ৰুতি।
তুমি মাথো কথা দিয়া ছাঁ হৈ
জীৰাব দিবা বুলি।
কথা দিলোঁ,সুখ দুখ প্ৰতিটো সময়ৰ
লগৰী হৈ থাকিম বুলি।

-



কাঁচিয়লি পোহৰৰ এটি চিকমিকনি।
যাৰ পৰশত আন এটা জীৱনে
জীয়াই থাকিবলৈ শিকে।
হাঁহে সিহঁতে
খেলে সিহঁতে।

সাহস পায় দেউতাকৰ দৰে,মৰম পায় মাকৰ দৰে।
অভিমানৰ টোপোলা সি ,
তাককৈয়ো কম নহয় সিঁহতৰ অভিমান।

যৌৱনে গৰকা তাৰ বয়স,
কিন্তু সি পৃথিৱীৰ দেখে সিঁহত কেইটাৰ মৰমত।
ভৰ ৰাতি জোনাকত সি সপোন দেখে
খিলখিলাই খেলি আছে সিঁহতৰ লগত।
যেন কনমানি মাইনাতো সি।

জোনাকৰ দেশত বগায় ফুৰা জোনাকী সি মৰমৰ,
সিঁহতৰ হাঁহিত তাৰ নাচোন প্ৰেৰণাৰ।
আশা মাথোঁ,
সিঁহতি এদিন ডাঙৰ হ'ব
মনুষ্য জাতিৰ দ্বিতীয় নক্ষত্ৰ হ'ব।

সিঁহতিও বুজি পায় তাক
সেয়ে বন্ধু সিঁহত তাৰ।

"সেই অন্তৰ খনেই মোৰ হেঁপাহৰ"
জীৱ-জন্তু ভালপোৱা
বিশাল মনৰ সজাতি সি।





-



तूझे केसै बतायु
दिल में है जजबात
आखौ में है हमदर्दी
कल्पना में है तेरी आने का गम
सिर्फ तेरे लिए

-




যিসকল ছাত্র- ছাত্ৰীৰ "অভিজ্ঞান" ৰ বাবে লেখা সমূহ লেখি সম্পূৰ্ণ হ'ল তেওঁলোকে অতি সোনকালে জমা দিয়া আৰু যি সকলে লেখা নাই লেখিবলৈ আছে তেওঁলোকক অতি শীঘ্ৰে লেখি ১০ জুলাই ভিতৰত আমাৰ উক্ত নম্বৰ তথা ই-মেলত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।।
অসমীয়া বিভাগৰ প্ৰতিজন শিক্ষাৰ্থীয়ে লেখাতো বাধ্যতামূলক আৰু যদি কোনোৱে নিলিখাকৈ থাকে তেওঁলোকৰ ওপৰত বিভাগৰ ফালৰ পৰা ব্যৱস্থা গ্ৰহণ কৰা হ'ব।
তাৰোপৰি তোমালোকৰ লেখা সমূহ কোনো কাকত , আলোচনী,নাইবা চচিয়েল মিডিয়াত প্ৰকাশ হোৱা হ'ব নেলাগিব।


লেখা সমূহ WhatsApp আৰু Email যোগেৰে প্ৰেৰণ কৰিব পাৰিবা।

9365656206 (Uphukan97@gmail.com)

7099355626(gitanjolisaikia1999@gmail.com)

6000706902 ( junmoniborman902@gmail.com)
সম্পাদক
উজ্বল ফুকন
সহ-সম্পাদিকা
‌ গীতাঞ্জলি শইকীয়া,জোনমণি বৰ্মন

-





যিসকল ছাত্র- ছাত্ৰীৰ "অভিজ্ঞান" ৰ বাবে লেখা সমূহ লেখি সম্পূৰ্ণ হ'ল তেওঁলোকে অতি সোনকালে জমা দিয়া আৰু যি সকলে লেখা নাই লেখিবলৈ আছে তেওঁলোকক অতি শীঘ্ৰে লেখি ১০ জুলাই ভিতৰত আমাৰ উক্ত নম্বৰ তথা ই-মেলত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।।
অসমীয়া বিভাগৰ প্ৰতিজন শিক্ষাৰ্থীয়ে লেখাতো বাধ্যতামূলক আৰু
যদি কোনোৱে নিলিখাকৈ থাকে তেওঁলোকৰ ওপৰত বিভাগৰ ফালৰ পৰা ব্যৱস্থা গ্ৰহণ কৰা হ'ব।
তাৰোপৰি তোমালোকৰ লেখা সমূহ কোনো কাকত , আলোচনী,নাইবা চচিয়েল মিডিয়াত প্ৰকাশ হোৱা হ'ব নালাগিব।


লেখা সমূহ WhatsApp আৰু Email যোগেৰে প্ৰেৰণ কৰিব পাৰিবা।

9365656206 (Uphukan97@gmail.com)

7099355626(gitanjolisaikia1999@gmail.com)

6000706902 ( junmoniborman902@gmail.com)


-



গছ জোপা

তোৰ দেহা দেই পুৰি নাযায় নেকি
ইমান ৰʼদ
অথচ কোনোদিন প্ৰকাশ নহয় দেখোন।
ছাঁটোযে ইমান দীঘল !ইমান‌ গম্ভীৰ
বুকুত যদি শূলেও বিন্ধি আছে
মনোবিজ্ঞানীও হাৰ মানি যাব
তত্ত্ব উদঘাটন কৰি।

কʼৰ পৰা এনে সাহস শক্তি
নিজে পিন্ধিব টাপলি মৰা চুৰীয়া
সন্তানক দিব সোণৰ থুৰীয়া।
সংগ্ৰামৰ উপৰি সংগ্ৰাম
যদি হয় সফল সন্তান জীৱনত
গৰ্বৰে পাহৰি যায় জীৱন বাটৰ কাঁয়েটীয়া পৃষ্ঠা।
হয়তো কেতিয়াবা ওলাইয়ো আহে
পাকিস্তান ভাৰতৰ সীমা অতিক্ৰম কৰি
দুচকুৰ মুখলধাৰা।

মৰম যে নেদেখুৱায়ে
কিন্তু মৰম দেখুওৱাই বুকু ফালি দেখুৱাই
আমাৰ প্ৰতি অগাধ স্নেহৰ প্ৰতীক
তেখেতে মাৰি দিয়া অভাৱৰ জোৰা টাপলিবোৰত।
দেউতাৰ মৰম এনেকুৱাই
উপলদ্ধি যদি নাথাকে সি নিচিনে কোনো দিনে জীৱনত
মৰম দেউতাকৰ।।




-


Fetching গীতাঞ্জলি শব্দাৰোহী Quotes